Floating cash incident: নলাৰে ভাঁহি আহিল অসংখ্য ৫০০ টকীয়া নোট, নলাত জপিয়াই বিভিন্নজনে সংগ্ৰহ কৰিলে প্ৰায় ২.৫ লাখ টকা

সাংগলী(মহাৰাষ্ট্ৰ), ১৯ অক্টোবৰ: নলাৰে ভাঁহি অহা অৱস্থাত অসংখ্য ৫০০ টকীয়া নোট দেখাৰ পাছত কোন মানুহ ৰৈ থাকিব পাৰে ? নলাটোৰে বৈ যোৱা নোটবোৰ সংগ্ৰহ কৰিবলৈ নলাটোত জপিয়াই পৰিল অসংখ্য লোক(Floating cash incident)। লোকসকলৰ মাজত দেখিবলৈ পোৱা গ’ল ব্যাপক উৎসাহ।

আচলতে এইন ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ অন্তৰ্গত আটপাডী নামৰ এটা অঞ্চলত(Maharashtra news)। অঞ্চলটোৰ এটা নলাৰে অসংখ্য ৫০০ টকীয়া নোট বৈ অহাৰ খবৰটো চৌদিশে বিয়পি পৰাৰ পাছতে নোটবাৰ সংগ্ৰহ কৰিবৰ বাবে সেই স্থানত ভিৰ কৰিলেহি বহু লোকে(Sangli drain money)।

প্ৰথমে এই দৃশ্য প্ৰত্যক্ষ কৰিলে আটপাডীত বহা শনিবাৰীয়া সাপ্তাহিক বজাৰলৈ অহা একাংশ লোকে । ইয়াৰ পিছতে সেই স্থানত গোট খোৱা লোকবোৰে নোটবোৰ সংগ্ৰহৰ বাবে নলটোত জপিয়াই পৰিল । অনুমান কৰা অনুসৰি, নলাটোৰ পৰা লোকসকলে প্ৰায় দুইৰ পৰা আঢ়ৈ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

তথ্য অনুসৰি প্ৰতি শনিবাৰে আটাপাডী নামৰ অঞ্চলটোত বঢ়া সাপ্তাহিক বজাৰৰ সমীপতে থকা আম্বাবাই মন্দিৰৰ কাষেৰে বৈ গৈছে এটা নলা। যিহেতু শনিবাৰে আছিল এই বজাৰৰ দিন । সেয়েহে পুৱাৰে পৰা সেই অঞ্চলটোত অজস্ৰ লোকে ভিৰ কৰিছিলহি। ইয়াৰ মাজতে পুৱা প্ৰায় ৯ মান বজাত বজাৰলৈ যোৱা একাংশ লোকে নলাটোৰে বৈ যোৱা অৱস্থাত টকাবোৰ প্ৰত্যক্ষ কৰে।

প্ৰথমে কেইজনমান লোকে নলটোত নামি নোটবোৰ আচল নে নকল সেইয়া পৰীক্ষা কৰে । যেতিয়া তেওঁলোকে ৫০০ টকীয়া এই নোটবোৰ সঁচা বুলি নিশ্চিত হ’ল তাৰ পাছতে খবৰটো বতাহৰ দৰে অঞ্চলটোত বিয়পি পৰিল। ইয়াৰ পিছতে সেই স্থানত উপস্থিত হোৱা বৃহৎ সংখ্যক লোকে নলাটোত জপিয়াই নোটবোৰ সংগ্ৰহ কৰাত লাগে।

ইফালে এই খবৰ লাভ কৰাৰ পিছতেই সেই স্থানত উপস্থিত হ’লহি আটাপাডী আৰক্ষী । উপস্থিত আৰক্ষীয়ে নলাটোৰ পৰা মানুহবোৰক আতঁৰাই নিজেও নোটবোৰ সংগ্ৰহৰ কামত লাগি যায়। কিন্তু এই টকাবোৰ ক’ৰ পৰা আহিল? কোনে নলাত পেলালে সেইয়া এতিয়াও সাথৰ হৈ আছে । এই ঘটনাটোক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

Related Articles