Durga Puja 2024: শাৰদীয় দুৰ্গোৎসৱৰ মাজত শোণিতপুৰত সংঘটিত হৈছে ৬৬টা পথ দুৰ্ঘটনা

তেজপুৰ,১৪অক্টোবৰ:শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ মাজতে এইবেলি শোণিতপুৰত একাংশ উদণ্ড অতপালিত সংঘটিত হোৱা কেবাটাও পথ দুৰ্ঘটনাত একাধিক লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছে ৬০ৰ অধিক লোক৷ উল্লেখ্য যে,কালি তেজপুৰৰ পৰ্বতীয়াৰ কৌশিকপুৰত এদল উদণ্ড মটৰচাইকেল চালকৰ অতপালিৰ ফলত পূজাৰ বিসৰ্জন দৰ্শনৰে সপত্নীক ঘৰলৈ উভতি অহা দীপৰঞ্জন বৰা নামৰ লোকজনক মহতিয়াই নিয়ে এদল উদণ্ড মটৰচাইকেল চালকে ৷ (Durga puja 2024)

ঘটনাৰ বিৱৰণী অনুসৰি,পৰিয়াল সহ বিসৰ্জনৰ পৰা কৌশিকপুৰৰ নিজা ঘৰলৈ উভতি অহা দীপৰঞ্জন বৰা নিজা ঘৰৰ চৌহদত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে নিজৰ মাজতে মটৰচাইকেল ৰেচিং প্ৰতিযোগিতাত নমা এদল উদণ্ড মটৰচাইকেল চালকৰ অতপালিৰ বাবেই নিজা ঘৰৰ সন্মুখতে বিবাহিত যুৱকজনক মহতিয়াই নিয়ে৷গুৰুতৰ ভাবে আহত দীপৰঞ্জনক ততাতৈয়াকৈ তেজপুৰৰ নেমকেয়াৰ হাস্পতাললৈ নিয়া হয় যদিও তেওঁক সংকটজনক অৱস্থাত গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়৷প্ৰনিধানযোগ্য যে,বৰ্তমান দীপৰঞ্জন সংকটজনক অৱস্থাত গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷

এই ঘটনাকলৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ যুৱকজন এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বিপৰীতে উদণ্ড মটৰচাইকেল চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ৰাইজে এইদৰে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে নিৰীহৰ জীৱনলৈ বিপৰ্যয় কঢ়িয়াই অনা উদণ্ড মটৰচাইকেল চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শোণিতপুৰ আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে ৷ ইপিনে এইবেলি শাৰদীয় দুৰ্গোৎসৱৰ সময়ত শোণিতপুৰত মুঠ ৬৬টা পথ দুৰ্ঘটনা সংঘটিত হৈছে৷অবিভক্ত শোণিতপুৰত ৮ অক্টোবৰত ৫ টা,৯ অক্টোবৰত ৮টা,১০অক্টোবৰত ১০টা,১১অক্টোবৰত ১৪টা,১২অক্টোবৰত ২১টা আৰু ১৩অক্টোবৰত ৮টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য গ্ৰীণ হেল্থ ১০৮এম্বুলেঞ্চ সেৱাই প্ৰকাশ কৰিছে ৷

Related Articles