Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

বঙাইগাঁও, ২১ অক্টোবৰঃ মই কেতিয়াও সপোনোতো ভবা নাছিলোঁ যে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(By Blection) আমাৰ দলৰ প্ৰাৰ্থী মোৰ পৰিবাৰ দীপ্তিময়ী চৌধুৰী(Diptimoy Chowdhury) হ’ব৷ কিন্তু কোনে এই নামটো উলিয়ালে সেইটো গৱেষণা কৰিবলগীয়া কথা হৈছে মোৰ কাৰণে৷ কাৰণ আপোনালোকে মোক ভাল পায়, শ্ৰদ্ধা কৰে৷

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ’ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

দেওবাৰে বঙাইগাঁও অগপ কাৰ্যালয়ত অনুষ্ঠিত এখন দলীয় সাধাৰণ সভাত সাংসদ চৌধুৰীয়ে এইদৰে কয়৷ উল্লেখ্য, শেতীয়াভাৱে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানকলৈ অগপ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে চূড়ান্ত ৰূপ লোৱাৰ ফলত আচম্বিতে দলটোৰ বঙাইগাঁও বিধান পৰিষদৰ সভাপতি বিজয় সিংহ, সম্পাদক তথা প্ৰাৰ্থিত্বৰ প্ৰৱল দাবীদাৰ শৈলেন্দ্ৰ সৰকাৰসহ বহুকেইজন নেতা- কৰ্মীয়ে শনিবাৰে দলত্যাগ কৰাৰ ফলত দলৰ ভিতৰ চ’ৰাত উদ্ভৱ হোৱা পৰিস্থিতিৰ সৈতে মোকামিলা কৰাৰ বাবে তথা দলীয় শৃংখলা আৰু সাংগঠনিক দিশ অটুত ৰখাৰ স্বাৰ্থত দেওবাৰে দলটোৱে ততাতৈয়াকৈ এখন তদৰ্থভিত্তিক বঙাইগাঁও বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে৷

মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’লোঁ মই : ফণীভূষণ চৌধুৰী

দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ সঞ্চালনাত অনুষ্ঠিত সাধাৰণ সভাত প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি দলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়টো আলোচনা হয়৷ অগপ দলৰ লগতে মহিলা পৰিষদ, যুৱ পৰিষদৰ নেতা-কৰ্মীসকল উপস্থিত থকা সভাত বিভিন্নজনে দলৰ পৰা ওলাই যোৱা সকলক সমালোচনা কৰাৰ লগতে দলত থকাসকলে আগন্তুক সময়ত দলটোক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰি যাবলৈ সকলো দলীয় কৰ্মীকে আহ্বান জনায় ৷

সভাত দলটোৰ ১৯ খন আঞ্চলিকে সাংসদ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰে৷ সেইদৰে ২৪ অক্টোবৰত অগপ দলৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণেও সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাত সৰ্বসন্মতভাবে অশোক নাৰায়ণ দেৱক সভাপতি, হেমন্ত ৰায়, লীনা সিংহ, মনোৰঞ্জন চৌধুৰী,শিবেন সৰকাৰ আৰু নিতেশ্বৰ ৰায়ক উপ সভাপতি, কিৰণ বৰ্মন আৰু শশীভূষণ মেধী সাধাৰণ সম্পাদক, পলাশ শাস্ত্ৰী, সুশান্ত দত্ত, বিকাশ পাঠক,হিমাংশু মহন্ত, বিকাশ ঘোষ, গোপাল কীৰ্তনীয়া আৰু পৰমেশ্বৰ শৰ্মাক সহঃসম্পাদক, নিৰ্মল চৌধুৰী আৰু ম়ণ্ময় নাথক তথ্য, প্ৰচাৰ আৰু প্ৰযুক্তি বিভাগৰ সম্পাদক, বিপুল চৌধুৰী আৰু ৰবি সৰকাৰক বিত্ত বিভাগৰ সম্পাদক, মণ্টুমোহন ৰায়, প্ৰণৱ চৌধুৰী আৰু বক্তিয়াৰ ৰহমানক সাংগঠনিক সম্পাদক, ৰছিদুল আহমেদ আৰু ধনঞ্জয় ৰায়ৰ কাৰ্যালয় সম্পাদক, নিৰেন চন্দ্ৰ দাসক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, মুকুল বৰুৱাক কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য তথা আন ৪৪ জনক কাৰ্যনিৰ্বাহক সদস্য হিচাপে লৈ মুঠ ৭০ জনীয়া বঙাইগাঁও বিধান পৰিষদৰ তদৰ্থ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়৷

