Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন

গুৱাহাটী, ১৪ অক্টোবৰ : দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উপ-নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। অচিৰেই ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে ঘোষণা হ’ব পাৰে অসমৰ লগতে আন ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ তাৰিখ৷ বিহালী আৰু ধলাইৰ বাবে তিনিজনীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে। চামগুৰিৰ বাবে প্ৰস্তুত কৰিছে দুজনীয়া পেনেল। (Assam BJP)


উল্লেখযোগ্যে যে পাঁচটা সমষ্টিৰ অন্যতম চিদলী-চিৰাং আৰু বঙাইগাঁও UPPL, অগপক গতোৱা বিজেপিয়ে বিহালী, ধলাই, চামগুৰিত প্ৰক্ষেপ কৰিব নিজা প্ৰাৰ্থী ৷ দেওবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নিৰ্বাচন সমিতিৰ বৈঠকত সাংগঠনিক দিশৰ বিশদ বিশ্লেষণ কৰি ধলাইৰ বাবে তিনিজনীয়া, বিহালীৰ বাবে তিনিজনীয়া আৰু চামগুৰিৰ বাবে দুজনীয়া প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে বিজেপিয়ে ৷দলটোৱে এইক্ষেত্ৰত ধলাইৰ বাবে পেনেলত ৰাখিছে অমিয়কান্তি দাস, নিহাৰ ৰঞ্জন দাস, স্বপন শুক্লবৈদ্যৰ নাম।

Related Articles