PM Modi Russia Visit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাছিয়ালৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২২ অক্টোবৰ: মঙলবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, বিশ্বৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী সম্পৰ্কীয় একাধিক মূল বিষয়ৰ(Global issues and fostering bilateral relations) ওপৰত আলোচনাৰ বাবে ব্ৰিকছ সন্মিলনে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে । ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে দুদিনীয়া ভ্ৰমণ(PM Modi Russia Visit)ৰ কাৰ্যসূচীৰে ৰাছিয়াৰ কাজান চহৰলৈ যাত্ৰাৰ পূৰ্বে মোদীয়ে এক বিবৃতিৰ জড়ডিয়তে এইদৰে উল্লেখ কৰে।

বিগত বছৰত নতুন সদস্যৰাষ্ট্ৰ সংযোজনৰ ফলত হোৱা ব্ৰিকছৰ সম্প্ৰসাৰণে বিশ্ব উন্নয়নৰ বাবে ইয়াৰ সৰ্বাংগীনতা আৰু এজেণ্ডাক অধিক শক্তিশালী কৰা বুলিও তেওঁ উল্লেখ কৰে।

ৰাছিয়াই আয়োজন কৰা এই সন্মিলন(BRICS Summit in Kazan)ক​ইউক্ৰেইনৰ সংঘাত আৰু পশ্চিম এছিয়াৰ পৰিস্থিতি বৃদ্ধি পোৱাৰ মাজতে অপশ্চিমীয়া শক্তিসমূহে নিজৰ প্ৰভাৱ প্ৰদৰ্শন কৰাৰ এক প্ৰয়াস হিচাপে গণ্য কৰা হৈছে।

ব্ৰিকছ (ব্ৰাজিল-ৰাছিয়া-ভাৰত-চীন-দক্ষিণ আফ্ৰিকা)ৰ মাধ্যমেৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈকো সাজু হৈছে মোদী।

যোৱা বছৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনত গোটটোৰ সম্প্ৰসাৰণৰ পিছত এইখন হ’ব এই গোটৰ প্ৰথমখন শীৰ্ষ সন্মিলন।

‘ভাৰতে বিশ্ব উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰিত বহুপক্ষীয়তাবাদ, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখল নিৰ্মাণ, সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ প্ৰসাৰিত কৰা আদি বিষয়সমূহৰ ওপৰত আলোচনাৰ বাবে এই সন্মিলনে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে’- ৰাচিা ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী(Prime Minister Narendra Modi)য়ে নিজৰ বিবৃতিটোত এইদৰে উল্লেখ কৰে।

মোদীয়ে লগতে কয় যে, তেওঁৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত থকা ‘বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ক আৰু অধিক শক্তিশালী কৰিব। উল্লেখ্য যে, চলিত বৰ্ষৰ জুলাই মাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা মস্কো ভ্ৰমণৰ সময়ত ৰাচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে তেওঁ শীৰ্ষ আলোচনাত মিলিত হৈছিল।

মোদীয়ে বিবৃটিটোত উল্লেখ কৰে যে ২০২৪ চনৰ জুলাই মাহত মস্কোত অনুষ্ঠিত হোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনৰ ওপৰত নিৰ্ভৰ কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু বিশেষ সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰিব। ব্ৰিকছৰ আন নেতাসকলকো লগ পাবলৈ আগ্ৰহী বুলিও তেওঁ কয়।

‘এক্স’ৰ এটা পোষ্টত মোদীয়ে উল্লেখ কৰিছিল, শীৰ্ষ সন্মিলনত বিস্তৃত বিষয়ৰ ওপৰত ব্যাপৰ আলোচনা কৰিবলৈ তেওঁ আগ্ৰহী।

২০০৬ চনত চেণ্ট পিটাৰ্ছবাৰ্গত ৰাছিয়া, ভাৰত আৰু চীনৰ নেতাসকলৰ বৈঠকৰ পিছত আনুষ্ঠানিক গোট হিচাপে ব্ৰিক আৰম্ভ হৈছিল।২০১০ চনত দক্ষিণ আফ্ৰিকাক অন্তৰ্ভুক্ত কৰি ব্ৰিকক ব্ৰিকছলৈ সম্প্ৰসাৰণ কৰিবলৈ সন্মত হৈছিল।

যোৱাটো বছৰৰ অন্তৰ্ভুক্তি আছিল ২০১০ চনৰ পিছত সদস্য সম্প্ৰসাৰণৰ প্ৰথমটো প্ৰয়াস।ইয়াৰ নতুন সদস্যসকলৰ ভিতৰত আছিল ইজিপ্ত, ইথিওপিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰেট।

Related Articles