Physician Dr. Nomal Chandra Bora: জন্মস্থানত কৃষক বন্ধু আৰু ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপ চিকিৎসক নোমল চন্দ্ৰ বৰাৰ

গহপুৰ, ২০ অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক নোমল চন্দ্ৰ বৰাই(Physician Dr. Nomal Chandra Bora) ১৮ অক্টোবৰত তেওঁৰ জন্মস্থান ডুবিয়াত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত ডুবিয়াত উক্ত দিনা পুৱা ৯ বজাৰ‌ বিয়লি ৪ বজালৈকে গুৱাহাটীস্থিত জিএনআৰচিৰ উদ্যোগত বিনামূলীয়াকৈ বিশাল স্বাস্থ্য শিবিৰ ৰূপায়িত হয়। ডুবিয়া উন্নয়ন সমিতি আতিথ্যত ডুবিয়া আদৰ্শ ছোৱালী হাইস্কুলত অনুষ্ঠিত হোৱা এই বিনামূলীয়া স্বাস্থ্য শিবিৰত বৃহত্তৰ অঞ্চলটোৰ ছয় শতাধিক লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰে।

বিশেষকৈ বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ লগতে যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰীয়ে এই স্বাস্থ্য শিবিৰত যোগদান কৰে। উল্লেখ্য, জিএনআৰচি হাস্পতালৰ উদ্যোগত আৰু ডুবিয়া উন্নয়ন সমিতিৰ সহযোগত অনুষ্ঠিত এই বিশাল স্বাস্থ্য পৰীক্ষা শিবিৰত বিশিষ্ট চিকিৎসক তথা জি এন আৰ চিৰ মুৰব্বী ডাঃ নোমল চন্দ্ৰ বৰাৰ সৈতে এই শিবিৰত কার্ডিঅল’জী, নেফ্র’ল’জী, নিউৰ’ল’জী আৰু মেডিচিন বিভাগৰ সাত গৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায়।

অংশগ্রহণকাৰীসকলক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া পৰামর্শ প্ৰদান কৰাৰ লগতে বিনামূলীয়া ঔষধ, ৰক্ত শৰ্কৰা পৰীক্ষা আৰু ইচিজি পৰীক্ষা কৰা হয়। শিক্ষাবিদ তথা ৰাষ্ট্ৰপতিৰ কৃতী শিক্ষকৰ বঁটা প্ৰাপক ড০ যুগল বৰাই মুখ্য সমন্বয়ক হিচাপে উদ্যোগ লোৱা এই বিনামূলীয়া স্বাস্থ্য শিবিৰ মুকলি কৰা হয় পুৱা ৯ বজাত।

স্থানীয় বিধায়ক উৎপল বৰাই এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। ডুবিয়াৰ কেইবাখনো স্কুলৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাই। এই মত বিনিময় অনুষ্ঠানত সাৱলীল আৰু সকলোৰে বোধগম্য হোৱাকৈ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আগবঢ়ায়।

এই কাৰ্যসূচীতে বিশিষ্ট চিকিৎসক গৰাকীৰ পত্নী তথা ডুবিয়াৰ বোৱাৰী কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ জয়শ্ৰী দাস বৰাই অংশগ্ৰহণ কৰিয়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি নাতিদীৰ্ঘ ভাষণেৰে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

ছাত্ৰ-ছাত্ৰী তথা ৰাইজক সম্বোধন কৰি ডাঃ বৰাই কয়, ‘স্বাস্থ্যসেৱা এক মৌলিক মানৱ অধিকাৰ, বিশেষাধিকাৰ নহয়। সীমিত সামর্থ্য থকাসকলেও যাতে আর্থিক বোজা বহন নকৰাকৈ স্বাস্থ্যৰ যত্ন ল’ব পাৰে, তাৰ বাবে আমি অসমৰ প্ৰতিটো কোণলৈ উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়াই নিয়াৰ বাবে সংকল্পবদ্ধ।”

