Love Jihad Land Jihad: বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে : পল্লৱ শইকিয়া

শিলচৰ, ২১ অক্টোবৰ : অসমত এটা বিশেষ সম্প্ৰদায়ে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই এই মন্তব্য কৰিছে।হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত দেওবাৰে শিলচৰ গান্ধী ভৱনত হিন্দু সন্মিলন আৰু আলোচনা সভা অনুষ্ঠিত হয়। আলোচনা সভাত বিশিষ্ট ব্যক্তিসকলে ‘জিহাদ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰ’ বিষয়ত ভাষণ দিয়ে। লগেত হিন্দু যুৱ পৰিষদৰ(Hindu Yuva Parishad) কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়াই জেহাদৰ আগ্ৰাসন, প্ৰকৃতি আৰু প্ৰতিকাৰৰ ওপৰতো বক্তব্য আগবঢ়ায়।

তেওঁ কয় যে, বৰ্তমান অসমৰ এটা বিশেষ সম্প্ৰদায়ৰ(Special Communities) ৰাইজে লাভ জেহাদৰ লগতে ভূমি জেহাদৰ(Love Jihad Land Jihad) জৰিয়তে নিজৰ প্ৰতিপত্তি বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে। অসমত লাভ জেহাদৰ সৈতে ভূমি জেহাদৰ সমস্যা এতিয়া জটিল হৈছে৷

হিন্দু যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়া

লাভ জেহাদৰ বাবে ভুক্তভোগী হিন্দু ছোৱালী-বোৱাৰী যথেষ্ট ক্ষতিৰ সম্মুখীন হ’ব লগা হৈছে৷ তেওঁ হিন্দু যুৱ সমাজক জেহাদৰ আগ্ৰাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিৰোধ গঠন কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, বাঙালী, অসমীয়া(Assamese), হিন্দীভাষী লোকসকলক একত্ৰিত হৈ জেহাদৰ বিৰুদ্ধে থিয় দিবলৈ অনুৰোধ জনায়।তেওঁ কয়, মুছলমান পুৰুষে মিছা অভিনয় কৰি হিন্দু মহিলাক বিবাহৰ বাবে প্ৰলোভিত কৰি আছে, যাতে তেওঁলোকক ইছলাম ধৰ্ম গ্ৰহণ কৰি ভাৰতত হিন্দুৰ ওপৰত মুছলমানৰ আধিপত্য নিশ্চিত কৰা হয়।

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই(Dr. Himanta Biswa Sarma) এই জেহাদসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও হিন্দু সমাজক এই ক্ষেত্ৰত সজাগ হোৱাৰ সময় হৈছে বুলি উল্লেখ কৰে তেওঁ।

এইদিনা এই উপলক্ষে আলোচনা সভাত বিশিষ্ট সমাজসেৱী শিৱানী গাংগুলী, হিন্দুত্ববাদী নেতা অসিত চক্ৰৱৰ্তী, পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰঞ্জু নাথ, সাধাৰণ সম্পাদক দীপজ্যোতি দুৱাৰা, প্ৰচাৰ সম্পাদক উজ্জ্বল তামুলী, সমাজসেৱক বাসুদেৱ ভট্টাচাৰ্য আদিয়ে ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানত উত্তৰানয়ন সাংস্কৃতিক সংস্থাসহ বিভিন্ন সংগঠনৰ শিল্পীসকলে সমবেত সংগীত আৰু নৃত্য পৰিৱেশন কৰে।

Related Articles