Karwa Chauth UP News: পতিৰ দীৰ্ঘায়ূ কামনা কৰা কৰৱা চৌথৰ দিনটোতে আহাৰত বিহ মিহলাই স্বামীক হত্যা কৰিলে পত্নীয়ে

ভাৰতত, বিশেষকৈ উত্তৰ ভাৰতত কৰৱা চৌথৰ দিনটোত হিন্দুধৰ্মী পত্নীসকলে স্বামীৰ দীৰ্ঘায়ূ কামনা কৰি প্ৰাৰ্থনা কৰে৷ কিন্তু স্বামীৰ দীৰ্ঘায়ূ কামনা কৰাৰ সেই দিনটোতে এগৰাতী পত্নীয়ে তেওঁৰ স্বামীক খাদ্যত বিহ মিহলাই হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ (Karwa Chauth UP News)

(Uttra pardesh)ঘটনাটো ঘটিছে উত্তৰ প্ৰদেশৰ কৌশম্বিত৷ কৌশম্বিত এগৰাকী মহিলাই স্বামীক বিষাক্ত দ্ৰব্য খুৱাই দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ লক্ষ্যণীয়ভাবে এই ঘটনা সংঘটিত হৈছে হিন্দু উৎসৱ কৰৱা চৌথৰ শুভ দিনটোতে৷ ছিৰাথুৰ চক্ৰ বিষয়া আৱাধেশ কুমাৰ বিশ্বকৰ্মাই জনোৱা মতে, দেওবাৰে নিশা কৰৱা চৌথ উৎসৱ উপলক্ষে প্ৰস্তুত কৰা ৰাতিৰ আহাৰ গ্ৰহণ কৰি হঠাতে লোকজন অসুস্থ হৈ পৰে৷ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, মৃত লোকজন উত্তৰ প্ৰদেশৰ কদা ধাম অঞ্চলৰ ইছমাইলপুৰ গাঁৱৰ বাসিন্দা শৈলেশ৷ (Woman poisons husband after keeping Karwa Chauth fast for him)

(Shailesh Kumar)অসুস্থ হৈ পৰাৰ পিছতে লোকজনক স্থানীয় সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসাৰ সময়তে তেওঁৰ মৃত্যু হয়৷ বিশ্বকৰ্মাই জানিবলৈ দিয়া মতে, শৈলেশৰ পৰিয়ালে লোকজনৰ পত্নী সবিতাই তেওঁৰ খাদ্যত বিষক্ৰিয়া কৰাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে৷ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ আৰু ১২৩ ধাৰাত সবিতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷অভিযুক্ত মহিলাগৰাকীক জিম্মাত লৈ সোধা-পোছা কৰা হৈছে বুলিও তেওঁ লগতে কয়৷ আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷(Uttar Pradesh’s Kaushambi district)

Related Articles