India and Bangladesh extradition treaty: হাছিনাৰে গাখীৰ-মিঠৈ সম্পৰ্ক থকাৰ পিছতো বাংলাদেশৰ সৈতে ভাৰতৰ নহ’ল বিদেশী নাগৰিক প্ৰত্যৰ্পনৰ কোনো চুক্তি

দৈনন্দিন বাৰ্তাৰ ডিজিটেল সেৱাঃ ৮৫৫ গৰাকী শ্বহীদৰ আত্মবলিদানৰ বলত স্বাক্ষৰিতত হৈছিল অসম চুক্তি৷ অসম চুক্তিত উল্লেখিত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষকলৈ নানান মহলত ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া তথা ন্যায়িক বিবাদ চলি থকাৰ মাজতে উচ্ছতম ন্যায়ালয়ে শেহতীয়াকৈ অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষৰ ১৯৭১ চন বাহাল ৰাখিলে৷(India and Bangladesh extradition treaty)

(AASU)আক্ষৰিক অৰ্থত জয় হ’ল আছু আৰু অগপৰ৷(AGP) এই জয়ৰ আনন্দত আনকি উটি-ভাণহি গ’ল আছুৰ বহু নেতা৷ মুখ মিঠা কৰি বহু আছু নেতাই আনুষ্ঠানিকভাবে উচ্ছতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনালে৷ কোৱা হ’ল- উচ্ছতম ন্যায়ালয়ৰ ৰায়ে অসম চুক্তিৰ ন্যায্যতাক প্ৰতিপন্ন কৰিলে৷ ন্যায়ালয়ৰ ৰায়ৰ পিছতে বহু আছু নেতাই মিডিয়াৰ সন্মুখত আদালতৰ ৰায়ক ঐতিহাসিক ৰায় বুলিও আখ্যা দিলে৷ কিন্তু কোনো এজন আছু নেতাৰেই মুখত শুনা নগল অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো অসমক বিদেশী মুক্ত কৰিব নোৱাৰাৰ কথা৷

কোনো এজন আছু নেতাই নকলে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বাংলাদেশী প্ৰব্ৰজনৰ কথা৷ মাত্ৰ আছুৱে ৪০ বছৰ আগতে মানি লোৱাৰ দৰেই ১৯৭১ চনৰ ভিত্তি বছৰকলৈয়েই আ!াদিত হৈ থাকিল বুলি বিভিন্ন জনে এতিয়া মন্তব কৰিছে৷ লক্ষ্যণীয় কথাটো হল দেশৰ ভিতৰত কেৱল অসমতে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন, বাকীবোৰ ৰাজ্যত সেয়া ১৯৫১ চন৷ কাৰণ ১৯৫১ চনতেই প্ৰথম লোকপিয়ল হৈছিল আৰু তথ্যৰ ভিত্তিত এই চনটোকে বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে গণ্য কৰা হয়৷

বিদেশী নাগৰিক চিনাক্ৰণৰ ভিত্তি বৰ্ষকলৈ ২০১২ চনৰ নৱেম্বৰ মাহত অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফৰাম, আছামে উচ্ছতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল৷ অসম সন্মিলিত মহাসংঘ আৰু ইণ্ডিজেনাছ ফৰাম, আছামে দাবী কৰিছিল যে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ পৰিবৰ্তে ১৯৫১ চনহে হ’ব লাগে৷ কিয়নো কেৱল অসমৰ ক্ষেত্ৰতহে নাগৰিকত্ব চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১৷১৯৭১ চনৰ ২৫ মাৰ্চত পাকিস্তানৰ ৰাষ্ট্ৰপতি য়াহায়া খানেৰ নিৰ্দেশত পূব পাকিস্তানত অপাৰেশ্যন চাৰ্জলাইট নামৰ সামৰিক অভিযান চলাৰ সময়ত নিৰীহ লোকৰ ওপৰত অত্যাচাৰ হৈছিল৷ সেনাৰ নিৰ্যাতনৰ পৰা হাত সাৰিবলৈ পূব পাকিস্তানৰ(pakistan) পৰা অসমলৈ বহু লোকে প্ৰব্ৰজন কৰিছিল৷ সেইসকলক বিদেষী হিচাবে গণ্য কৰাৰ উদ্দেশ্যেই আছুয়ে মানি লৈছিল বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চন৷ অসম চুক্তি অনুসৰি ১৯৬৬ চনৰ ৰ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চলৈকে অসমত প্ৰৱেশ কৰা পাকিস্তানীক চৰ্ত সাপক্ষে নাগৰিকত্ব প্ৰদানৰো আনকি আন এক ব্যৱস্থা ৰখা হৈছিল৷ কিন্তু সমগ্ৰ ভাৰততে বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৫১ হোৱাৰ বিপৰীতে অসমত আছুৱে মানি লৈছিল ১৯৭১১ ভিত্তি বৰ্ষ৷ ফলত অসমে কমেও ২০ লাখ বাংলাদেশীৰ অতিৰিক্ত বোজা বহুকৰিবলগীয়া হৈছে বুলি বিভিন্ন জনে আলোচনা কৰি আহিছে৷ লক্ষ্যণীয় কথাটো হল দেশত ২ কোটি কোটি অবৈধ বাংলাদেশীয়ে বাস কৰি থকাৰ কথা স্বয়ং চৰকাৰেই স্বীকাৰ কৰি লৈছে৷ এই প্ৰসংগতে উনুকিয়াব পাৰি যে ২০১৬ চনত সংসদৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে স্বীকাৰ কৰিছিল যে ভাৰতত প্ৰায় দুই কোটি অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে ৷ (bangladesh)

