Gyanni Funkha App: বড়ো-অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে বিনামূলীয়া ‘জ্ঞাননী ফুংখা’ এপ্ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

গুৱাহাটী, ২২ অক্টোবৰঃ ৰাজ্যৰ শিক্ষাখণ্ডলৈ এক অভূতপূৰ্ব পৰিৱৰ্তনৰ অংগীকাৰেৰে মঙলবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে অসমীয়া আৰু বড়ো মাধ্যমৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে মুকলি কৰিলে এক অনন্য এপ। ৰাজ্যত শিক্ষাৰ্থীৰ বাবে মুকলি কৰা এনেধৰণৰ এপ এয়াই প্ৰথম বুলি বিবেচিত হৈছে।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমৰ হাইস্কুলত অধ্যয়ন কৰি থকা নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ্থে এই এপটো মুকলি কৰে। ডিমাকুছিৰ শেখৰ শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত বন্দৰাম দৈমাৰী মেম’ৰিয়েল ট্ৰাষ্টৰ সহযোগত আয়োজিত অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে(Biswajit Daimari) আজি ‘জ্ঞাননী ফুংখা’(Gyanni Funkha App) (জ্ঞানৰ উৎস) শীৰ্ষক মবাইল এপটো মুকলি কৰে।(Assam Assembly Speaker)

উদ্বোধনী অনুষ্ঠানত ডিমাকুচি, টংলা, খৈৰাবাৰী আৰু ভেৰগাঁও অঞ্চলৰ ৫৬ খন বিদ্যালয়ৰ সহস্রাধিক শিক্ষাৰ্থী , অভিভাৱক আৰু শিক্ষকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ওদালগুৰিৰ জিলাৰ আয়ুক্ত পুলক পাটগিৰি, ডায়েচ ইণ্ডিয়া এডুটেকৰ কাৰ্যবাহী সঞ্চালক ৰাজীৱ বৰুৱা, এমচিএলএ, বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকৰ লগতে বড়ো সাহিত্য সভা, অসম সাহিত্য সভা আৰু বড়ো ছাত্ৰ সন্থাৰ স্থানীয় সদস্যসকল অতিথি হিচাপে উপস্থিত থাকে ।

উল্লেখ্য অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে আজি মুকলি কৰা এপটোৰ এণ্ড্ৰইড এপ্লিকেচনটো শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ মোবাইল প্লে ষ্টোৰৰ জৰিয়তে সহজে ডাউনলোড কৰিব পাৰিব। বৰ্তমানৰ নৱ গঠিত টংলা আৰু ভেৰগাঁও সমষ্টিত নৱম আৰু দশম শ্ৰেণীৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলকো এই সুবিধা প্ৰদান কৰা হৈছে। জানিব পৰা মতে বড়ো মাধ্যমত অধ্যয়নৰত অঞ্চলটোৰ নৱম আৰু দশম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীয়ে এই সুবিধা লাভ কৰিব।

লক্ষ্যণীয়ভাৱে বিদ্যালয়সমূহত বিজ্ঞান আৰু গণিতৰ শিক্ষকৰ অভাৱ এতিয়াও অন্ত পৰা নাই। ফলস্বৰূপে, বহু বিদ্যালয়ে নৱম আৰু দশম শ্ৰেণীত গণিত আৰু বিজ্ঞান পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পৰা নাই । লগতে আৰ্থিক সীমাবদ্ধতাৰ বাবে, অভিভাৱকসকলে আন শিক্ষাৰ্থীৰ দৰে বিকল্প শিক্ষাদান তথা টিউচনৰ ব্যৱস্থা কৰিব নোৱাৰে। এনে পৰিস্থিতিৰ মাজতে অসম বিধান সভাৰ অধ্যক্ষই এই বিনামূলীয়া এপটো মুকলি কৰাৰ ফলত ৰাজহুৱা শিক্ষা খণ্ডৰ শিক্ষাৰ্থীসকলৰ বাবে সঁচাকৈয়ে নতুন আশাৰ সৃষ্টি হৈছে।


এই মোবাইল এপ্লিকেশ্বনে নৱম আৰু দশম শ্ৰেণীত বিজ্ঞান আৰু গণিত পাঠ্যক্ৰমৰ শিক্ষাদান, প্ৰশ্ন আৰু উত্তৰৰ সৈতে সম্পূৰ্ণ তথ্য প্ৰদান কৰিব। ইয়াৰ উপৰি শিক্ষাৰ্থীসকলৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন থাকিব আৰু পুৰণি প্ৰশ্নবোৰ উত্তৰ পাবলৈ সক্ষম হ’ব। এপ্লিকেচনটো ডাউনলোড কৰি, শিক্ষাৰ্থীসকলে বিজ্ঞান আৰু গণিতত সম্পূৰ্ণ জ্ঞান বা শিক্ষা লাভ কৰিব পাৰিব।

