Assam By-Elections: ১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন

গুৱাহাটী, ১৫ অক্টোবৰ: অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ উৰপিও দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে(Assam By-Elections) । লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ । ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে বহুকেইখন ৰাজ্যত হ’বলগা উপ-নিৰ্বাচনৰ(Assembly by-elections) তাৰিখ ঘোষণা কৰে । এই উপ-নিৰ্বাচন দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ।

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ(November 13 elections) । এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগা অসমৰ সমষ্টিকেইটা(Assam constituencies) হৈছে – ১১ নং ধলাই, ৩১ নং চিদলী, ৩২ নং বঙাইগাঁও, ৭৭ নং বিহালী আৰু ৮৮ নং চামগুৰি সমষ্টি ।

অহা ১৮ অক্টোবৰত অধিসূচনা জাৰি কৰাৰ লগতে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ’ব ২৫ অক্টোবৰ । ২৮ অক্টোবৰত হ’ব মনোনয়ন পৰীক্ষা । প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰৰ দিন ধাৰ্য । ১৩ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে ভোটগণনা হ’ব ২৩ নৱেম্বৰত ।

উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লগা দেশৰ বিভিন্ন ৰাজ্যৰ সমষ্টিসমূহৰ তালিকা:

ৰাজ্যসমষ্টিসমূহ (নং)লোকসভা/বিধানসভা
বিহাৰ২০৩ ৰামগড়, ১৯৬ তাৰাৰি, ২২৭ ইমামগঞ্জ, ২৩২ বেলাগঞ্জবিধানসভা
গুজৰাট৭ ভাভবিধানসভা
কৰ্ণাটক৮৩ শ্বিগগাঁও, ৯৫ ছন্দুৰ, ১৮৫ চান্নাপাটনাবিধানসভা
কেৰালা৫৬ পালাক্কাড়, ৬১ চেলাক্কাৰা, ৪ ৱায়নাড় (লোকসভা)বিধানসভা/লোকসভা
মধ্যপ্ৰদেশ১৫৬ বুধনি, ০২ বিজয়পুৰবিধানসভা
মহাৰাষ্ট্ৰ১৬ নানডেড (লোকসভা)লোকসভা
মেঘালয়৫৬ গামবেগ্ৰেবিধানসভা
পঞ্জাব৮৪ গিড্ডাৰবাহা, ১০ ডেৰা বাবা নানক, ১০৩ বাৰনালা, ৪৪ চাব্বেৱালবিধানসভা
ৰাজস্থান১৬১ চোৰাচি, ১১০ খিন্বছৰ, ৮৮ ডৌচা, ২৭ ঝুনঝুনু, ৮৭ দেউলি উনিয়াৰা, ১৫৬ ছেলুমবাৰ, ৬৭ ৰামগড়বিধানসভা
ছিকিম০৭ চোৰেং-চাকুং, ১১ নামচি চিংঘিটাংবিধানসভা
উত্তৰ প্ৰদেশ১৬ মীৰাপুৰ, ২৯ কুণ্ডাৰ্কি, ৫৬ গাজিয়াবাদ, ৭১ খৈৰ, ১১০ কাৰহাল, ২৫৬ ফুলপুৰ, ২৭৭ কাটিহাৰি, ৩৯৭ মাঝৱান, ২১৩ ছিচামাউবিধানসভা
উত্তৰাখণ্ড০৭ কেদাৰনাথবিধানসভা
পশ্চিমবংগ২৫১ তালডাংগ্ৰা, ০৬ সিতাই (এছ চি), ১০৪ নয়হাতি, ১২১ হাৰোৱা, ২৩৬ মেদিনীপুৰ, ১৪ মদাৰিহাটবিধানসভা

ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত অহা ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ । আনহাতে, ২৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা ।

লগতে পঢ়ক: Maharashtra and Jharkhand Assembly Elections: আজি ঘোষণা হ’ব মহাৰাষ্ট্ৰ-ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়সূচী

Related Articles