এই তদৰ্থ সমিতিখন কেন্দ্ৰিয় সমিতিৰ পৰা অনুমোদন জনাই আনিব বুলিও সভাৰ সভাপতি তথা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে অৱগত কৰে৷ ইপিনে সভাত উপস্থিত থকা অগপৰ জ্যেষ্ঠ নেতা তথা সাংসদ ফণীভূষণ চৌধুৰীয়ে নিজৰ বক্তব্যত কয় যে তেওঁৰ পৰিবাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আটাইতকৈ তেওঁ বেছি ক্ষতিগ্ৰস্ত হ’ব৷ সেয়ে যদিহে পাৰে তেওঁক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা মুক্তি দিয়ক৷ দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হলে ভাল পাম আৰু আন কোনোবা হলে বেয়া পাম এইটো নহয়৷

পাৰিলে আন প্ৰাৰ্থী চাবলৈকো কয়৷ লগতে তেওঁ দীপ্তিময়ী চৌধুৰীৰ নামটো যিসকলে প্ৰাৰ্থী হিচাপে উলিয়াছে আৰু সমৰ্থন জনাইছে সেইসকলৰ প্ৰতি আবেদন জনাই কয় যে অকল নামটো উলিয়াই দিলেই বা প্ৰাৰ্থিত্ব প্ৰদান কৰিলেই তথা প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱেশ এটা সৃষ্টি কৰিলেই আপোনালোকৰ দায়িত্ব শেষ হৈ নাযায়৷

বৰং আপোনালোকৰ দায়িত্বৰ আৰম্ভণিহে হৈছে৷ মই আশা ৰাখিম বঙাইগাঁও সমষ্টিত অগপৰ যিটো ভেঁটি তথা যিটো দুৰ্গ বুলি আমি অসমৰ ৰাইজৰ আগত পৰিচিত সেই ভেঁটিটো অক্ষত ৰাখিব লাগিব৷ মই নিৰ্বাচনত যিমান ভোট লাভ কৰিছিলো তাতোকৈ এটা হলেও যাতে দীপ্তিময়ী চৌধুৰীয়ে বেছি ভোট লাভ কৰে সেই চিন্তাটো কৰক৷ তেতিয়াহে মই শান্তি পাম বুলিও কয়৷ তেওঁ সভাত কয় যে মোৰ ৩৮ টা বছৰৰ কাৰ্যকালত যিসকলক আটাইতকৈ বেছি সহায় কৰিলো, সুবিধা প্ৰদান কৰিলো সেইসকল তেওঁৰ ওচৰৰ পৰা আতৰি গৈ আছে৷ এই দলটো নেথাকিলে সেইসকল ব্যক্তিৰ আজিৰ যিটো অৱস্থা হৈছে হয়তো নহ’লহেতেন৷

অগপ দলৰ বাবেহে তেওঁলোকে আজিৰ অৱস্থা পাইছে৷ তেওঁ পদত্যাগ কৰা দুই এজন ব্যক্তিৰ নাম উল্লেখ নকৰাকৈ এইদৰে কৈ সমালোচনা কৰে৷ আনহাতে সভাৰ অন্তত সাংসদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এতিয়াও যিহেতু প্ৰাৰ্থী ঘোষণা হোৱা নাই সেয়ে আমি অহা ২৪ অক্টোবৰতহে মনোনয়ন পত্ৰ দাখিল কৰিম৷ লগতে আমি যিহেতু অগপ দলে অকলে নিৰ্বাচন খেলা নাই সেয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে আমি যি তিনিটা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ আছো সেই মিত্ৰ দলৰ এখন সভা অনুষ্ঠিত হ’ব আৰু সভাত এখন নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰা হ’ব৷

