AAP support teachers agitation: শিক্ষকৰ আন্দোলনৰ প্ৰতি ‘আপ’ৰ সমৰ্থন

গুৱাহাটী, ১৯ অক্টোবৰ – ৰাজ্যৰ প্ৰায় ২ লাখ শিক্ষকে বিভাগীয় হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰাৰ জৰিয়তে আৰম্ভ কৰা প্ৰতিবাদী আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে আম আদমী পাৰ্টিয়ে। (AAP support teachers agitation)

আজি এই সন্দৰ্ভত আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুনম গগৈয়ে কয়, ” ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষক সকলক বিভিন্ন ধৰণৰ অনা শৈক্ষিক কাম-কাজত জড়িত কৰোৱাৰ ফলত বিদ্যালয় সমূহৰ পাঠদান ব্যাহত হৈছে। (AAP state general secretary Poonam Gogoi)চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি লৈ শিক্ষাবৰ্ষৰ বেছিভাগ সময়তে অনা শৈক্ষিক কৰ্মত লিপ্ত থকাৰ বাবেই চৰকাৰী স্কুলত গুণগত শিক্ষা দানৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই।

(AAP against involvement of teachers in non-academic work)অতিষ্ঠ হৈ শিক্ষক সকলে বিভাগীয় হোৱাটছ এপ গ্ৰুপ ত্যাগ কৰিছে। আম আদমী পাৰ্টিয়ে শিক্ষক সকলৰ এই প্ৰতিবাদী পদক্ষেপৰ প্ৰতি সমৰ্থন আগবঢ়াইছে। কিয়নো পাঠদানৰ লগত একে সময়তে শিক্ষক সকলে আন কামত জড়িত হোৱাৰ ফলত সঠিক সময়ত পাঠ্যক্ৰম সমাপ্ত কৰাত বাধাৰ সৃষ্টি হয়। (Teachers have left the departmental WhatsApp group)

সেয়েহে শৈক্ষিক দিনপঞ্জীৰ বাহিৰে শিক্ষক সকলক আন কামত যুক্ত কৰোৱাটো উচিত নহয়। ” আপৰ নেত্ৰী পুনম গগৈয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ দাবী চৰকাৰক মানি লৈ বিদ্যালয় সমূহত গুণগত শিক্ষা দানৰ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দাবী জনায়।(All Assam Sammilita Teachers’ Forum)

Related Articles