Citizenship Under Assam Accord: অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ ৰায়দানৰ সন্দৰ্ভত অগপৰ প্ৰতিক্ৰিয়া

কলিয়াবৰ, ১৭ অক্টোবৰ: দশকজোৰা এক ন্যায়িক যুঁজৰ যেন আজি অন্ত পৰিল । অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ সন্দৰ্ভত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে এক ঐতিহাসিক ৰায়(Supreme Court ruling) । উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি, অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চহে ধৰা হ’ব(Citizenship Under Assam Accord)।

সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ বিভিন্ন মহলত ইতিমধ্যে বিভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰম্ভ হৈছে । সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানক লৈ অসম গণ পৰিষদ(Assam Gana Parishad) দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে(Assam minister Keshab Mahanta) । তেওঁ কলে, অসম চুক্তিৰ যি নায্যতা সেইয়া আজিৰ এই ৰায়ে পুনৰবাৰ প্ৰমাণ কৰিলে। অসম চুক্তিৰ মতেই অসমৰ বিদেশী বহিস্কৰণৰ ব্যৱস্থা বাহাল থাকিব। অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত কোনো দ্বিমত নাই, এই চুক্তি আখৰে-আখৰে পালন কৰিবলৈ দুয়োখন চৰকাৰ দায়বদ্ধ।

লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী পুনৰীক্ষণ সন্দৰ্ভতো মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে। তেঁও কলে, এই বিষয়টো ইতিমধ্যে বিবেচনাধীন হৈ আছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগ-ভাগ লৈ আছে ।

উল্লেখ্য যে, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে নাগৰিকত্ব আইনৰ ৬ক (6A) ধাৰাৰ সাংবিধানিক বৈধতাক বাহাল ৰাখে(Section 6A of Citizenship Act)। এই ধাৰাই বিদেশী ভূখণ্ড বিশেষকৈ বাংলাদেশৰ পৰা ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্বৰ সুবিধা প্ৰদান কৰে ।

১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিচত নাগৰিকত্ব আইন, ১৯৫৫ত অন্তৰ্ভুক্ত কৰা ৬ক ধাৰাৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনোৱা কেইবাটাও পক্ষৰ আবেদনৰ ওপৰত শীৰ্ষ ন্যায়ালয়ে এই ৰায় ঘোষণা কৰে।

৬ক ধাৰাত কোৱা হৈছে যে যিসকল লোকে ১৯৬৬ চনৰ ১ জানুৱাৰী বা তাৰ পিচত বা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে বাংলাদেশকে ধৰি নিৰ্দিষ্ট অঞ্চলসমূহৰ পৰা অসমলৈ আহিছিল(Foreign nationals in Assam) আৰু তেতিয়াৰে পৰা উত্তৰ-পূবৰ ৰাজ্যখনৰ বাসিন্দা, ১৯৮৫ চনৰ সংশোধিত নাগৰিকত্ব আইন অনুসৰি তেওঁলোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ ১৮ ধাৰাৰ অধীনত নিজকে পঞ্জীয়ন কৰিব লাগিব। অৰ্থাৎ এই ব্যৱস্থাই ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখটো অসমত বাংলাদেশী প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ ‘কাট-অফ'(Cut-off year for citizenship) তাৰিখ নিৰ্দিষ্ট কৰি দিয়ে।

১৯৮৫ চনৰ ১৫ আগষ্টত তদানীন্তন ৰাজীৱ গান্ধী চৰকাৰে অসম আন্দোলনৰ নেতাসকলৰ সৈতে স্বাক্ষৰ কৰা ‘অসম চুক্তি’ৰ সন্দৰ্ভত ১৯৫৫ চনৰ আইনখনত ৬ক ধাৰা অন্তৰ্ভুক্ত কৰা হৈছিল, যাতে অসমৰ সংস্কৃতি, ঐতিহ্য, ভাষিক আৰু সামাজিক পৰিচয় ৰক্ষা আৰু সুৰক্ষা দিব পৰা যায় ।

লগতে পঢ়ক: ৫১ নহয়, ৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

Related Articles