Srimanta Shankardev । মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ

১২ অক্টোৱৰ, গুৱাহাচীঃ Srimanta Shankardev ।

” জয় গুৰু শংকৰ সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম
তোহাৰি চৰণকো ৰেণু শতকোটি
বাৰেক কৰোহো প্ৰণাম।।”
বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমীয়া সাহিত্য, সংস্কৃতিৰ এক প্ৰোজ্জ্বল জ্যোতিষ্ক শংকৰদেৱ গুৰুজনাৰ আৰ্ৱিভাৱ হয় ১৪৪৯ চনত বৰদোৱাত (নগাঁও জিলা)। আৰু তিৰোভাৱ হয় ১৫৬৮ চনত মধুপুৰ সত্ৰ, ভেলাদংগা (কোচবিহাৰ)।
তেৰাৰ জন্ম সম্পৰ্কে ভিন্ন মতো পোৱা যায়।
“বাঁহী” কাকতত প্ৰকাশ হোৱানুসৰি গুৰুচৰিত পুথিত আছে যে ১৩২১ শকৰ কাতিৰ সংক্ৰান্তিৰ অমাৱস্যা তিথিত বৃহস্পতি বাৰে মাজনিশা গুৰুজনাৰ জন্ম হয়। কোনো কোনোৰ মতে আকৌ ১৩৭১ শকৰ আহিন মাহৰ পাঁচদিন যোৱাত শুক্লা দশমী তিথিত শুক্ৰবাৰে নিশা তেখেতৰ জন্ম হৈছিল। সন্তৰাম দৈৱগ্যৰ নিৰ্ণয় মতে মহাপুৰুষ শংকৰদেৱৰ ধনু ৰাশি, দেৱ গণ ,ৰোহিণী নক্ষত্ৰ আৰু মাহেন্দ্ৰ যোগত জন্ম হৈছিল।
তেওঁৰ প্ৰকাশ্য নাম শঙ্কৰ, গুপ্ত নাম গঙ্গাধৰ। দৈত্যাৰি ঠাকুৰৰ পুথিত উল্লেখ আছে যে…
“শঙ্কৰৰ বৰত পুত্ৰক লভিলন্ত।
এতেকে শঙ্কৰবৰ নামক থৈলন্ত
গুপ্তনাম তাৰ থৈলন্ত গঙ্গাধৰ।।”


তেৰাৰ দহটা নাম- শঙ্কৰ, গঙ্গাধৰ, মহাপুৰুষ, ডেকাগিৰি, অধিকাৰী, সন্ত, মহন্ত, আতা, গোমস্তা, জগন্নাথ। শংকৰদেৱ গুৰুজনাক ডেকাগিৰি বুলিও মতা হৈছিল। তেৰাৰ পিতৃ আছিল শিৰোমণি কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা আই। পিতৃ মাতৃৰ বিয়োগৰ পিছত বুঢ়ীমাক খেৰসূতীয়ে তেৰাক তুলি তালি ডাঙৰ দীঘল কৰে। শংকৰদেৱৰ দুগৰাকী পত্নী আছিল সূৰ্যৱতী আৰু কালিন্দী আই। প্ৰথম গৰাকী পত্নীৰ ফালৰ পৰা তেখেতৰ এগৰাকী কন্যা সন্তানে জন্ম গ্ৰহণ কৰে নাম মনু। মনুৱে জন্ম হোৱাৰ পিছতেই মাতৃৰ বিয়োগ হয়। সূৰ্যৱতীৰ বিয়োগত গুৰুজনা বৰ মৰ্মাহত হৈছিল। পত্নীক হেৰুৱাৰ পিছত তেৰাই তীৰ্থ ভ্ৰমণলৈ যায়। তেখেতে দুবাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল। প্ৰথম বাৰৰ ভ্ৰমণকাল ১২ বছৰ আছিল। তাৰ পৰা উভতি আহি বুঢ়ীমাক খেৰসূতীৰ আগ্ৰহতেই কালিন্দী আইক বিয়া কৰাব লগা হয়। সেই সময়ত গুৰুজনাৰ বুঢ়ীমাকে টান নৰিয়াত পৰিছিল। বংশ ৰক্ষাৰ্থে সকলোৱে শংকৰদেৱক বিয়াত বহিবলৈ অনুৰোধ কৰিছিল। শংকৰদেৱে বাল্যকালত লগ সমনীয়াৰ লগত বহু ডাঙৰলৈ ধিতিঙালি কৰি ফুৰিছিল। যেতিয়া তেৰাই লৰি-ঢাপৰি ফুৰিব পৰা হৈছিল , গোটেই দিনটো লগৰীয়াৰ সৈতে ৰং-ধেমালি কৰাৰ বাহিৰে অন্য একো কাম নাছিল। কেতিয়াবা ঘিলা, কেতিয়াবা কোটোৰা, কেতিয়াবা ভটা খেলিছিল আৰু কেতিয়াবা‍ বিৰিণা বনৰ মাজত সোমাই লুকা-ভাকু কুক-ভা খেলিছিল। সেইবাবে খঙতে বুঢ়ীমাক খেৰসূতীয়ে তেৰাৰ ভৱিষ্যত জীৱনৰ মংগলাৰ্থে ১২ বছৰ বয়সত শিক্ষা জীৱনৰ আৰম্ভণিৰ বাবে গুৰু মাধৱ কন্দলিৰ শৰণাপন্ন হয় আৰু শংকৰদেৱে শিক্ষা গ্ৰহণ কৰে মাধৱ কন্দলিৰ টোলত। শংকৰদেৱৰ সৰু কালত কিছুমান অলৌকিক ঘটনা ঘটিছিল। এদিন শংকৰদেৱে শয্যাত শুই থাকোঁতে চকৰি-ফেটীসাপ এটাই ফনা তুলি তেৰাৰ মূৰৰ ওপৰত ছাতিৰ দৰে ছাঁ দি আছিল।

