Wayanad Lok Sabha constituency by-election: ৱায়ানাডত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীৰ সমুখত সমৰত বিজেপিৰ নব্য হৰিদাস

গুৱাহাটী, ১৯ অক্টোবৰঃ দেশৰ কেইবাটাও বিধানসভা সমষ্টিৰ লগতে ৱায়ানাড লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক (Wayanad Lok Sabha constituency by-election)লৈ এতিয়া ৰানৈতিক দলসমূহ সক্ৰিয় হৈ পৰিছে। ২৩ অক্টোবৰ বুধবাৰে ৱায়ানাড লোকসভা উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই (Congress’ Priyanka Gandhi)। ৰাহুল গান্ধীৰ সৈতে কৰা ৰ’ডশ্ব’ৰ অন্তত ভাদ্ৰাই ৱায়ানাডৰ কালেক্টৰেটৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিব।নিৰ্বাচন আয়োগে ৱায়ানাড উপ-নিৰ্বাচন ঘোষণা কৰাৰ কিছু সময়ৰ পাছতেই কংগ্ৰেছে আসনখনৰ পৰা প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি ঘোষণা কৰিছিল।


২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কিছুদিন পিছতে ৰাহুল গান্ধীয়ে পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীৰ হাতত থকা উত্তৰ প্ৰদেশৰ ৰায়েবৰেলী সংসদীয় সমষ্টিটো অক্ষুণ্ণ ৰাখিব আৰু কেৰেলাৰ ৱায়ানাডৰ আসনখন খালী কৰিব বুলি সিদ্ধান্ত লৈছিল। সেই সমষ্টিটোৰ পৰা এতিয়া তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী অভিষেক ঘটাব।


যদি তেওঁ আসনখনত জয়ী হয় তেন্তে এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰিয়ংকা গান্ধীয়ে সদনত প্ৰৱেশ কৰিব। গান্ধী পৰিয়ালৰ তিনিজন সদস্য- ছোনিয়া, ৰাহুল, আৰু প্ৰিয়ংকা- একেলগে সংসদত উপস্থিত হ’ব পাৰিব।

ইফালে, চিপিআইৰ জ্যেষ্ঠ নেতা সত্যন মকেৰী ৱায়ানাড লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে এলডিএফৰ প্ৰাৰ্থী হ’ব। বৃহস্পতিবাৰে এই সিদ্ধান্ত ঘোষণা কৰে চিপিআইৰ ৰাজ্যিক সম্পাদক বিনয় বিশ্বেই।

শনিবাৰে মকেৰীয়ে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি প্ৰিয়ংকা গান্ধীক সমালোচনা কৰি জয়ী হ’লে সমষ্টিটোত প্ৰিয়ংকা উপস্থিত থাকিব নে বুলি প্ৰশ্ন উত্থাপন কৰে।

চিপিআইৰ জ্যেষ্ঠ নেতা মকেৰীয়ে ২০১৪ চনত ৱায়ানাডৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

মকেৰীয়ে কয় “ৰাহুল গান্ধীয়ে গ্ৰহণ কৰা স্থিতিলৈ চাওক। তেওঁ জয়ী হৈ তাৰ পিছত গুচি গ’ল।

তেওঁ ইয়াত কিমান দিন আছিল? যিসকলে এনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহি তাৰ পিছত গুচি যায়, তেওঁলোকে সমষ্টিৰ ৰাইজে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰিব নোৱাৰে।”

আনহাতে, বিজেপিৰ পৰা নব্য হৰিদাসক টিকট দিছে। এতিয়া প্ৰিয়ংকা গান্ধীৰ সমুখত বিজেপিৰ নব্য হৰিদাস (BJP’s Navya Haridas)। ৰাহুল গান্ধীয়ে দুটা সমষ্টিত জয়ী হৈ এই সমষ্টিটো এৰি দিছিল।

Related Articles