Tragic Snakebite Incident: এটা পৰিয়ালৰে পাঁচজন সদস্যক সৰ্প দংশন; ২ জনৰ মৃত্যু

কৰৌলী(ৰাজস্থান), ১৬ অক্টোবৰ: এটা পৰিয়ালৰে ৫ জন সদস্যক সৰ্প দংশন(Tragic Snakebite Incident) । বিষাক্ত সৰ্প দংশনত অসুস্থ হোৱা দুজন সদস্যৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন চিকিৎসাধীন হৈ আছে । ৰাজস্থানৰ কৰৌলীৰ মাচি গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো(Snakebite in Rajasthan Village)।

সৰ্প দংশনত আহত আন তিনিজন সদস্য বৰ্তমান জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰি স্থানীয় এগৰাকী প্ৰশাসনীয় বিষয়াই জানিবলৈ দিয়া মতে, ঘটনাটো সংঘটিত হোৱাৰ পিছতেই গাঁওবাসীয়ে সাপটোক মাৰি পেলায়।

কৰৌলিৰ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়া(Chief Medical Officer) ডাঃ ৰামকেশ মীনাই জনোৱা মতে, মাচি গাঁৱত পুষপেন্দ্ৰ সিং নামৰ এজন লোকৰ পৰিয়ালৰ পাঁচজন সদস্যক এডাল সাপে(Poisonous snake) দংশন কৰিছিল। আত্মীয়ই পুষ্পেন্দ্ৰক আনি চিকিৎসালয়খনত ভৰ্তি কৰাইছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে । ইফালে তেওঁৰ চাৰি বছৰীয়া পুত্ৰ গোবিৰ্ট সিঙক জয়পুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰো মৃত্যু ঘটে।”

পৰিয়ালটোৰ আন তিনিজন সদস্য ক্ৰমে নগেন্দ্ৰ সিং, বাবু সিং আৰু দীপেন্দ্ৰ সিঙক জিলা চিকিৎসালয়ত ভৰ্তি কৰি বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে ।

ইফালে গাঁওখনৰ অংকিতা সিং নামৰ আন এগৰাকী মহিলাকো বিষাক্ত সাপে দংশন কৰা বুলি স্থানীয় প্ৰশাসনৰ এগৰাকী বিষয়াই জানিবলৈ দিছে । বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সৰ্প দংশনৰ পাছতে অংকিতাৰ আত্মীয়ই প্ৰথমে তন্ত্ৰ মন্ত্ৰ কৰা কোনোবা বেজৰ কাষলৈ লৈ গৈছিল যদিও পিছত তেওঁকো জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

গাঁওখনৰ আন কোনো লোক পুনৰ সৰ্প দংশনৰ বলি হ’লে শীঘ্ৰেই তেওঁলোকক চিকিৎসালয়লৈ অনাৰ বাবে গাঁওবাসীক আহ্বান জনাইছে কৰৌলিৰ জিলা চিকিৎসালয়ৰ মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে । মুখ্য চিকিৎসা বিষয়া ডাঃ মীনাই লগতে কয়, যদি আক্ৰান্ত ব্যক্তিজনক তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰোৱা নহয়, তেন্তে সাপৰ বিষৰ বাবে তেওঁৰ মৃত্যু ঘটিব পাৰে।

ইফালে স্থানীয় লোকে দাবী কৰা অনুসৰি, মাচি নামৰ গাঁওখনত আছে আৰু এডাল বিষাক্ত সাপ । সেয়েহে গাঁওখনৰ লগতে ইয়াৰ আশে-পাশে ঘূৰি ফুৰা আনটো সাপক ধৰিবৰ বাবে গাঁওবাসীয়ে বন বিভাগক জনাইছে আহ্বান ।

Related Articles