সেই সময়ত গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে লিখিত প্ৰশ্নৰ উত্তৰ দি ৰাজ্যসভাক অৱগত কৰিছিল যে, ভাৰতত প্ৰায় ২ কোটি অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে৷ ৰিজিজুৱে কৈছিল যে, বৈধ ভ্ৰমণ নথি-পত্ৰ অবিহনে বাংলাদেশী নাগৰিকে দেশত প্ৰৱেশ কৰাৰ তথ্যও পোৱা গৈছে৷ যিহেতু এনে বাংলাদেশী নাগৰিকৰ দেশত গোপনে প্ৰৱেশ কৰিছে সেয়ে বাংলাদেশী নাগৰিকৰ সঠিক তথ্য থকাটো সম্ভৱ নহয়৷ৰিজিজুৰ কথাৰ পৰাই স্পষ্ট হৈছিল যে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত কোটিৰ ঘৰত বাংলাদেশীয়ে বাস কৰি আছে৷ বিদেশী নাগৰিক চিনাক্ৰণৰ ভিত্তি বৰ্ষ ১৯৭১ ধৰিলেও এয়া অসম তথা সমগ্ৰ দেশৰ বাবেই এক বিপজ্জনক কথা৷ তথ্য অনুসৰি উত্তৰ পূবৰ ত্ৰিপুৰা, মেঘালয়, মিজোৰা আদি ৰাজ্যত বহু বাংলাদেশী লোকে বাস কৰি থকাৰ লগতে অসমত বাকী বাংলাদেশী লোকসকলে বাস কৰি আছে৷ কিন্তু অসমত থকা অবৈধ বাংলাদেশী লোকৰ প্ৰকৃত সংখ্যা আজিলৈকে কোনো এখন চৰকাৰেই নিৰ্ধাৰণ কৰিব নোৱাৰিলে, বিতাড়ণৰ কথাটো বহু দূৰৈতে আছে৷ বাংলাদেশ আৰু ভাৰতৰ মাজত ৪০৯৬ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে৷ ইয়াৰ বহু অংশ অসমৰ সৈতে সংলগ্ন হৈ আছে৷ ২ কোটি বাংলাদেশীয়ে অসম তথা ভাৰতত প্ৰৱেশ কৰাৰ সময়ত সীমান্তত নিৰাপত্তাৰ দায়িত্বতত থকাসকল কত শুই আছিল বুলিও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ কিন্তু সাধাৰণ ৰাইজে তেনে প্ৰশ্ন কৰিলেও আছুৰ পিনৰ পৰা অৱশ্যে বিষয়টো প্ৰায়েই এৰাই চলিব বিচৰা বুলিহে বহুতে মন্তব্য কৰিছে৷ বাংলাদেশৰ সদ্য অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ভাৰতৰ গাখীৰ-মিঠৈ সম্পৰ্ক থকাৰ পিছতো ভাৰতত অবৈধভাবে বাস কৰি থকা বাংলাদেশী লোকক কিয় বাংলাদেশলৈ ওভতাই পঠিয়াবলৈ ভাৰতে বাংলাদেশৰ সৈতে কোনো চুক্তি নকৰিলে বুলিও বহুতে এতিয়া প্ৰশ্ন কৰিছে৷ উল্লেখ্য ইউ পি এ চৰকাৰৰ দিনত তদানীন্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী শ্ৰীপ্ৰকাশ জয়ছৱালে ২০০৪ চনৰ ১৪ জুলাইত সংসদত এক বিবৃতি দি কৈছিল যে দেশৰ বিভিন্ন প্ৰান্তত ৰ কোটি ২০ লাখৰো অধিক অবৈধ বাংলাদেশীয়ে বাস কৰি আছে৷ সংসদত জয়ছোৱালে কৈছিল যে আনুমানিক ৰ কোটি ২০ লাখ অবৈধ প্ৰব্ৰজনকাৰীৰ ভিতৰত ২০০১ চনৰ ৩১ ডিচেম্বৰলৈকে কেৱল অসমতে ৫০ লাখ বাংলাদেশী আছিল৷

