Karva Chauth 2024: কোন কোন বলীউড সুন্দৰীয়ে পতিৰ বাবে থাকিলে উপবাসে! স্বামীৰ দীৰ্ঘায়ুৰ বাবে কৰিলে প্ৰাৰ্থনা

(Karva Chauth 2024) ২০ অক্টোবৰত সমগ্ৰ দেশজুৰি কৰৱা চৌথ ২০২৪ উৎসৱ উদযাপন কৰা হয়। বলীউডৰ সুন্দৰীসকলেও স্বামীৰ বাবে ব্ৰত ৰাখি আৰু তেওঁলোকৰ দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে। কেটৰিনা কাইফ, প্ৰিয়ংকা চোপ্ৰা, পৰিনীতি চোপ্ৰাৰ পৰা আৰম্ভ কৰি শিল্পা শ্বেট্টী আৰু সোনাক্ষী সিনহালৈকে বহু অভিনেত্ৰীয়ে স্বামীৰ মংগলৰ বাবে এই বিশেষ দিনটো অতি বিশেষ ধৰণে উদযাপন কৰে।

বিশেষ কথাটো হ’ল এই অভিনেত্ৰীসকলৰ বহুতৰে বাবে এয়া তেওঁলোকৰ প্ৰথম কৰৱা চৌথ, যাৰ ফটো আৰু ভিডিঅ’ তেওঁলোকে তেওঁলোকৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।(katrina kaif priyanka chopra and other actress share beautiful photo videos of karva chauth)

(katrina kaif)বলীউডৰ সকলো অভিনেত্ৰীয়ে নিজৰ নিজৰ শৈলীৰে উদযাপন কৰিছে কৰৱা চৌথ। ইফালে, কেটৰিনা কাইফেও নিজৰ ইনষ্টাগ্ৰামত কৰৱা চৌথৰ সুন্দৰ ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক পৰিয়ালৰ সৈতে এই উৎসৱ উদযাপন কৰা দেখা গৈছে। এই বিশেষ দিনটোৰ বাবে কেটে বাছি লৈছিল গোলাপী ৰঙৰ শাৰী। লগতে ফটোখনত কেটৰিনাৰ স্বামী ভিকি আৰু শাহুৱেক আৰু শহুৰেকৰ সৈতে পোজ দিয়া দেখা গৈছে।

চলিত বৰ্ষৰ জুন মাহত দীৰ্ঘদিনীয়া প্ৰেমিক জহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সোণাক্ষী সিনহাইও প্ৰথমবাৰৰ বাবে কৰৱা চৌথ উদযাপন কৰে। সোণাক্ষীয়ে নিজৰ ইনষ্টাগ্ৰামতো এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত জহীৰৰ সৈতে ফূৰ্তি কৰা দেখা গৈছে।(sonaksi sinha)

যোৱা বছৰৰ নৱেম্বৰ মাহত বিবাহপাশত আবদ্ধ হোৱা ৰনদীপ হুদা আৰু লিন লায়শ্ৰমেও প্ৰথমবাৰৰ বাবে কৰৱা চৌথ উদযাপন কৰে। যদিও লিনে উপবাসে থকা নাছিল, তথাপিও তেওঁৰ ইনষ্টাগ্ৰামত কিছুমান ছবি শ্বেয়াৰ কৰিছিল, য’ত লিনক মেৰুণ ৰঙৰ শাৰী পিন্ধি দেখা গৈছে। লগতে তাই জলপানৰ দ্বিতীয়খন ছবি শ্বেয়াৰ কৰি কয় যে ৰনদীপে তাইক ব্ৰতত থাকিবলৈ মানা কৰিছে। সেইবাবেই তেওঁ জলপান খাই কৰৱা চৌথ উদযাপন কৰিছে।

শ্বাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুতেও তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কিছু ছবি শ্বেয়াৰ কৰিছে, যিবোৰ কৰৱা চৌথ উদযাপনৰ। মীৰা কৰৱা চৌথ পূজাৰ বাবে অনিল কাপুৰৰ ঘৰত উপস্থিত হৈছিল। এই বিশেষ দিনটোৰ বাবে মীৰাই বাছি লৈছিল গোলাপী ৰঙৰ শাৰী। শ্বাহিদ কাপুৰৰ সৈতে এখন মৰমলগা চেলফিও পোষ্ট কৰিছিল, য’ত দুয়োকে অতি ৰোমান্টিকভাৱে সাৱটি ধৰা দেখা গৈছে।

পৰিনীতি চোপ্ৰাই এইবাৰ দ্বিতীয়টো কৰৱা চৌথ উদযাপন কৰে, যাৰ বাবে তেওঁ গোলাপী ৰঙৰ চুট বাছি লৈছিল। পৰিনীতি চোপ্ৰাইও নিজৰ ইনষ্টাগ্ৰামত কৰৱা চৌথ উদযাপনৰ বহু ফটো শ্বেয়াৰ কৰে, য’ত তেওঁক পৰিয়ালৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰা দেখা গৈছে।

প্ৰিয়ংকা চোপ্ৰাইও স্বামী নিক জ’নাছৰ সৈতে কৰৱা চৌথ উদযাপন কৰে, যাৰ কিছু ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ফটোখনত নিকে প্ৰিয়ংকাক পানী খোৱাই থকা দেখা গৈছে। অনুৰাগীসকলে এই সকলোবোৰ ছবি বৰ ভাল পাইছে। ফটোখনত প্ৰিয়ংকাক ৰঙা সাজ পিন্ধি দেখা গৈছে। লগতে ফটোখনত প্ৰিয়ংকাই হাতত মেহেন্দী লগোৱা দেখা গৈছে।(priyanka chopra)

Related Articles