Asiatic Golden Cat: মানস ৰাষ্ট্ৰীয় উদ্যানত এটা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী

গুৱাহাটী, ২২ অক্টোবৰঃ মানস ৰাষ্ট্ৰীয় উদ্যানত(Manas National Park) কেইবা দশকৰ মূৰত দেখা গ’ল বিৰল এছিয়াটিক সোণালী মেকুৰী(Asiatic Golden Cat)। এদশকৰো অধিক সময়ৰ পিছত এই বিৰল মেকুৰী প্ৰজাতিৰ প্ৰাণীবিধ দেখিবলৈ পোৱাত স্বাভাৱিকতে আনন্দিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীসকল।

এই উল্লেখযোগ্য আৱিষ্কাৰে উদ্যানখনৰ চহকী জৈৱ বৈচিত্ৰ্য আৰু অবিৰত সংৰক্ষণ পদক্ষেপক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

২০১৯ চনৰ ডিচেম্বৰ আৰু ২০২১ চনৰ জানুৱাৰী মাহত বিশেষ কেমেৰা ব্যৱহাৰ কৰি এছিয়াটিক সোণালী মেকুৰীবিধৰ ফটো তোলা হৈছিল।(Catopuma Temminckii)

ইয়াৰ পিছত প্ৰায় আঠ বছৰ ধৰি মেকুৰী বিধৰ অৱস্থানকলৈ তথ্য সংগ্ৰহৰ প্ৰচেষ্টা চলে। শেহতীয়াকৈ এইবিধ বিৰল প্ৰাণীৰ বিষয়ে লাভ কৰা তথ্যসমূহ আই ইউ চি এন এছ এছ চি কেট স্পেচিয়েলিষ্ট গ্ৰুপে প্ৰকাশ কৰা ২০২৪ চনৰ গ্ৰীষ্মকালীন সংস্কৰণত নথিভুক্ত কৰা হৈছে। তথ্যসমূহে ২০০৭ চনত প্ৰত্যক্ষভাৱে দেখা পোৱাৰ পিছত মানসত এই প্ৰজাতিটোৰ প্ৰথম উপস্থিতিৰ কথা নিশ্চিত কৰিছে।

গৱেষণা পত্ৰখনৰ মুখ্য লেখক এম ফিৰোজ আহমেদে মন্তব্য কৰে যে, “এই ফটোগ্ৰাফিক কেপচাৰসমূহে উদ্যানখনত মেকুৰীবিধৰ উপস্থিতি পুনৰ নিশ্চিত কৰিছে।” অসম বন বিভাগ, আৰণ্যক আৰু পেন্থেৰাৰ সহযোগিতামূলক প্ৰচেষ্টাত এই গৱেষণা চলিছিল।

উল্লেখ্য বিৰল প্ৰজাতিৰ এছিয়াটিক সোণালী মেকুৰীবিধে সমুদ্ৰপৃষ্ঠৰ পৰা ৩,৭৩৮ মিটাৰ উচ্চতালৈকে বাস কৰে। ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত ইয়াক সংৰক্ষিত প্ৰাণী ঘোষণা কৰা হৈছে।

এই প্ৰাণীবিধ উত্তৰ-পূব ভাৰত, দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনত অতি কম মাত্ৰাত উপলব্ধ।

উত্তৰ-পূব ভাৰতত অৰুণাচল প্ৰদেশৰ কিছু সংৰক্ষিত বনাঞ্চল আৰু মেঘালয়ৰ বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি বিভিন্ন সংৰক্ষিত অঞ্চলত এই প্ৰজাতি পোৱা গৈছে।

ভূটানৰ সংৰক্ষিত অঞ্চলসমূহতো এই মেকুৰী বিধৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে।

Related Articles