তেওঁ ভাষণ প্ৰসংগত ১৯৮৫ চনত জিএনআৰচি হস্পিতাল প্ৰতিষ্ঠা কৰাৰ সেই স্মৰণীয় মুহূৰ্তৰ কথাও অৱগত কৰে। ইফালে বিশিষ্ট চিকিৎসকগৰাকীয়ে জন্মভূমিত উপস্থিত হৈ কৈশোৰৰ জীৱন সংগ্ৰামৰ কথা ছাত্ৰ-ছাত্ৰীৰ আগত অৱগত কৰি আবেগিক হৈ পৰে। কৃষক বন্ধুৰ সৈতেও ভাব বিনিময় কৰাৰ অন্তত বিয়লি ৩ বজাত সাংবাদিকৰ সৈতে মত বিনিময়(Intimate Conversation) কৰে।

তেওঁ তেওঁৰ জন্ম স্থান ডুবিয়াত জি এন আৰ চিৰ এটি শাখা আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথাও সাংবাদিকক অৱগত কৰে। এই স্বাস্থ্য শিবিৰৰ সফলতাই সমাজৰ অভাৱগ্ৰস্ত শ্ৰেণীৰ বাবে বিভিন্ন পদক্ষেপৰ জৰুৰী প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উত্তৰ-পূব ভাৰতত স্নায়ুজনিত সেৱাৰ অগ্রণী হিচাপে পৰিচিত জিএনআৰটি হাস্পতালে চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা অহৰহ সম্প্ৰসাৰণ কৰি আহিছে।

এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো হৈছে অঞ্চলটোৰ কম আয়ৰ লোকসকলৰ স্বাস্থ্যসেৱাৰ সুলভতাৰ ব্যৱধান দূৰ কৰিবলৈ জিএনআৰচি চিকিৎসালয়সমূহে পৰিকল্পনা কৰা বহু অগ্ৰণী প্ৰচেষ্টাৰ ভিতৰত অন্যতম।

স্বাস্থ্য শিবিৰত উপস্থিত থকাসকলে বিশেষজ্ঞ চিকিৎসকৰ পৰা বিনামূলীয়া পৰামৰ্শ লাভ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন(Internationally Renowned Physician) চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাৰ লগতে ডাঃ ধ্ৰুৱজ্যোতি চৌধুৰী, ডাঃ কৃষ্ণ চন্দ্ৰ নাৰ্জাৰী, ডাঃ পাৰভেজ বি চৌধুৰী, ডাঃ সুদীপ্ত হাজং, ডাঃ বিবেকানন্দ লেণ্ড, ডাঃ ইৰছাদ আহমেদ আৰু ডাঃ জাহিব হাছানে অংশগ্ৰহণ কৰি বিনামূলীয়া চিকিৎসা শিবিৰ প্ৰাণৱন্ত কৰি তোলে।

এই স্বাস্থ্য শিবিৰত ডাঃ বৰাৰ পুত্ৰ ডাঃ মাধুৰ্য বৰা, জী তথা জি এন আৰ চিৰ বিশেষ দায়িত্বত থকা শতাব্দী বৰাৰ লগতে চিকিৎসালয়খনৰ ভালেসংখ্যক চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

স্বাস্থ্য শিবিৰ মুকলি অনুষ্ঠানত গহপুৰ মহকুমাৰ চিকিৎসা বিভাগ, শিক্ষা বিভাগৰ লগতে অন্যান্য বিভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য, ছাত্ৰ-ছাত্ৰীৰে অন্তৰংগ আলাপৰ অন্তত বৃক্ষমানৱ বকুল গগৈৰ উদ্যোগত বিশিষ্ট চিকিৎসক ডাঃ নোমল চন্দ্ৰ বৰাই বিদ্যালয়ৰ চৌহদত এটি মূল্যবান গছপুলি ৰোপণ কৰে।(Farmers and Students)

Related Articles