UAE visa on arrival for Indian tourists: ভাৰতীয় পৰ্যটকে এতিয়াৰ পৰা ভিছা অবিহনে যাব পাৰিব ডুবাইলৈ

নতুন দিল্লী, ১৮ অক্টোবৰ: সংযুক্ত আৰব আমিৰাত (UAE)ৰ ডুবাইকে ধৰি দেশখনৰ অন্যান্য চহৰলৈ ভ্ৰমণ কৰিবৰ বাবে যাব বিছৰা ভাৰতীয় পৰ্যটকসকলে(Indian tourists) এতিয়াৰ পৰা আৰু ভিছাৰ বাবে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে। ভাৰতীয় পৰ্যটকসকলে এতিয়া দেশখনত আগমনৰ সময়ত লাভ কৰিব ভিছাৰ সুবিধা(UAE visa on arrival for Indian tourists) ।

ইউ এ ইত থকা ভাৰতীয় উচ্চায়ুক্তই জনোৱা মতে, সাধাৰণ পাছপ’ৰ্ট থকা ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ইউ এ ইত প্ৰৱেশৰ পাছত যিকোনো স্থানতে উপস্থিত হোৱাৰ লগে লগে ভিছা লাভ কৰিবলৈ সক্ষম হ’ব। অৱশ্যে এই ভিছা ১৪ দিনৰ বাবেহে বৈধ হৈ থাকিব(Dubai travel) । যাৰ ফলত দেশখনত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলে এটা ডাঙৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব।

ভাৰতীয় ভ্ৰমণকাৰীৰ বাবে ইউ এ ইৰ নতুন ‘ভিছা অন এৰাইভেল’ নীতিয়ে আমেৰিকা, যুক্তৰাজ্য বা যি্কোনো ইউৰোপীয় সংঘৰ দেশৰ পৰা বৈধ স্থায়ী বাসিন্দা কাৰ্ড বা ভিছা থকা ব্যক্তিসকলৰ প্ৰৱেশ সহজ কৰি তুলিব। এই পৰিৱৰ্তনৰ ফলত যোগ্য ভাৰতীয় নাগৰিকসকলে ইউ এ ইত উপস্থিত হোৱাৰ লগে লগে ১৪ দিনৰ ‘ভিছা-অন-এৰাইভেল’ৰ সুবিধা লাভ কৰিব(UAE visa)।

বৰ্তমান ৩৫ লাখতকৈ অধিক ভাৰতীয় লোক বসবাস কৰা ইউ এ ই আৰু ভাৰতৰ মাজত বৃদ্ধি পোৱা ক্ৰমবৰ্ধমান অংশীদাৰিত্বৰ অংশ হিচাপে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে(UAE travel policy)। এই নীতিগত পৰিৱৰ্তন দুয়োখন দেশৰ মাজত ভ্ৰমণ আৰু বাণিজ্যৰ সুযোগ বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

ইউ এ ইত উপস্থিত হোৱাৰ সময়ত পাব লগা ভিছাৰ বাবে থাকিব লগা যোগ্যতাসমূহ হৈছে(visa requirements for Indians) –

আমেৰিকাই প্ৰদান কৰা বৈধ ভিছা, ৰেচিডেন্স পাৰ্মিট অথবা গ্ৰীণ কাৰ্ড।

ইউৰোপীয় সংঘৰ যিকোনো দেশ বা যুক্তৰাজ্যই প্ৰদান কৰা বৈধ ভিছা বা আৱাস অনুমতি পত্ৰ।

কমেও ছমাহৰ বৈধতা থকা পাছপ’ৰ্ট।

এই প্ৰয়োজনীয়তাসমূহ পূৰণ কৰা পৰ্যটকসকলক ইউ এ ইত উপস্থিত হোৱাৰ সময়ত ১৪ দিনৰ ভিছা প্ৰদান কৰা হ’ব । যদিহে পৰ্যটকসকলে প্ৰয়োজনীয় মাচুল পৰিশোধ কৰে, তেন্তে অতিৰিক্ত ৬০ দিনৰ বাবে এই ভিছাৰ ম্যাদ বৃদ্ধি কৰিব পৰা যাব। এই সুবিধাজনক প্ৰক্ৰিয়াৰ লক্ষ্য হৈছে, ভাৰতীয় নাগৰিকসকলৰ বাবে ইউ এ ই ভ্ৰমণক অধিক সহজলভ্য কৰি তোলা । লগতে ভাৰতীয় পৰ্যটক, ব্যৱসায়িক পেছাদাৰী আৰু প্ৰবাসীসকলৰ বাবে প্ৰধান গন্তব্যস্থান হিচাপে ইউ এ ইৰ ভূমিকা আৰু অধিক শক্তিশালী কৰা।

Related Articles