Female Army Captain Dies by Suicide: স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি পত্নীয়েও কৰিলে আত্মহত্যা

নতুন দিল্লী, ১৭ অক্টোবৰ: ৰাজধানী দিল্লীৰ কেণ্ট অঞ্চলস্থিত গৌৰোদা শৰত অফিচাৰ্ছ গেষ্ট হাউচত এগৰাকী মহিলা কেপ্তেইনে কৰিলে আত্মহত্যা(Female Army Captain Dies by Suicide) । এই ঘটনাটোৰ এদিন পূৰ্বে অৰ্থাৎ মঙলবাৰে মহিলাগৰাকীৰ ফ্লাইট লেফটেনেণ্ট হিচাপে কৰ্মৰত স্বামীয়ে আগ্ৰাত আত্মহত্যা কৰিছিল। স্বামীৰ মৃত্যুৰ বিয়োগ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়েও আত্মহত্যা কৰা বুলি উল্লেখ কৰা হৈছে(Delhi suicide case)। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন ছুইচাইড নোটও উদ্ধাৰ কৰিছে।

মঙলবাৰে মাজনিশা এই ঘটনাটো সংঘটিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দোৱাৰ ভাঙি ভিতৰত প্ৰবেশ কৰি ফেনত ওলমি থকা অৱস্থাত মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে(Military officer death)। আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, স্বামীয়ে আত্মহত্যা কৰি মৃত্যুক আকোৱালি লোৱাৰ দুখ সহ্য কৰিব নোৱাৰি মহিলাগৰাকীয়েও আত্মহত্যা কৰিলে (Army officer suicide)। মৃতদেহৰ কাষত উদ্ধাৰ হোৱা ছুইচাইড নোটত লিখা আছে, তেওঁক বিদায়ৰ অন্তিম ৰীতি-নীতিসমূহ স্বামীৰ সৈতে একেলগে সম্পন্ন কৰিব যাতে অন্তুষ্টিক্ৰিয়াৰ সময়ত তেওঁলোকৰ হাতদুখন একেলগে ৰাখিব(Officer’s last wish) । জানিব পৰা অনুসৰি, দুয়োৰে প্ৰেমৰ বিবাহ আছিল(Tragic love marriage)।

দিল্লী আৰক্ষীৰ ডিচিপি সুৰেন্দ্ৰ কুমাৰ চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি, ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীৰ লগতে এফ এছ এলৰ এটা দলেও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। আগ্ৰাৰ সৈনিক চিকিৎসালয়ত কেপ্তেইনৰ পদবীত কৰ্মৰত থকা মহিলাগৰাকীগৰাকীয়ে যোৱা ১৪ আগষ্টত মাতৃৰ চিকিৎসাৰ বাবে দিল্লীলৈ আহিছিল। ভায়েকও তাৰ লগত দিল্লীলৈ আহিছিল। ঘটনাৰ নিশা তেওঁ এইমছৰ পৰা অফিচাৰ্ছ গেষ্ট হাউচলৈ গৈছিল আৰু তাতেই আত্মহত্যা কৰিছিল। বৰ্তমান আত্মহত্যাৰ এই গোচৰটোৰ তদন্তৰ দ্বায়িত্ব এছডিএমৰ হাতত অৰ্পণ কৰাৰ লগতে তেওঁৰ পৰিয়ালক অৱগত কৰা হৈছে ।

Related Articles