তাকে দেখি ধাইমাকে দৌৰি গৈ বুঢ়ীমাক খেৰসূতিক কোৱাত তেওঁ আহি শংকৰক সাৱটি ধৰিছিল। তাৰ পিছত সাপডাল গুছি গৈছিল। শংকৰে ষাঁড় গৰুৰ শিঙত ধৰি বগৰাই দিছিল। ভাদ মহীয়া ভৰা লুইত সাঁতুৰি ইপাৰ সিপাৰ হৈছিল। ব্ৰহ্মপুত্ৰ নদীত বুৰ মাৰি পানীৰ তলত বহুত সময় ধৰি আছিল। পানীৰ তলৰ পৰা শংকৰদেৱে বহু পৰলৈকে নোলোৱা দেখি লগৰীয়াবিলাকে কান্দিবলৈ ধৰাত তেওঁ পানীৰ পৰা ওলাই আহিছিল। আকৌ এদিন তেওঁ লগৰীয়াবিলাকৰ সৈতে বনলৈ গৈ তাৰ পৰা পহু পোৱালি এটা ধৰি আনিছিল । অলপ সময় তাৰ সৈতে খেলি আকৌ তাক বনত এৰি দিছিল। অইন এদিন শংকৰে লগৰীয়া বোৰৰ সৈতে ব্ৰহ্মপুত্ৰৰ পাৰত উমলি থাকোঁতে দেখিছিল যে এটা শিহুৱে পানীত বুৰ মাৰি উজাই গৈ আছে। শংকৰে সেই শিহুটোৰ সৈতে সাঁতুৰি গৈ তাক ধৰি আনি লগৰীয়া বোৰক দেখুৱাই আকৌ পানীত এৰি দিছিল। শংকৰৰ দহবছৰ বয়স হওতে তেওঁলোকৰ ঘৰত এটা ডাঙৰ সাপ সোমাইছিল। সাপটো দেখি বুঢ়ীমাক আৰু ধাইমাক চন্দৰীৰ চুলিৰ আগে জীৱ গৈছিল। শংকৰে সাপটো নেগুৰত ধৰি একেচোঁচাই টানি নি তাক চোতাল পোৱালেগৈ আৰু মূৰৰ ওপৰলৈ তুলি ঘূৰাই ঘূৰাই দূৰলৈ দলিয়াই মাৰি পেলাইছিল। শিক্ষা গ্ৰহণৰ সময়ত বৰ্ণমালা পঢ়ি শেষ কৰিয়েই গুৰুজনাই আ কাৰ ইকাৰ নোহোৱাকৈয়ে “কৰতল কমল কমলদল নয়ন” কবিতাটি লিখি গুৰুক দেখুৱায়।
“কৰতল কমল কমল দল নয়ন ।
ভৱ দৱ দহন গহন বন শয়ন ॥
নপৰ নপৰ পৰ সতৰত গময় ।
সভয় মভয় ভয় মমহৰ সততয় ॥
খৰতৰ বৰ শৰ হত দশবদন ।
খগচৰ নগধৰ ফণধৰ শয়ন ॥
জগদঘ মপ হৰ ভৱভয় তৰণ ।
পৰপদ লয় কৰ কমলজ নয়ন ॥”
তেওঁ শংকৰৰ প্ৰতিভা দেখি তৱধ মানে। আৰু শংকৰ যে কালক্ৰমত গৈ এজন মহাজ্ঞানী পুৰুষ হ’বগৈ তাক অনুমান কৰিব পাৰিছিল। আ কাৰ ই কাৰ নোহোৱাকৈ অথচ ভগৱানৰ গুণগৰিমাৰে পুষ্ট উপৰোক্ত কবিতাটি পঢ়ি গুৰু মহেন্দ্ৰ কন্দলিয়ে শংকৰদেৱৰ অসাধাৰণ প্ৰতিভাৰ উমান পাইছিল (প্ৰায় ৫৪০ বছৰৰ পূৰ্বে ৰচিত এই কবিতাটি অসমীয়া ভাষাৰ আ কাৰ ই কাৰবিহীন একমাত্ৰ কবিতা ৰূপে সৰ্বজন সমাদৃত হৈ আছে)। এই কবিতাটি পঢ়ি উঠাৰ পিছতেই গুৰু কন্দলিয়ে শংকৰৰ নামৰ পিছত “দেৱ” নাম লগ লগাই দিয়ে। অৰ্থাৎ তেতিয়াৰ পৰা শংকৰ “শংকৰদেৱ” হৈ পৰে। গুৰুসকলে শংকৰক এবাৰ কোনো এটা পাঠ শিকাই দিলে দুবাৰ সেইপাঠ তেওঁক শিকাবলগীয়া নহৈছিল। শাস্ত্ৰবিদ্যাৰ সোৱাদ পোৱাৰ পিছত শংকৰদেৱে দিনে ৰাতিয়ে একাণপতীয়াকৈ শাস্ত্ৰ চৰ্চা আৰু শাস্ত্ৰালাপৰ বাহিৰে আন কথাত সময় ব্যতিত কৰাৰ পৰা বিৰত আছিল। শংকৰদেৱে প্ৰায় সাতবছৰ কাল গুৰুগৃহত শাস্ত্ৰ অধ্যয়ন কৰিছিল। এই শাস্ত্ৰসমূহ অধ্যয়ন কৰি, বিজ্ঞ পণ্ডিত সকলোৰে সৈতে আলোচনাত অংশ গ্ৰহণ কৰি ”বিশাৰদ” উপাধি লয়।
শিক্ষা সাং কৰি উঠি পঢ়াশালিৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত গুৰুজনাৰ আত্মীয়সকলে তেওঁক ভূঞা বংশৰ “শিৰোমণি ভূঞাৰ” দায়িত্ব অৰ্পণ কৰিছিল। তেৰাই অতি দক্ষতাৰে শিৰোমণি ভূঞাৰ দায়িত্ব পালন কৰা দেখি আত্মীয় আৰু ৰাইজে তেওঁক “ডেকাগিৰি” উপাধিৰে সন্মানিত কৰিছিল। বিদ্যা সাং কৰি তেৰাই, যোগশাস্ত্ৰ অধ্যয়নৰ লগতেই যোগাভ্যাস কৰি সেই বিদ্যাটো নিপুন হৈ পৰিছিল। আৰু কুম্ভক যোগ অভ্যাস কৰি প্ৰাণ, অপান আদি বায়ু বশ কৰি লোকক তেওঁৰ যোগৰ ক্ষমতা দেখুৱাই অবাক কৰিছিল।
মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেখেতে সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেৰাই যি বিস্ময়কৰ অৱদান আগবঢ়াই থৈ গ’ল, তাৰ বাবে তেখেতক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।


মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বাৰ বছৰ বয়সতে “কৰতল কমল কমল দল নয়ন” কবিতাৰে শাব্দিক যাত্ৰাৰ আৰম্ভ কৰি জীৱনৰ প্ৰায় শেষ বয়সত ৰচনা কৰা “ৰাম বিজয়” নাটৰ সময়লৈকে প্ৰায় এশবছৰৰো অধিক কাল সাহিত্য চৰ্চা কৰা সাহিত্যিক আমাৰ অসমতেই নহয়, সমগ্ৰ ভাৰতবৰ্ষ তথা পৃথিৱীতেই তেনে প্ৰতিভাৰ উপস্থিতি বিৰল। অসমীয়া জাতি তথা মানৱ সত্ত্বাৰ মংগলাৰ্থে তেৰাই কেৱল মানুহৰ মনত ভক্তি ভাৱৰ সঞ্চাৰ কৰি সামাজিক উত্তৰণৰ আশা কৰিয়েই সকলোৰে বোধগম্য হোৱাকৈ ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰি প্ৰায়বোৰ শাস্ত্ৰ লিখি উলিয়াই গীত মাত বাদ্য ভাওনা নৃত্য-নাটিকা আদি প্ৰকাশ আৰু প্ৰচাৰ কৰিছিল।
প্ৰথমবাৰ তীৰ্থ ভ্ৰমণ কৰোঁতে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ লগত সম্পৰ্কিত প্ৰায়বোৰ স্থান ভ্ৰমণ কৰি ভক্তিৰসেৰে আপ্লুত হৈ শঙ্কৰদেৱে নিজৰ চিন্তাধাৰা আৰু দৃষ্টিভংগীক বিস্তৃত আৰু গভীৰ কৰি তুলিলে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ কৃষ্টি-সংস্কৃতিৰ মুকুতা বুটলি নিজ মাতৃভূমিত এক নতুন ধৰ্ম-সংস্কৃতিৰ বীজ ৰোপণ কৰাৰ মানসেৰে বাৰ বছৰৰ মূৰত বিস্তৃত ভ্ৰমণসূচী সামৰি সংগীসকলৰ সৈতে ১৪১৫ শকত (১৮৯৩ খ্ৰী:) নিজ গৃহলৈ ঘূৰি আহিল। শঙ্কৰদেৱে তীৰ্থ ভ্ৰমণ কৰাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত ভক্তি আন্দোলনৰ ঢৌৱে ঢৌৱাই গৈছিল। তেওঁ ভক্তি আন্দোলনৰ মতবাদৰ সৰলতা আৰু কাৰ্যকাৰিতাত অতিকৈ মুগ্ধ হৈছিল।