সেই নিৰ্বাচন পৰিচালনা সমিতিখনে নিৰ্বাচনটো পৰিচালনা কৰিব৷ সভাত যিহেতু অগপৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে পদত্যাগ কৰিছে সেয়ে দলটোৰ এখন তদৰ্থ সমিতি গঠন কৰা হয়৷ অশোক নাৰায়ণ দেৱক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে৷ জিলা সভাপতি আৰু সম্পাদকে পদত্যাগ কৰাৰ পিছত দলটো কিমান শক্তিশালী হ’ব বা দুৰ্বল হ’ব বুলি সাংবাদিকে সোধাক কয় যে মানুহৰ মনত হাতীটো আছে৷

মানুহৰ মনত আঞ্চলিকতাবাদ আছে৷ গতিকে মই ভাবো যে আমাৰ দলত যিসকল আছে সেইসকলে বিষয়টো প্ৰত্যাহ্বান হিচাপে লৈছে আৰু দলটো পূৰ্বতকৈ আৰু অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই সভাৰ জৰিয়তে সংকল্পবদ্ধ হৈছে৷ মই ভাবো যে দলটো আৰু অধিক শক্তিশালী হ’ব৷ কাৰণ মানুহৰ মনত যেতিয়া প্ৰত্যাহ্বান আহি যায় তেতিয়া সাধাৰণ পৰিৱেশত বেলেগ হয় আৰু প্ৰত্যাহ্বানৰ পৰিৱেশত বেলেগ হয়৷ সেয়ে পদত্যাগৰ বিষয়টোক যিহেতু প্ৰত্যাহ্বান হিচাপে লৈছে সেয়ে দলটো শক্তিশালী হ’ব৷

আনহাতে দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব নিশ্চিত নেকি বুলি সাংবাদিকে সোধাত সাংসদ চৌধুৰীয়ে কয় যে মই দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’ব লাগে বুলি কেতিয়াও কোৱা নাই আৰু এতিয়াও কোৱা নাই৷ বৰং মই সভাত স্পষ্ট ভাষাত কৈছো যে দীপ্তিময়ী চৌধুৰীৰ নামটো কেনেকৈ আহিল এইটো গৱেষণা কৰিবলগীয়া কথা হৈছে৷ ৰাইজৰ মাজৰ পৰা নামটো আহিছে আৰু তেওঁলোকৰ এটাই লক্ষ্য যে দীপ্তিময়ী চৌধুৰীক পালে আমি ফণীভূষণ চৌধুৰীক পাম৷ এইটো যুক্তিতে তেওঁলোকে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচাৰি আছে৷ দীপ্তিময়ী চৌধুৰী যে বিৰাট শিক্ষিত বা বিৰাট যোগ্য সেই কথাটোত মোৰ দ্বিমত আছে৷ প্ৰাৰ্থিত্বৰ কথাটোত মহিলা পৰিষদ, যুৱ পৰিষদ বা আমাৰ দলৰ যিসকল কৰ্মীয়ে দীপ্তিময়ী চৌধুৰীক বিচাৰি আছে তেওঁলোকৰ এটাই কাৰণ আৰু সেইটো হ’ল দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হোৱাটো তেওঁলোকৰ আচল লক্ষ্য নহয়৷

তেওঁলোকৰ লক্ষ্য হৈছে ফণীভূষণ চৌধুৰীক আমি পাম, ফণীভুষণ চৌধুৰীয়ে বিধায়ক হিচাপে আমাৰ কামবিলাক কৰিব পাৰিব আৰু এইটোৱে তেওঁলোকৰ একমাত্ৰ লক্ষ্য৷ লগতে সেই লক্ষ্য লৈয়ে তেওঁলোকে আগবাঢ়িছে৷ তেওঁ যদিওবা ৰাইজে দীপ্তিময়ী চৌধুৰীক সমৰ্থন জনাইছে তথাপিতো নিৰ্বাচনী প্ৰাৰ্থী বাচনি সমিতিয়ে প্ৰতিবেদন কেন্দ্ৰীয় সমিতিক দিয়াৰ পিছত প্ৰাৰ্থীৰ নাম চূড়ান্ত হ’ব বুলি কয়৷ লগতে কাইলৈ বা পৰহিৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বুলিও কয়৷ ইপিনে দলৰ পৰা যিকলে পদত্যাগ কৰিছে তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি কৈ কয় যে তেওঁলোকে যি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ আনিলে তাৰ কাৰণে দীপ্তিময়ী চৌধুৰীৰৰ নামটো কৰ পৰা উচ্চাৰিত হ’ল, কোনে আনিলে, কিয় এই পৰিৱেশটো হ’ল তাৰ সত্যসত্যতা তেওঁলোকে নিৰূপণ কৰক৷ লগতে এই ক্ষেত্ৰত ফণীভুষণ চৌধুৰী জড়িত আছো নে নাই ইয়াৰ সত্যসত্যতাও তেওঁলোকে নিৰূপণ কৰক বুলিও অগপ নেতা চৌধুৰীয়ে তেওঁলোকলৈ আহ্বান জনায়৷

