Rajasthan Road Accident: চলন্ত বাছে মহতিয়াই নিলে এখন টেম্প’ক; শোকাৱহ দুৰ্ঘটনাটোত ৯টিকৈ শিশুসহ নিহত ১২ গৰাকী লোক

ঢোলপুৰ(ৰাজস্থান), ২০ অক্টোবৰ: ৰাজস্থানৰ ঢোলপুৰ জিলাৰ বাৰি সদৰ থানাৰ অন্তৰ্গত এটা অঞ্চলত ১১ বি নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শনিবাৰে নিশা প্ৰায় ১১ বজাত এখন শ্লীপাৰ কোচ বাছে খুন্দা মাৰে এখন টেম্প’ক(Rajasthan Road Accident)। এই শোকাৱহ পথ দুৰ্ঘটনাটোত ৯ টি শিশুসহ ১২ গৰাকী লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত এক আতংকময় পৰিবেশে বিৰাজ কৰে(Dholpur bus accident)। ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি কৰি বাৰী চৰকাৰী সাধাৰণ চিকিৎসালয়লৈ প্ৰেৰণ কৰি মৰ্গত ৰখাৰ ব্যৱস্থা কৰে। ইফালে আহত তিনিগৰাকী লোকক সংকটজনক অৱস্থাত ঢোলপুৰৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে(Rajasthan tempo collision) ।

বাৰি কোতৱালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক জনোৱা মতে, বাৰি চহৰৰ কৰিম কলনী গুমত মহল্লাৰ বাসিন্দা নাহনু আৰু জহীৰ নামৰ ব্যক্তি দুগৰাকীৰ পৰিয়ালৰ সদস্যই সমীপৰে বাৰাউলী গাঁৱৰ কোনো আত্মীয়ৰ ঘৰত নিশাৰ আহাৰ গ্ৰহণ কৰি এখন টেম্প’ত ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি অহাৰ অৱস্থাতে সুনিপুৰ গাঁৱৰ সমীপত এখন শ্লীপাৰ কোচ বাছে তেওঁলোকৰ টেম্প’খনত খুন্দা মাৰে(Sleeper coach collision)।

এই শোকাৱহ দুৰ্ঘটনাটোত ৯ টি শিশুকে ধৰি ১২ গৰাকী লোকৰ মৃত্যু ঘটিছে(Fatal accident in Rajasthan)। ইফালে আহতসকলৰ ভিতৰত শ্লীপাৰ কোচ বাছখনৰ চালক আৰু কণ্ডাক্টৰজনো আছে। ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, আটাইকেইটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা দেওবাৰে কৰা হ’ব।

আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহন জিম্মাত লোৱাৰ লগতে এই শোকাৱহ দুৰ্ঘটনাটোৰ কাৰণ উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে । এই খবৰ অৱগত হোৱাৰ পাছতে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ জিলা উপায়ুক্ত, বাৰি চক্ৰ বিষয়াকে ধৰি আৰক্ষী আৰু প্ৰশাসনৰ বহুকেইগৰাকী শীৰ্ষ বিষয়াই সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: নৰ বলি! এটি শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতে পৰিয়ালৰ লোকে আনিলে এই গুৰুতৰ অভিযোগ

Related Articles