Singer Bornali Kalita: কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

কণ্ঠশিল্পী বৰ্ণালী কলিতালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী। দিল্লীৰ Integrated Global University য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে কণ্ঠশিল্পী বৰ্ণালী কলিতাক।(Singer Bornali Kalita)

২৯ মে’ত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত এক অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় কণ্ঠশিল্পীগৰাকীক। দিল্লীৰ একেখন বিশ্ববিদ্যালয়ৰে Global Chamber Of Commerce Industry & Agriculture বিভাগে ‘Lord Gautam Buddha International Peace Award 2024’ও প্ৰদান কৰে বৰ্ণালী কলিতাক। এই সন্মানত স্বাভাৱিকতে উৎফুল্লিত শিল্পী বৰ্ণালী কলিতা।(Doctorate degree to vocalist Bornali Kalita)

সামাজিক মাধ্যমত কণ্ঠশিল্পীগৰাকীয়ে কয় যে Integrated Global University, Delhi য়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদানৰ বাবে দুগৰাকীমান ব্যক্তিৰ লগতে মোকো নিৰ্বাচিত কৰে। ২৯ মে’ ২০২৪ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে যদিও সেই সময়ত Singapore ত মোৰ গীতৰ অনুষ্ঠান থকাৰ বাবে সেই অনুষ্ঠানত মই উপস্থিত থাকিব নোৱাৰিলোঁ। Integrated Global University, Delhi ক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

উল্লেখযোগ্য যে, Integrated Global University আৰু Global Chamber Of Commerce Industry & Agriculture ৰে মোলৈ ‘Lord Gautam Buddha International Peace Award 2024’ আগবঢ়ায়। এই বঁটাৰ বাবে মোক যোগ্য বুলি বিবেচিত কৰাৰ বাবে দুয়োটি অনুষ্ঠানক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মৰম, আৰ্শীবাদে মোক এই প্ৰাপ্তিৰ সুখ প্ৰদান কৰিছে। সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ।

এইদৰে উৎফুল্লিত হৈ শিল্পী বৰ্ণালী কলিতাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Related Articles