BSNL Cheapest Plans: বিএছএনএলৰ অকল্পনীয় প্লেন; মাত্ৰ ১২৬ টকাৰ ৰিচাৰ্জত ফ্ৰী কলিং আৰু ডাটাৰে বছৰটো চলিব আপোনাৰ ফোন

গুৱাহাটী, ২২ অক্টোবৰ: চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL) সদায় কোম্পানীটোৰ সুলভ মূল্যৰ প্লেনৰ বাবে পৰিচিত(BSNL Cheapest Plans)। বি এছ এন এলৰ এনে বহুকেইটা বাৰ্ষিক প্ৰিপেইড প্লেন আছে, যাৰ মাহিলী খৰচ খুবেই কম। তেনে এটা প্লেন হৈছে ১৫১৫ টকা, যাৰ দ্বাৰা গ্ৰাহকক কম খৰচতে অধিক সুবিধা প্ৰদান কৰা হয়। ১৫১৫ টকাৰ এই প্লেনৰ মাহিলী খৰচ মাত্ৰ ১২৬ টকা(BSNL prepaid plan)।

বি এছ এন এলৰ এই ১৫১৫ টকীয়া বাৰ্ষিক প্লেন(BSNL 1515 plan)ৰ বৈধতা ৩৬৫ দিন অৰ্থাৎ সম্পূৰ্ণ এবছৰ(long-term mobile plan) । এই প্লেনৰ অধীনত গ্ৰাহকে দৈনিক ২ জিবি ডাটা লাভ কৰে। অৰ্থাৎ গোটেই বছৰটোত গ্ৰাহকে মুঠ ৭২০ জিবি ইণ্টাৰনেট ডাটা লাভ কৰিব। ইয়াৰ বাহিৰেও এই প্লেনত প্ৰতিদিনে আনলিমিটেড ভইচ কলিং আৰু ১০০টা বিনামূলীয়া এছএমএছ সেৱা উপলব্ধ।

এই BSNL প্লেনৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল যে দিনটোৰ হাই স্পীড ডাটা শেষ হোৱাৰ পিছতো আপুনি 40Kbps গতিৰে ইণ্টাৰনেট সেৱা লাভ কৰি থাকিব, যাতে আপুনি সংযুক্ত হৈ থাকিব পাৰে(unlimited data plan)। কিন্তু এই প্লেনত কোনো অ’টিটি প্লেটফৰ্মৰ চাবস্ক্ৰিপচন অন্তৰ্ভুক্ত কৰা হোৱা নাই।

১৫১৫ টকীয়া প্লেনৰ মাহিলী খৰচ প্ৰায় ১২৬ টকা। এই কম মূল্যত গ্ৰাহকে এবছৰৰ বাবে আনলিমিটেড কল, এছএমএছ আৰু ৭২০জিবি ডাটা লাভ কৰিব পাৰিব(cheap telecom plan India)। প্ৰতিমাহে ৰিচাৰ্জ কৰাৰ হেঁচা এৰাই চলিব বিচৰাসকলৰ বাবে এই প্লেনটো সঁচাকৈয়ে লাভজনক নহয়নে বাৰু ?

Related Articles