NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

মুম্বাই, ১৩ অক্টোবৰ: শনিবাৰে সন্ধিয়া মুম্বাইৰ উপনগৰ অঞ্চল বান্দ্ৰাত অজিত-পাৱাৰ নেতৃত্বাধীন এন চি পি দলৰ(Nationalist Congress Party) নেতা তথা তিনিবাৰৰ বিধায়ক বাবা ছিদ্দিকীক আততায়ীয়ে গুলীয়াই হত্যা কৰে(NCP Leader Baba Siddique Shot Dead)।

দুটাকৈ গুলীয়ে বুকুত আঘাত কৰা বাবা ছিদ্দিকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে মুম্বাইৰ লীলাৱতী চিকিৎসালয়লৈ(Lilavati Hospital) নিয়া হয় যদিও কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু ঘটে।

লিলাৱতী হাস্পতালৰ চিকিৎসক ডাঃ জলিল পাৰ্কাৰে কলে, “নিশা প্ৰায় ৯.৩০ বজাত বাবা ছিদ্দিকক চিকিৎসালয়লৈ অনা হৈছিল যদিও নিশা প্ৰায় ১১.২৭ বজাত তেওঁক মৃত ঘোষণা কৰা হয়। তেওঁৰ বুকুত গুলীৰ আঘাত আছিল।” চিকিৎসালয়খনৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ নীতিন গোখলেই মৰণোত্তৰ পৰীক্ষাৰ পিছতহে কেইটাকৈ গুলীৰ দ্বাৰা তেওঁ আঘাতপ্ৰাপ্ত হৈছিল সেইয়া নিশ্চিত হ’ব পৰা যাব বুলি জানিবলৈ দিয়ে।

ইফালে এন চি পিৰ নেতাজনৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ দুজনক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে। অতিৰিক্ত আৰক্ষী আয়ুক্ত পৰমজিৎ সিং দহিয়াই সাংবাদিকৰ আগত কয় যে, “নিশা প্ৰায় ৯:৩০ বজাত নিৰ্মল নগৰত এই ঘটনাটো সংঘটিত হৈছিল। ঘটনাটো সংঘটিত হোৱাৰ পিছতেই বাবা ছিদ্দিকক ততাতৈয়াকৈ লীলাৱতী চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। ঘটনাটোৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে দুজন লোকক আটক কৰা হৈছে ।তাৰোপৰি আক্ৰমণৰ এই ঘটনাটোক লৈ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে তদন্ত অব্যাহত ৰাখিছে।” লগতে এই অপৰাধত ব্যৱহৃত ৯.৯ এম এমৰ এটা পিষ্টল উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

অহা মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকা ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ এতিয়া বিৰোধীও হৈ পৰিছে সৰব । শনিবাৰে এন চি পিৰ নেতাজনৰ হত্যাৰ এই ঘটনাক কংগ্ৰেছ দলে গৰিহনা দিয়াৰ লগতে একনাথ সিন্দে নেতৃত্বাধীন চৰকাৰখনক কৰিছে তীব্ৰ সমালোচনা । মহাৰাষ্ট্ৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি এই ঘটনাৰ নিকা তথা উচিত তদন্তৰ দাবী জনায়।

উল্লেখ্য যে, বান্দ্ৰা ইষ্টক প্ৰতিনিধিত্ব কৰি তিনিবাৰকৈ বিধায়কৰ হোৱাৰ লগতে মহাৰাষ্ট্ৰৰ এগৰাকী প্ৰাক্তন মন্ত্ৰীও আছিল বাবা ছিদ্দিক । শেহতীয়াকৈ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি চলিত বৰ্ষৰ আৰম্ভণিতে এন চি পিৰ অজিত পাৱাৰৰ ফৈদত(Ajit-Pawar-led NCP) যোগদান কৰিছিল বাবা ছিদ্দিকে ।

Related Articles