তেওঁ আৰু কয় যে পদত্যাগ কৰাসকল দললৈ ঘুৰি অহাৰ প্ৰতি তেওঁৰ আহ্বান থাকিব, কিন্তু এনেকুৱাও দুই চাৰিজন আছে যিসকল পদত্যাগ কৰাই নাই৷ চোকাপাৰাৰ তিনিজন, নিত্য সৰকাৰ বুলি আন এজনে দলৰ পৰা পদত্যাগেই কৰা নাই৷ অথচ তেওঁলোকো পদত্যাগ কৰা বুলি নাম দিছে৷ নিত্য সৰকাৰক সভালৈ মাতিছিল যদিও কি সভা আছিল নাজানে৷ সভাত চহী কৰিছিল আৰু সেইটো পদত্যাগ কৰা বুলি উলিয়াই দিছে৷ আনহাতে পদত্যাগী সম্পাদক শৈলেন্দ্ৰ সৰকাৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বিচৰা নাই আৰু দীপ্তিময়ী চৌধুৰীৰ সলনি আন ব্যক্তি প্ৰাৰ্থী হলে তেওঁ দলত থাকিব বুলি কৰা মন্তব্য সন্দৰ্ভত জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে কয় যে মই নিজেও কৈছো আন প্ৰাৰ্থী হওক৷ কাৰণ মানুহে সঁচা কথাটো উপলব্ধি কৰিব পৰা নাই আৰু বুজা নাই৷

মই এতিয়াও কৈছো যে মোৰ যিটো বদনাম হৈছে আৰু মানুহে মোক বদনাম কৰিছে যে মই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি আছো বুলি, আচলতে পৰিয়ালকেন্দ্ৰিকটো মই কৰা নাই৷ সেই কাৰণে সভাত কৈছো যে এতিয়াও প্ৰাৰ্থিত্বৰ বিষয়টো চিন্তা কৰক আৰু যদি আন কোনোবা এজন প্ৰাৰ্থী পায় চাওক৷ এই কথাটো আজিয়ে নহয় এমাহ ধৰি মই কৈ আহিছো৷ কিন্তু শৈলেন্দ্ৰ সৰকাৰে আজি কৈছে৷ মই এজন তৃতীয় প্ৰাৰ্থী উলিয়াবলৈ কৈছিলো৷

কিন্তু পৰিৱেশটো এনেকুৱা হৈ গ’ল যে এতিয়া আৰু সেই পৰিৱেশটো ঘুৰাই আনিব পৰাৰ সময় নাই৷ এটা সুযোগ আছিল যদিও কোনোবাই হেৰুৱালে৷ সাংসদগৰাকীয়ে কয় যে এই ঘটনাৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তিক ম্লান পেলাব আৰু মই নিজে জানো ম্লান পৰিব৷ মই সভাত সেয়ে দলীয় কৰ্মীসকলক কৈছো যে আপোনালোকে মোক বদনামি কৰাই দিলে৷ মই পত্নী দীপ্তিময়ী চৌধুৰীৰ প্ৰাৰ্থিত্ব বিচৰা নাছিলো, আপোনালোকেহে বিচাৰিছিল৷ গতিকে মই যে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থী হিচাপে বিচৰা নাছিলো বৰং আপোনালোকে বিচৰাৰ বাবেহে যে মই বাধ্য হ’বলগীয়া হৈছে এই কথাটো ৰাইজক বুজাওক৷