(Prime Minister Sheikh Hasina)একেদৰে পশ্চিম বংগত ৫৭ লাখ বাংলাদেশী আছিল বুলি তেওঁ কৈছিল৷ মন্ত্ৰীগৰাতীৰ এনে মন্তব্যৰ পিছত ৰাজনৈতিক স্তৰত হোৱা প্ৰতিক্ৰিয়াৰ বাবেই শেষত জয়ছোৱালে নিজৰ বক্তব্য প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছিল৷ একাংশ ৰাজনীতিকেই কেৱল ভোটৰ স্বাৰ্থত বাংলাদেশীক বুকুৰ কুটুম কৰি ৰখাৰ কথাও সেই সময়তে পুনৰবাৰ প্ৰমাণ হৈছিল৷ অসম চুক্তিৰ প্ৰায় ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো অসমৰ পৰা মাত্ৰ আঙুলিৰ মূৰত গণিব পৰা বাংলাদেশীকহে বিতাড়ণ কৰা হৈছে৷ তথ্য অনুসৰি অসমৰ বিদেশী ন্যায়াধিকৰণসমূহে ২০২১ চনৰ ৩১ ডিচেম্বৰলৈকে মুঠ ৰ,৪৩,৪৬৬ জন লাঞ্জকক বিদেশী বুলি ঘাঞ্জষণা কৰিছিল৷ কিন্তু ইয়াৰে ভিতৰৰে মাত্ৰ ৩২৯জন লাঞ্জককহে বিতাড়ণ কৰা হৈছিল৷ এই তথ্য তাদনীন্তন কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাজ্যসভাৰ মজিয়াত প্ৰকাশ কৰিছিল৷ অথচ বিদেশী ন্যায়াধিকৰণৰ নামত প্ৰতিবছৰে চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছিল ৷ মাত্ৰ তিনিটা বিত্তীয় বৰ্ষতে বিদেশী ন্যায়াধীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুঠ ৬৯ কোটি টকা মাঞ্জকোলাই দিছিল৷ কিন্তু ধন খৰচ হলেও বিদেশীহে বিতাড়ণ নহল৷ উচ্ছতম ন্যায়ালয়ৰ ৰায়কলৈ উল্লাস প্ৰকাশ কৰা আছুৱে কিন্তু এনেবোৰ বিষয়ত নিমাত বুলিও এতিয়া বহুতে চৰ্চা কৰা পৰিলক্ষিত হৈছে৷ লক্ষ্যণীয় কথাটো হল উচ্ছতম ন্যায়ালয়ৰ শেহতীয়া ৰায়কলৈ আছুৱে আনন্দ প্ৰকাশৰ লগতে আত্ম সন্তুষ্টি লভিছে যদিও খোদ অসমৰ মুখ্যমন্ত্ৰী ঞ্জমন্ত বিশ্ব শৰ্মাই আদালতৰ ৰায়ক আদৰণি জনায়ো কৈছে যে তেওঁ এই বিষয়ত সম্পূৰ্ণ সুখী হব পৰা নাই৷ এক কথাত কবলৈ গলে মুখ্যমন্ত্ৰীয়ো শৰ্মায়ো হয়তো বিদেশী নাগৰিক চিনাক্ৰণৰ ভিত্তি বৰ্ষ ১৯৫১১ সলনি ১৯৭১ হোৱাৰ ফলত হব পৰা বিষম পৰিমাণ অনুমাণ কৰিছে বুলি বহুতে এতিয়া আলোচনা কৰা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিৰ মাজতে আছুৰ উল্লাস প্ৰকৃততে কিমান যুক্তিসংগত তাকেলৈয়ো এতিয়া বহুতে প্ৰশ্ন কৰিছে৷

Related Articles