kati bihu: কাতি বিহুৰ পৰম্পৰা পালন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

টিংখাং, ১৭ অক্টোবৰ ২০২৪: দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত টিংখাঙৰ নখাট লেঙেৰী পথাৰত আয়োজিত কাতি বিহু পালন অনুষ্ঠানত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। ( kati bihu)

সোণোৱালে আজি উল্লেখ কৰে, “বাপতিসাহোন কাতি বিহুৰ ঐতিহ্য-পৰম্পৰা, আকাশবন্তিৰ পোহৰে ন আশাৰ সঞ্চাৰ কৰি অসমৰ সমাজ জীৱন উজলাই তোলে, তুলসী তলৰ বন্তিয়ে কঢ়িয়াই আনে পৱিত্ৰতা। কাতি বিহুৰ যুগ যুগৰ এই পৰম্পৰাসমূহেৰে চৌদিশ উদ্ভাসিত হৈ উঠক আৰু খেতিপথাৰসমূহ কীট-পতংগৰ আক্ৰমণৰপৰা সুৰক্ষিত হৈ নদন-বদন হৈ পৰক, কৃষিজীৱী ৰাইজৰ মংগল হওক, তাৰেই কামনা কৰিলোঁ।”

এই সময়ছোৱাত লগতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বড়া, বিধায়কসকল- বিনোদ হাজৰিকা, তৰংগ গগৈ, তেৰছ গোৱালা প্ৰমুখ্যে স্থানীয় ৰাইজ আৰু গণ্য-মান্য ব্যক্তিসকল।

Related Articles