নিজৰ ৰাজ্যৰ মানুহখিনিৰ মাজত এই সহজ-সৰল ধৰ্মীয় মতবাদ প্ৰচাৰৰ বাবে শঙ্কৰদেৱৰ মনত হাবিয়াস জন্মে। সেই সময়ত অসম ৰাজ্যখনত বিভিন্ন ধৰ্মীয় মতবাদ প্ৰচলিত আছিল। ভগৱানক উপাসনা কৰাৰ কোনো নিৰ্দিষ্ট পদ্ধতি নাছিল। অসংখ্য দেৱ-দেৱীৰ পূজা, বৃক্ষ পূজা, শিল পূজা, সৰ্প পূজা, ডাঙৰীয়া পূজা, প্ৰকৃতি পূজা আদি জনসাধাৰণৰ মাজত ব্যাপকভাৱে প্ৰচলিত আছিল। দেৱ-দেৱীৰ সন্তুষ্টিৰ অৰ্থে মানুহে বিগ্ৰহৰ আগত পশু বলি দিছিল। আনকি নৰবলি পৰ্য্যন্ত চলিছিল। ধৰ্মীয় আচাৰ-বিধিবোৰ সাধাৰণতে সহজ নাছিল। শঙ্কৰদেৱৰ মনত একান্ত বিশ্বাস জন্মিছিল যে ভক্তিধৰ্মই ভিন্‌ ভিন্‌ ধৰ্মীয় বিশ্বাসৰ মানুহবোৰক একগোট কৰিব পাৰিব বা একগোট কৰি ৰাখিব পাৰিব। সকলো লোককে এটি মাথোন ধৰ্মীয় বিশ্বাসৰ অধীনলৈ আনিবলৈ এই ভক্তিধৰ্মই হ’ব সৰ্বোত্তম পন্থা। এনে ব্যৱস্থাত উচ্চ-নীচ, ধনী-দুখীয়াৰ প্ৰভেদ নাথাকিব। ধৰ্মীয় অনুষ্ঠানত কোনো জাকজমকতা আৰু ব্যয়বহুলতা নাথাকিব। তীৰ্থ ভ্ৰমণ কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু ঈশ্বৰ ভক্তি তত্ত্বৰ পৰম জ্ঞানেৰে সমৃদ্ধ হৈ সৰ্বসাধাৰণ মানুহখিনিৰ মাজত নামধৰ্ম প্ৰচাৰ কৰি মানুহক মোক্ষ লাভৰ সহজ পথৰ সন্ধান দিছিল। ভাগৱতৰ ভক্তি আৰু গীতাৰ একশৰণ একত্ৰ কৰি তেওঁ অসমত “এক শৰণ ভাগৱতী বৈষ্ণৱ নামধৰ্মৰ” খুঁটি পুতিছিল। বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বময় কৰ্তা ভগৱান এজন আৰু তেৱেই হৈছে পৰমেশ্বৰ বিষ্ণু। এইজনাৰ নাম ল’লেই জগতৰ সকলো দুখ-যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব পৰি; সেয়ে আমি এইজনা সৰ্বশক্তিমান ভগৱানৰ চৰণত শৰণ ল’ব লাগে। শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মই হৈছে চমুকৈ একশৰণ নামধৰ্ম। ইয়াক নৱবৈষ্ণৱ ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বুলিও কোৱা হয়।

