Kaziranga National Park: মুকলিৰ দুসপ্তাহতে কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক, ২৪ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিছে৷ ৰাষ্ট্ৰীয় উদ্যানখন মুকলিৰ মাত্ৰ দুসপ্তাহতে দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত প্ৰাণ পাই উঠিছে কাজিৰঙা৷ বিভাগীয় সূত্ৰে জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ মাত্ৰ দুসপ্তাহতে ১১ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত বনবিভাগে ৰাজহ হিচাপে সংগ্ৰহ কৰিছে ২৪ লক্ষাধিক টকা৷(Kaziranga National Park)

চলিত বৰ্ষৰ বানৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পৰ্যটকে ভ্ৰমণ কৰা স্থানৰ একাংশ পথ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল৷ যাৰ বাবেই যোৱা পহিলা অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আংশিকভাৱে অৰ্থাৎ কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ ছাফাৰীৰ বাবে মুকলি কৰা হৈছিল৷ (Tiger Reserve reopened)কেৱল জীপ ছাফাৰীৰে আৰম্ভ কৰা পৰ্যটন বৰ্ষত নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা হাতী ছাফাৰী আৰম্ভ হ’ব৷ ইপিনে, বাষ্ট্ৰীয় উদ্যানখন আংশিকভাৰে মুকলি হ’লেও যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটক উপস্থিত উদ্যান দৰ্শন কৰিছে৷(Revenue collection of Rs 24 lakh)

বনবিভাগৰ সূত্ৰটোৰে জনোৱা অনুসৰি, পৰ্যটন বৰ্ষ মুকলিৰ মাত্ৰ দুটা সপ্তাহতে ১০,৯২৮জন দেশীয় পৰ্যটক আৰু ১১৭জন বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰিছে৷ আনহাতে, পৰ্যটকসকলৰ পৰা বনবিভাগে সংগ্ৰহ কৰিছে ২৪ লাখ ১৬ হাজাৰ ৫৩১ টকাৰ ৰাজহ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেহতীয়া পৰ্যটন বৰ্ষত পূৰ্বৰ তুলনাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷(Kaziranga National Park Sees Surge In Tourist Footfall)

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ-বৈচিত্ৰ্য্য দৰ্শৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছিল৷(tourists) উল্লেখ্য, জৈৱ- বৈচিত্ৰ্যৰে ভৰপূৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মনোমোহা প্ৰাকৃতিক দৃশ্য, বিভিন্ন প্ৰজাতিৰ পক্ষী, জলজ প্ৰাণীৰ লগতে গঁড়, হাতী ম’হ, দুষ্প্ৰাপ্য দল হৰিণ আৰু ঢেকীয়াপতীয়া বাঘ অৰ্থাৎ বিগ ফাইভ হিচাপে বিখ্যাত৷ কিন্তু এতিয়া উক্ত বিগ ফাইভ জন্তুৰ ভিতৰত মানুহৰ লোক চক্ষুৰ আঁতৰত থকা ঢেকীয়াপতীয়া বাঘ পৰ্যটকে সঘনাই দৰ্শন কৰাৰ সুযোগ পোৱাত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰতি অধিক আকৰ্ষিত হোৱা বুলি পৰ্যটন ব্যৱসায়ীয়ে মত প্ৰকাশ কৰে৷(foreign tourists)

Related Articles