Assam, By-elections : উপ-নিৰ্বাচনঃ অসমৰ তিনি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

গুৱাহাটী, ১৯ অক্টোবৰঃ ১৩ নবেম্বৰত অসমৰ পাঁচ সমষ্টিত উপ-নিৰ্বাচন (Assam, By-elections)। উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে (BJP) শনিবাৰে তিনিটা সমষ্টিত প্ৰাৰ্থীৰ নাম তালিকা প্ৰকাশ কৰে।

সেইমৰ্মে ধলাইত নিহাৰ ৰঞ্জন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে বিহালীত দিগন্ত ঘাটোৱাৰক আৰু চামগুৰিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে দীপ্লু ৰঞ্জন শৰ্মাক।

উল্লেখ্য অসমৰ পাঁচটা বিধানসভা (Assembly Elections) সমষ্টিৰ উৰপি দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে। লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা নিৰ্বাচন আয়োগৰ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বহুকেইখন ৰাজ্যত হ’বলগা উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল। এই উপ-নিৰ্বাচন দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব।

অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এই উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগা অসমৰ সমষ্টিকেইটা হৈছে– ১১নং ধলাই, ৩১নং চিদলী, ৩২নং বঙাইগাঁও, ৭৭নং বিহালী আৰু ৮৮নং চামগুৰি সমষ্টি।

মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ হ’ব ২৫ অক্টোবৰ। ২৮ অক্টোবৰত হ’ব মনোনয়ন পৰীক্ষা। প্ৰাৰ্থীসকলৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৩০ অক্টোবৰৰ দিন ধাৰ্য।

ইয়াৰ উপৰি মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত ১৩ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

Related Articles