Human Sacrifice: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

বালাংগীৰ(ওড়িশা), ১৯ অক্টোবৰ: ওড়িশাৰ এখন বনাঞ্চলত এটি ১৩ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাটো সংঘটিত হৈছে ওড়িশাৰ বালাংগীৰ জিলাৰ লাথোৰ আৰক্ষী চক্ৰৰ অন্তৰ্গত ঝলিয়ালিটি নামৰ এখন গাঁৱত । অঞ্চলটোত অৱস্থিত এখন হাবিৰ পৰা উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ । কোনো অচিনাক্ত লোকে শিশুটিক অপহৰণ কৰি নি বলিদান(Human sacrifice)ৰ বাবে হত্যা কৰা বুলি পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে(ritualistic killings)। বৃহস্পতিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল সোমনাথ বিৱৰ নামৰ শিশুটি ।

প্ৰাপ্ত তথ্য অনুসৰি, জলপাংকেল গাঁৱৰ তপন বিৱৰ নামৰ লোকজনৰ পুত্ৰ সোমনাথক শেষবাৰৰ বাবে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত দেখা গৈছিল। পৰৱৰ্তী সময়ত শিশুটিক বিচাৰি নাপাই তেওঁৰ পিতৃ-মাতৃয়ে গাঁৱৰ লগতে আত্মীয়ক খবৰ দিয়ে । বহু বিচাৰ খোচাৰৰ পিছতো শিশুটিৰ কোনো সন্ধান নাপাই স্থানীয় আৰক্ষী থানাত শিশুটিৰ নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে যদিও পিছদিনা শুকুৰবাৰে পুৱা অঞ্চলটোৰ এখন হাবিত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ (Odisha crime)।

কোনো লোকে পুতিবলৈ চেষ্টা কৰিছিল যদিও মুকলি অৱস্থাতে মৃতদেহটো উদ্ধাৰ কৰে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে(Child murder) । মৃত শিশুটিৰ পিতৃ তপন বিৱৰে এক গুৰুতৰ অভিযোগ উত্থাপনেৰে নিশ্চিত কৰি কয় যে, “তেওঁৰ পুত্ৰক নৰবলিৰ নামত হত্যা কৰা হৈছে । পূৰ্ণিমাৰ ৰাতি এনেধৰণৰ কৰ্ম (নৰ বলি) সাধাৰণ কথা।”

নাৰায়ণ হান্সে নামৰ স্থানীয় লোকজনে কয়, “আমি গোটেই নিশা সোমনাথক বিচাৰি উজাগৰে থাকিলোঁ, কিন্তু ক’তো তেওঁৰ সন্ধান নাপালে।” ইয়াৰ পিছতে ক্ষুব্ধ গাঁওবাসী আৰু ভুক্তভোগীৰ পৰিয়ালে পথ অৱৰোধ কৰি দোষীক কৰায়ত্ত কৰি কঠোৰতকৈও কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত চলোৱাৰ লগতে ফৰেনচিকৰ দল আৰু স্নিফাৰ ডগৰ সহায়ত সকলো দিশৰ পৰা অনুসন্ধান আৰম্ভ কৰিছে।

পাটনাগড়ৰ এছডিপিঅ’ সদানন্দ পূজাৰীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, “গাঁওখনৰ এজন সন্দেহজনক লোকক আটক কৰি আমি জেৰা চলাই আছো। আমি সন্দেহ কৰা অনুসৰি, দীৰ্ঘদিনীয়া পাৰিবাৰিক শত্ৰুতাৰ বাবে এই ঘটনাটো সংঘটিত হ’ব পাৰে।” তেওঁ লগতে কয় যে, ঘটনাটোক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে আৰু পৰিয়ালৰ অভিযোগকে ধৰি সকলো সম্ভাৱ্য দিশ পৰীক্ষা কৰি থকা হৈছে।

উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্যৰ পৰা কু সংস্কাৰ অথবা অন্ধবিশ্বাসৰ নামত নৰবলিৰ দৰে ঘটনা সংঘটিত হৈ অহাৰ বাতৰি পোৱা যায়(Superstitions in India)। যদিও ডাইনী, ক’লা যাদু আৰু অন্ধবিশ্বাসৰ দৰে প্ৰথাসমূহ নাইকিয়া কৰাৰ লগতে ইয়াক নিষিদ্ধ কৰি গঠন কৰা কঠোৰ আইন আছে, তথাপিও বিভিন্ন দুৰ্গম অঞ্চলত আজিও এনে ঘটনা অবিৰতভাৱে সংঘটিত হৈ আহিছে ।

ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰোৰ তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০২১ চনলৈ দেশত মুঠ ১০৩টা এনে ঘটনাৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে। ২০১৫ চনত সৰ্বাধিক ২৪টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০১৮ চনত চাৰিটা গোচৰ পঞ্জীয়ন কৰা হৈছে। ২০১৪ ৰ পৰা ২০২১ চনৰ ভিতৰত ছত্তীশগড়ত সৰ্বাধিক ১৪টা গোচৰ পঞ্জীয়ন হোৱাৰ বিপৰীতে কৰ্ণাটকত ১৩টা আৰু ঝাৰখণ্ডত ১১টা গোচৰ পঞ্জীয়ন হৈছে।

লগতে পঢ়ক: Nude Video Call: এগৰাকী বিধায়কলৈ আহিল নগ্ন ভিডিঅ’ কল; ইয়াৰ পিছত কি কৰিলে বিধায়কে ?

Related Articles