শঙ্কৰদেৱে প্ৰচাৰ কৰা এই ধৰ্মৰ মূল আধাৰ হ’ল ”দ্বাদশ স্কন্ধ ভাগৱত” গ্ৰন্থ। এই ধৰ্মমতত ক্ৰিয়াকাণ্ডৰ ব্যয়বহুলতা, বলি-বিধান, যাগ-যজ্ঞ, পূজা-পাতল, মূৰ্তি-উপাসনা অদি নাই। কেৱল “একদেৱ, একসেৱ এক বিনে নাই কেৱ”। অৰ্থাৎ‌ কায়মন বাক্যে হৰিৰ নাম শ্ৰৱণ-কীৰ্তন কৰা। শংকৰদেৱে সৃষ্টিকৰ্তা ভগৱান বিষ্ণুৰ মহান গুণৰাজি জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ এক অভিনৱ নাট্যাভিনয়ৰ আয়োজন কৰিছিল। সেই নাট্যাভিনয়ক কোৱা হৈছিল চিহ্ন-যাত্ৰা (চিহ্ন=চিত্ৰ, যাত্ৰা= নাটক)। এনেদৰেই অসমত নাট্যকলাৰ জন্ম হয় গুৰুজনাৰ হাতত। গুৰুগৃহত থাকি অধ্যয়ন কৰোঁতে লাভ কৰা নাটকৰ জ্ঞান আৰু তীৰ্থভ্ৰমণ কালত লাভ কৰা অভিজ্ঞতাক ভেঁটি কৰি শংকৰদেৱে ”চিহ্ন” নামৰ নাট এখনি লিখি তাক “যাত্ৰা” হিচাবে অভিনয় কৰে। সেয়ে “চিহ্ন-যাত্ৰা”। শংকৰদেৱৰ নাট্য প্ৰতিভাৰ প্ৰথম স্বাক্ষৰ পোৱা যায় “চিহ্ন-যাত্ৰাত”। সংলাপহীন এই নাটকখনিৰ অভিনয় বৰদোৱাত চাৰিদিন সাতৰাতি হৈছিল বুলি কথিত আছে। নৃত্য-গীত আৰু চৰিত্ৰৰ সমাবেশেৰে ই ৰাইজক চমত্‌কৃত কৰিছিল। “চিহ্ন-যাত্ৰাৰ” ৰচনাকাল ১৪৬৮ খ্ৰীষ্টাব্দ বুলি জনা যায়।
শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীসমূহ:
কাব্য গ্ৰন্থ : হৰিশ্চন্দ্ৰ উপাখ্যান, গজেন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিছলন কাব্য, অমৃত মন্থন, কুৰুক্ষেত্ৰ (দশম স্কন্ধ)।
নাট: পত্নী প্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিনী হৰণ, পাৰিজাত হৰণ, আৰু ৰাম-বিজয় নাট।
ভক্তিতত্ত্বমূলক ৰচনা: ভক্তিপ্ৰদীপ অনাদি পাতন, ভক্তি ৰত্নাকৰ আৰু নিমি-নৱ-সিদ্ধ সংবাদ।
গীত: বৰগীত, ভটিমা, তোটয়, চপয়।
অনুবাদ ৰচনা: ভাগৱত পুৰাণৰ অজামিল উপাখ্যান, অমৃত মন্থন, বলিছলন, ১০ম, ১১শ আৰু ১২শ স্কন্ধ, ৰামায়নৰ উত্তৰাকাণ্ড।
নাম প্ৰসঙ্গৰ শাস্ত্ৰ: কীৰ্তন আৰু গুণমালা।
অন্যান্য আধ্যাত্মিক কৃষ্টিমূলক উদ্ভাৱন: মৃদং, খোল, বৰ তাল (ভোৰ তাল), ডবা, নাগাৰা, ভাওনা, বৰ সবাহ আৰু নামঘৰ, সত্ৰ।
কৃষ্ণ, জয় গুৰু শংকৰ।
“শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনাই নাই নাই নাই
আমাৰ পৰম গুৰু।”

সংগীতা ডেকা

Related Articles