All Assam Inter-District Wrestling Championship: সপ্তদশসংখ্যক সদৌ অসম আন্তঃজিলা মল্লযুঁজ চেম্পিয়নশ্বিপৰ শুভাৰম্ভ

গুৱাহাটী, ১৯ অক্টোবৰঃ আজিৰ পৰা অসম মল্লযুঁজ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণ ৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত(Tarun Ram Fukan Indore Stadium) বহু প্ৰত্যাশিত সদৌ সপ্তদশ অসম আন্তঃ জিলা মল্লযুঁজ প্ৰতিযোগিতা (All Assam Inter-District Wrestling Championship)আৰম্ভ হৈছে।

১৯ অক্টোবৰৰ পৰা আৰু ২০ অক্টোবৰলৈ চলিবলগীয়া এই প্ৰতিযোগিতা আজি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে।

আজি উদ্বোধনী অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টী, হাৰিয়ানা প্ৰদেশৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা তথা অসম মল্লযুঁজ সন্থাৰ মুখ্য ন্যায়িক উপদেষ্টা দেৱজিৎ ল’ন শইকীয়া, ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস, পূব গুৱাহাটী আৰু নগাঁও সদৰ বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰূপক শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ অশোক ভৰালী, অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক উজ্জ্বল বৰুৱাকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত থাকে।

উল্লেখ্য যে আজি আন্তঃ জিলা প্ৰতিযোগিতাখনত ৰাজ্যৰ ৩০খন জিলাৰ পৰা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এই চেম্পিয়নশ্বিপৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত অসম মল্লযুঁজ সন্থাৰ সভাপতি ৰাতুল শৰ্মাই কয় যে— এই প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ চহকী মল্লযুঁজৰ পৰম্পৰা প্ৰদৰ্শন, উদীয়মান খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শন আৰু উচ্চ পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ মঞ্চ প্ৰদান কৰা।

ইয়াত বিভিন্ন জিলাৰ মল্লযুঁজাৰুসকলে অংশগ্ৰহণ কৰিছে। এই অনুষ্ঠানে প্ৰতিযোগীসকলৰ এথলেটিক দক্ষতাক উজ্জ্বল কৰি তোলাই নহয়, অংশগ্ৰহণকাৰীসকলৰ মাজত একতাৰ মনোভাব আৰু ক্ৰীড়াসুলভ মানসিকতাক অধিক গাঢ় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

তেওঁ লগতে কয়- অসমত মল্লযুঁজক খেল হিচাপে প্ৰচাৰ কৰি যুৱক-যুৱতীসকলৰ শাৰীৰিক ফিটনেছক উৎসাহিত কৰাৰ উদ্দেশ্যে এই চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে।

Related Articles