Heavy Rains in Assam: অহা সপ্তাহত আহিব লগা ধাৰাসাৰ বৰষুণে শীত নমাব অসমত

গুৱাহাটী, ১৮ অক্টোবৰঃ শৰতৰ প্ৰাৰম্ভতে অসমত তীব্ৰ গৰমে মানুহৰ অৱস্থা নাজল-নাথল কৰিছিল। ইয়াৰ পিছতে একেলেথাৰিয়ে কেইবাদিনো হোৱা বৰষুণে অসমবাসীক সামান্য সকাহ দিছিল(Cold Weather Assam)। কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত ৰাজ্যবাসীৰ নানান অসুবিধাও হৈছিল। বহু স্থানত আনকি কৃত্ৰিম বানে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছিল। দুৰ্গা পূজাৰ পিছৰে পৰা অসমত এতিয়া সংগোপনে শীত নামিবলৈ লৈছে(Winter Arrival in Assam) । শীতক অধিক তীব্ৰতা প্ৰদান কৰিব পাৰে ধাৰাসাৰ বৰষুণে । আপাততঃ তেনে ভৱিষ্যতবাণীয়েই কৰিছে বতৰ বিজ্ঞানীয়ে । আগন্তুক সপ্তাহত বংগোপ সাগৰত সৃষ্টি হব এক প্ৰচণ্ড ঘূৰ্ণী বতাহৰ। এই ঘূৰ্ণী বতাহৰ প্ৰভাৱতে অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Heavy Rains in Assam)।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে অহা সপ্তাহত পূব ভাৰতৰ উপকূলত ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে(Bay of Bengal Cyclone)। কিন্তু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এতিয়াও ঘূৰ্ণীবতাহৰ তীব্ৰতা সম্পৰ্কে একো নিশ্চিত কৰা নাই। দেশৰ পৰা মৌচুমীয়ে বিদায় লোৱাৰ পিছত ১৭ অক্টোবৰত দক্ষিণ অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ তামিলনাডুৰ উপকূলৰ ওপৰেৰে দ্বিতীয়টো নিম্নচাপৰ সৃষ্টি হৈছে । একেদৰে দুই এদিনতে সৃষ্টি হব তৃতীয়টো নিম্নচাপৰ ।

সাগৰত হোৱা নিম্নচাপৰ ফলতে যোৱা কেইদিনমানৰ পৰা দক্ষিণ ভাৰতৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে । সাগৰৰ পৃষ্ঠৰ উষ্ণতা আৰু অন্যান্য পৰিৱেশৰ অৱস্থা যেনে উলম্ব বতাহ ঘূৰ্ণীবতাহৰ সৃষ্টিৰ বাবে অনুকূল। সাধাৰণতে উত্তৰ ভাৰতৰ মহাসাগৰ অঞ্চলত প্ৰতি বছৰে অক্টোবৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হয় । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, অহা ২০ অক্টোবৰৰ আশে-পাশে উত্তৰ আন্দামান সাগৰৰ ওপৰত নতুন ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

একেদৰে ২২ অক্টোবৰত মধ্য বংগোপ সাগৰৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । এই ঘূৰ্ণী বতাহ উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ লগে লগে ই অধিক শক্তিশালী হৈ পৰিব পাৰে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই কয় যে ১৭ অক্টোবৰৰ পৰা ৬-৭ দিনৰ বাবে ‘চাইক্লোজেনেছিছ’ (নিম্ন চাপৰ গঠন)ৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে দুবাৰকৈ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছিল যদিও বে’ অব বেংগলত সেয়া ধুমুহালৈ পৰিণত হোৱা নাছিল । অৱশ্যে তৃতীয় নিম্নচাপ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে।

১৭ অক্টোবৰত বতৰ বিশ্লেষণে ২০ অক্টোবৰত উত্তৰ আন্দামান সাগৰৰ ওপৰত নিম্ন চাপ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । খবৰ অনুসৰি এই চাপে ২২ অক্টোবৰত ঘূৰ্ণীবতাহলৈ পৰিণত হ’ব পাৰে। ঘূৰ্ণীবতাহৰ প্ৰভাৱ বংগৰ লগতে অসমতো ব্যাপকভাবে পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে(Cyclone Impact)। ফলত অহা সপ্তাহত অসমত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে(Assam Rainfall) । লাহে লাহে শীত নামি অহা অসমত অহা সপ্তাহত হ’ব পৰা ধাৰাসাৰ বৰষুণে শীতৰ তীব্ৰতা অধিক বৃদ্ধি কৰিব বুলিও ধাৰণা কৰা হৈছে ।

Related Articles