বেলেগ সমষ্টিত বুজাব নালাগে৷ অন্তত বঙাইগাঁও সমষ্টিৰ প্ৰতিগৰাকী ভোটাৰক বুজাওক যে দীপ্তিময়ী চৌধুৰী ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থী নহয়৷ দীপ্তিময়ী চৌধুৰী তেওঁলোকৰ প্ৰাৰ্থী বুলিহে বুজাবলৈ দলীয় কৰ্মীসকলক সভাত আহ্বান জনোৱা বুলিও কয়৷ তেওঁ কয় যে নিৰ্বাচনৰ সময়ত এনেকুৱা পৰিস্থিতি হয়ে৷ ১৯৮৫ চনত যেতিয়া মই প্ৰথম বিধায়ক হৈছিলো তেতিয়াও ইয়াত আন প্ৰাৰ্থী ওলাইছিল৷ তাৰ পিছত সাতটা কাৰ্যকালত ওলোৱা নাছিল যদিও কিছুমান মানুহৰ মাজত চিন্তা থাকে যে মই প্ৰাৰ্থী হ’ব পাৰিলে ভাল আছিল বুলি৷ কিন্তু তেওঁৰ জনপ্ৰিয়তাৰ লগত যেতিয়া মোৰ জনপ্ৰিয়তাটো ৰিজাই চায় তেতিয়া সাহস নকৰে ৷ যেনেকৈ প্ৰভাত বৈষ্ণৱে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব বিচাৰিছিল৷ তেতিয়া মই কৈছিলো যে তেওঁক কেৱল বঙাইগাঁৱৰ মানুহেহে জানে৷

গতিকে যদি প্ৰাৰ্থী হ’ব বিচৰা তেতিয়াহলে আমাৰ লগত ঘুৰা- ফিৰা কৰ যাতে লোকসভা সমষ্টিৰ মানুহে চিনি পায়৷ আজি এই কথাটো তেওঁ না কৰিব, কিন্তু এই কথাটো মই তেওঁক কৈছিলো৷ উল্লেখ্য, অগপ দলত সৃষ্টি হোৱা এই সংঘাতকলৈ বিৰোধী দলসমূহৰ মাজত ব্যাপক চৰ্চা চলিছে৷ আনকি আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপ দলত ঘটা এই সংঘাতে বিৰোধী দলক লাভাম্বিত কৰিব পাৰিব বুলিও আশা কৰিছে৷ লগতে এইবাৰৰ উপ নিৰ্বাচনতো অগপৰ কিছু ভোট আন দলৰ প্ৰাৰ্থীলৈ যাব পাৰে বুলিও বিভিন্নজনে শংকা প্ৰকাশ কৰিছে ৷ কাৰণ সাংসদ পত্নীৰ প্ৰাৰ্থিত্বকলৈ অগপৰ বহু দলীয় নেতা-কৰ্মীয়ে অসন্তুষ্ট যদিও বাহিৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ সেয়ে কিছু ভোট আন দলৰ প্ৰাৰ্থীয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

সেইদৰে মিত্ৰদল বিজেপিয়ে ইতিমধ্যে ২০২৬ চনৰ নিৰ্বাচনত বঙাইগাঁও সমষ্টি নিজৰ দখললৈ নিয়াৰ বাবে ভিতৰি ভিতৰি ব্লুপ্ৰিণ্ট ৰচনা কৰি দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ বাবে উঠি পৰি লাগিছে৷ এনে অৱস্থাত অগপ দলত সংঘাত হোৱা মানে বিজেপি লাভাম্বিতহে হ’ব৷ কাৰণ ২৬’ত বিজেপিয়ে অগপক বঙাইগাঁও সমষ্টি এৰি দিয়ে নে নিদিয়ে বা দুই দলৰ মাজত মিত্ৰতা হয় নে নাই এতিয়াই ক’ব নোৱাৰি৷ গতিকে অগপৰ দুৰ্গখ্যাত বঙাইগাঁও সমষ্টিটো পৰৱৰ্তী সময়ত অগপৰ দখলতে থাকে নে আন দলৰ দখললৈ যায় সেয়ে সময়তহে স্পষ্ট হ’ব৷

Related Articles