Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ, ২১ অক্টোবৰ : ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত টিকিক নেপাই শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰা অমিয় কান্তি দাসে ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।(Dholai)

নিশা ধলাইৰ নৰসিংপুৰত অনুষ্ঠিত হোৱা বৈঠকত তেওঁ এই কথা ঘোষণা কৰে । অমিয় কান্তি দাসে কয়, “মই দীৰ্ঘদিন ধৰি মানুহৰ বাবে কাম কৰি আহিছো। দলটোৰ বাবে কাম কৰাৰ পিছতো দলটোৱে মোৰ অৱদানক উপযুক্ত স্বীকৃতি নিদিলে। গতিকে দল এৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছি। মোৰ উদ্দেশ্য ধলাইবাসীৰ সেৱা কৰা আৰু তেওঁলোকৰ উন্নয়নৰ বাবে কাম কৰা।” তেওঁ কয়, সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত দলৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তৰ সৈতে একমত নহয় । সেই কাৰণেই তেওঁ দলৰ সকলো পদ আৰু সদস্যপদৰ পৰা পদত্যাগ কৰে। অমিয় কান্তি দাসৰ এই সিদ্ধান্তই ধলাই সমষ্টিত ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে , বিজেপিৰ প্ৰাক্তন নেতাগৰাকীৰ এই পদক্ষেপে উপ-নিৰ্বাচনত নতুন সমীকৰণৰ সৃষ্টি কৰিব পাৰে। ধলাইৰ সাধাৰণ ৰাইজেও এই বিষয়ত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কোনো কোনোৱে অমিয় কান্তি দাসৰ এই সাহসী পদক্ষেপক সমৰ্থন কৰাৰ বিপৰীতে আন কোনোৱে তেওঁৰ সিদ্ধান্তক সমালোচনা কৰে। তেওঁৰ এই নতুন ভূমিকাই আগন্তুক উপ-নিৰ্বাচনত কি প্ৰভাৱ পেলাব সেয়া হ’ব লক্ষ্যণীয়।

Related Articles