ইয়াৰ উপৰি প্ৰতিযোগিতামূলক পৰীক্ষা আৰু চাকৰি সন্ধানী যুৱক-যুৱতীসকলে এই এপটোত দৈনন্দিন ঘটনাৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰিব। সাম্প্ৰতিক বিষয়ৰ উপৰি এই ম’বাইল এপ্লিকেশ্বনত বহু গুৰুত্বপূৰ্ণ তথ্যৰ ৰিল থাকিব। এপটো মুকলি কৰি দিয়া ভাষণত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে আশা প্ৰকাশ কৰে যে এই এপ্লিকেশ্বনৰ দ্বাৰা শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্ম উপকৃত হ’ব।

অনুষ্ঠানত ভৱিষ্যতে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ বাবেও একে ধৰণৰ আঁচনি ৰূপায়ণ কৰা হ’ব বুলি বিশ্বজিৎ দৈমাৰীয়ে প্ৰকাশ কৰে। ভাষণ প্ৰসংগত ডায়েচ ইণ্ডিয়া এডুটেকৰ কাৰ্যবাহী সঞ্চালক ৰাজীৱ বৰুৱাই কয়- বিশ্বজিত দৈমাৰীয়ে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এনে পদক্ষেপ প্ৰতিগৰাকী বিধায়কে গ্ৰহণ কৰিলে ৰাজ্যৰ শিক্ষাৰ্থীসকল বাৰুকৈয়ে উপকৃত হব। তেওঁ আজিৰ এনে পদক্ষেপৰ বাবে বিশ্বজিত দৈমাৰীৰ শলাগ লয় আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।


উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ওদালগুৰি জিলাৰ আয়ুক্ত পুলক পাটাগিৰিয়ে এই পদক্ষেপৰ বাবে বিশ্বজিত দৈমাৰীক প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে। জিলা আয়ুক্ত হোৱাৰ আগতে যেতিয়া তেওঁ অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ সচিব আছিল, তেতিয়া তেওঁ একে ধৰণৰ মোবাইল এপৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল, কিন্তু সফল হোৱা নাছিল।

কিন্তু আজি বিশ্বজিত দৈমাৰীৰ প্ৰচেষ্টাত সেয়া সফল হোৱাত আয়ুক্তগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।এই সন্দৰ্ভত তেওঁ লগতে কয়, ‘আমি যি সপোন দেখি আছিলো সেয়া অধ্যক্ষগৰাকীয়ে কাকো নোকোৱাকৈ বাস্তৱত ৰূপায়ণ কৰিলে’।

অসম বিধান সভাৰ অধ্যক্ষক প্ৰশংসা কৰি আৰু কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয় যে বৰ্তমান যুগত সকলো শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰস্তুত কৰা এই মোবাইল এপ্লিকেশ্বনে ছাত্ৰ ছাত্ৰী সকলক তেওঁকৰ শিক্ষা জীৱনত সহায় কৰিব। উল্লেখ্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে গ্ৰহণ কৰা বিভিন্ন সামাজিক পদক্ষেপসমূহৰ ভিতৰত এই বিনামূলীয়া এপ মুকলিকো ৰাইজে উচ্চ প্ৰশংসা কৰিছে আৰু এয়া সমাজত এক প্ৰেৰণাদায়ক কাৰ্য হিচাপে শলাগ লৈছে।

উল্লেখ্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে তেওঁৰ সমষ্টিৰ ১০গৰাকী ইউপিএছচিৰ পৰীক্ষাৰ্থীক বিনামূলীয়াকৈ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰাৰ লগতে সমষ্টিৰ নাৰ্চ, পেৰা মেডিকেল পাঠ্যক্ৰম আদি গ্ৰহণ কৰি থকা বহু শিক্ষাৰ্থীক বিভিন্ন ধৰণে সহায় কৰি আহিছে। তেওঁ নীট উত্তীৰ্ণ বহু প্ৰাৰ্থীকো সহায় কৰি অহাৰ কথা বহুতৰে জ্ঞাত।

শিক্ষাৰ ক্ষেত্ৰত দৈমাৰীয়ে নীৰবে এনেদৰে কৰি গৈছে বহু কাম। উল্লেখ্য আজি এপ মুকলি অনুষ্ঠানৰ পিছত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে শিক্ষাৰ্থী আৰু অভিভাৱকৰ সৈতে মত বিনিময় কৰে। তেওঁ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে এক প্ৰীতিভোজতো অংশগ্ৰহণ কৰে।

Related Articles