Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ

Satpara Durga Puja Samiti : মিৰ্জাত ৮০ৰ উৰ্দ্ধৰ ১৭ বিশিষ্ট নাগৰিকক নিমগছৰ পুলিৰে সম্বৰ্দ্ধনা সাতপাৰা দুৰ্গা পূজা সমিতিৰ কামৰূপ জিলাৰ মিৰ্জাৰ সাতপাৰা ৰাইজ গয়ৰহৰ সৌজন্যত আয়োজিত সাতপাৰা দুৰ্গা পূজা সমিতিৰ তৰফৰ পৰা পূজা সমিতিৰ সৈতে জৰিত ৮০ৰ‌ উৰ্দ্ধৰ ১৭জন বিশিষ্ট নাগৰিক কালি নিশা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

এই উপলক্ষে সমিতিৰ সভাপতি কনক কাকতিৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়।‌

সভাত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা জ্যেষ্ঠ সাংবাদিক‌ দীপক শৰ্মাই কয়- “সাতপাৰা ৰাইজ গয়ৰহৰ পূজাৰ চিন্তা সুদূৰ প্ৰসাৰী। তেওঁলোকে জ্যেষ্ঠজনক সন্মান কৰিব জানে।

আনক সন্মান কৰিলে নিজেও সন্মান পায়। জ্যেষ্ঠজনৰ প্ৰতি আমি যথোচিত শ্ৰদ্ধা-সন্মান কৰিব লাগে। বোধহয়, সাতপাৰা দুৰ্গা পূজা সমিতিৰ দৰে এই ইতিবাচক অনুষ্ঠান অইন কোনো ঠাইতে হোৱা নাই।”

সভাত পূজা সমিতিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসৰ লগতে কাৰ্যকৰী সভাপতি দুলাল দাস, উপ-সভাপতি পংকজ দেৱান, বীৰেণ শৰ্মা, প্ৰবীণ দাস, কোষাধ্যক্ষ বলেন শৰ্মা, বৰতীয়া ডিম্বেশ্বৰ শৰ্মা, সহঃসম্পাদক সঞ্জীৱ কুমাৰ দাস, পুলক গোস্বামী, যাদৱ দাস প্ৰকৃতিয়ে নিজৰ নিজৰ মতামত দাঙি ধৰে।

অনুষ্ঠানত ‌সৰপাৰাৰ‌ ভূৱন মজুমদাৰ, অমৃত দেৱান, চবিন ডেকা, নগেন্দ্ৰ চন্দ্ৰ কাকতি, সত্য কুমাৰ দাস, প্ৰভাত ডেকা, নৰেন দাস, ৰামেশ্বৰ কলিতা, কোছপাৰাৰ উপেন চন্দ্ৰ শৰ্মা, তাৰিণী চৰণ শৰ্মা, বসুদত্ত শৰ্মা, প্ৰভাত শৰ্মা, গৌৰীকান্ত গোস্বামী, বটিয়াপাৰাৰ কমলেশ্বৰ দাস, ৰত্নেশ্বৰ দাস, গোপাল দাস, প্ৰতীমা দাতা হিতেশ কলিতাক নিম গছৰ পুলি, গামোচা, মানপত্ৰ আদিৰে সন্মানিত কৰে। সাতপাৰা ৰাইজ পূজা সমিতিৰ এই প্ৰচেষ্টাক ভিন-ভিন প্ৰান্তৰ লোকসকলে ভূয়সী প্ৰশংসা কৰে।

Related Articles