Guru Avirbhav Mahotsav in Kaliabor: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ গুৰুজয়ন্তী মহোৎসৱত মন্ত্ৰী কেশৱ মহন্ত

কলিয়াবৰ, ১৩ অক্টোবৰ: কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ উদ্যোগত আৰু শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত দুদিনীয়াকৈ অনুষ্ঠিত ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ শনিবাৰে সামৰণী পৰে (Guru Avirbhav Mahotsav in Kaliabor)। দ্বিতীয় দিনৰ অন্তিম কাৰ্যসূচীত শ্ৰীশ্ৰীকৰতিপাৰ পুৰণি সত্ৰৰ প্ৰয়াত পূজ্যপাদ সত্ৰাধিকাৰ ৰুদ্ৰকান্ত গোস্বামী কৃত ‘দ্ৰৌপদীৰ সয়ম্বৰ’ ভাওনাত উপস্থিত থাকি গুৰুজনাৰ অৱদানক সশ্ৰদ্ধ সোঁৱৰণ কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকাসত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই(Assam Minister Keshab Mahanta)। মন্ত্ৰী মহন্তই অসমৰ জাতীয় জীৱনক চহকী কৰি থৈ যোৱা ক্ষণজন্মা মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱক স্মৰণ কৰি তেৰাৰ অনবদ্য অৱদানসমূহ চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰ সমাজক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাই।

কলিয়াবৰৰ শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ‘দ্ৰৌপদীৰ সয়ম্বৰ’ ভাওনাৰ(Draupadi Swayamvar bhaona) প্ৰাকক্ষণত ভাওনাৰ কলা-কুশলী আৰু অনুষ্ঠানৰ উদ্যোক্তাসকলক উদ্দেশ্যি দিয়া শুভেচ্ছামূলক বাৰ্তাত কয় – ১৯১৫ চনতে স্থাপিত হোৱা সন্ত সন্মিলনীৰ যোগেদি শ্ৰীমন্তশঙ্কৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ অৱদানৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰসাৰ হৈ থকাৰ সময়তে ১৯৪৫ চনত কলিয়াবলতে অসম সত্ৰ সংঘৰ প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী কালত অসম সত্ৰ মহাসভা নামেৰে গুৰু দুজনাৰ কৃষ্টি-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যত ব্ৰতী হৈ আছে(Importance of Sattriya Culture)। কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সত্ৰীয়া কৃষ্টি-সংস্কৃতিক আগবঢ়াই লৈ যোৱা সকলো পদক্ষেপতে কলিয়াবৰীয়া এগৰাকী সত্ৰীয়া হিচাপে আগলৈও সহায়-সহযোগিতাৰে সেৱা ধৰি যাব বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে।

এই অনুষ্ঠানতে কলিয়াবৰৰ শ্ৰীশ্ৰীবাকৰীয়াল সত্ৰৰ সত্ৰাধিকাৰ, শিক্ষাসেৱী প্ৰভাত চন্দ্ৰ গোস্বামী আৰু শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ পৰিচালক সত্ৰীয়া ফটিক ভঁৰালীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ নেতা দিপ্লুৰঞ্জন শৰ্মায়ো ভাওনা অনুষ্ঠানত উপস্থিত থাকি গুৰুজনাই অসমীয়া সমাজলৈ আগবঢ়োৱা মহান অৱদানক স্মৰণ কৰে।

উল্লেখযোগ্য যে, কলিয়াবৰ জিলা সত্ৰ মহাসভাই কলিয়াবৰৰ শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰৰ ব্যৱস্থাপনাত ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰিছিল । কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ অন্তৰ্গত সত্ৰীয়া কৃষ্টি কেন্দ্ৰ, সতী ৰাধিকা মহিলা তীৰ্থ আৰু সমন্বিত যুৱতীৰ্থ কলিয়াবৰ জিলা সমিতিৰ প্ৰত্যক্ষ সহযোগত ১১ আৰু ১২ অক্টোবৰ, ২০২৪ তাৰিখে দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে শ্ৰীশ্ৰীজখলাবন্ধা সত্ৰত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৰ ৫৭৬ সংখ্যক গুৰু আৱিৰ্ভাৱ মহোৎসৱৰ শনিবাৰে নিশা সামৰণি পৰে।

প্ৰমদিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা ২৪ আহিন, ১১ অক্টোবৰ, শুক্ৰবাৰৰ প্ৰথম দিনা বৰগীত প্ৰতিযোগিতাৰ সম্পন্ন হয় । শনিবাৰে ২৫ আহিন, ১২ অক্টোবৰ, শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে দ্বিতীয় দিনৰ কাৰ্যসুচীৰ শুভাৰম্ভণি কৰে কলিয়াবৰ জিলা সত্ৰ মহাসভাৰ সভাপতি শ্ৰীশ্ৰী বগাজন সত্ৰৰ সত্ৰাধিকাৰ কৈলাশ গোস্বামীয়ে। ধৰ্মধ্বজা উত্তোলনৰ পিছতেই বিশিষ্ট শিক্ষাসেৱী প্ৰয়াত অৰবিন্দ বৰগোহাঞি সোঁৱৰণী স্থায়ী তোৰণ উন্মোচন কৰে শ্ৰীশ্ৰীবালি সত্ৰৰ ডেকা সত্ৰীয়া তথা অসম সত্ৰ মহাসভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মণিমাধৱ মহন্তই । সত্ৰৰ নামঘৰত আইসকলৰ নামৰ পিছতেই ডেৰপৰীয়া প্ৰসংগৰে দিনৰ কাৰ্যসূচীৰ সামৰণি পৰে ।

Related Articles