Dana Cyclone: সাগৰীয় ঘূৰ্ণী ডানা কালৰূপ ধৰি আহিছে অসম তথা উত্তৰ-পূবলৈ

গুৱাহাটী, ২২ অক্টোবৰঃ কালৰূপ ধৰি আহিছে আন এক সাগৰীয় ঘূৰ্ণী। এই ঘূৰ্ণীৰ নাম দিয়া হৈছে ডানা। বিশ্বৰ বিধ্বংসী ঘূৰ্ণীৰ মাজৰে এটা হৈছে ডানা। দুই -এদিনৰ ভিতৰতে ডানাই(Dana Cyclone) ওড়িশা , পশ্চিম বংগৰ উপকূলীয় অঞ্চলত আঘাত কৰিব পাৰে। এই ঘূৰ্ণীৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ-পূবতো। ডানাৰ সংহাৰৰ আশংকাত পুৰী, দীঘা, বকখালীৰ দৰে উপকূলীয় পৰ্যটনস্থলীসমূহত ব্যাপক সতৰ্কতা অবলম্বন কৰা হৈছে।

ওডিশাৰ চৰকাৰে ইতিমধ্যে ঘূৰ্ণীজাকৰ আগমণনৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। একেদৰে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সাগৰৰ পাৰৰ বাসিন্দাসকলক সাৱধানে থাকিবলৈ পৰামৰ্শ দিছে।

ওড়িশা চৰকাৰে পৰ্যটকক দুৰ্যোগ এৰাই চলিবলৈ পুৰী এৰি যাবলৈ পৰামৰ্শ দিছে। অভিযোগ অনুসৰি ৰাজ্য প্ৰশাসনৰ এই বাৰ্তাৰ সুযোগ লৈছে কেইবাটাও ট্ৰেভেল এজেন্সীয়ে। সেই ট্ৰেভেল এজেন্সীবোৰে পুৰী এৰি যাবলৈ হেতাএপৰা লগোৱাসকলৰ পৰা অতিৰিক্ত ধন বিচৰা বুলি জানিব পৰা গৈছে।(Assam and North East)


ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে বংগোপসাগৰৰ ওপৰত গঠন হোৱা নিম্নচাপ মঙলবাৰে পুৱা পূব উপকূলৰ ফালে আগবাঢ়িছে । এই নিম্নচাপে অধিক শক্তি আহৰণৰ ফলত তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে ।আই এম ডিয়ে প্ৰকাশ কৰা মতে মঙলবাৰে পুৱা ৫.৩০ বজাত ওড়িশাৰ পাৰাদীপৰ পৰা ৭৩০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত এই নিম্নচাপ পশ্চিম-উত্তৰ-পশ্চিম দিশে গতি কৰিছে আৰু ২৩ অক্টোবৰৰ ভিতৰত ঘূৰ্ণীবতাহত পৰিণত হ’ব বুলি ধাৰণা কৰা হৈছে ।

ঘূৰ্ণীবতাহ ডানা তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ২৪ অক্টোবৰৰ শেষনিশা আৰু ২৫ অক্টোবৰৰ পুৱা পুৰী আৰু সাগৰ দ্বীপৰ মাজত উত্তৰ ওড়িশা আৰু পশ্চিমবংগ উপকূল অতিক্ৰম কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ফলত ১০০-১১০ কিলোমিটাৰ প্ৰতিঘণ্টা বেগেৰে বলা বতাহৰ গতিবেগ ১২০ কিলোমিটাৰলৈকে বৃদ্ধি হ’ব ।

ইয়াৰ ফলত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহৰ সম্ভাৱনা আছে বুলি আই এম ডিয়ে সতৰ্ক কৰি দিছে ।

ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মঙলবাৰে ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে ।

উচ্চ শিক্ষা বিভাগৰ সচিবলৈ লিখা এখন পত্ৰত এছ আৰ চিয়ে তীব্ৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে গঞ্জাম, পুৰী, জগতসিংপুৰ, কেন্দ্ৰপাৰা, ভদ্ৰক, বালাচোৰ, ময়ূৰভঞ্জ, কেওনঝাৰ, ঢেংকানাল, জাজপুৰ, আংগুল, খোৰধা, নয়াগড় আৰু কটক জিলাৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে ।

ঘূৰ্ণীবতাহৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি ইষ্ট-কোষ্ট ৰে’লৱেয়ে মঙলবাৰে প্ৰথম বুলেটিনত ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যোৱা প্ৰায় ৮৫ খন আপ আৰু ৯৩ খন ডাউন ৰে’ল বাতিল কৰাৰ কথা ঘোষণা কৰে ।

ঘূৰ্ণীবতাহ ডানাৰ বাবে ওড়িশা সতৰ্ক হৈ থকাৰ লগে লগে ওড়িশা চৰকাৰৰ এছ আৰ চি কাৰ্যালয়ে ২৩ ৰ পৰা ২৫ অক্টোবৰলৈ গঞ্জাম, পুৰী, জগতসিংপুৰ, কেন্দ্ৰপাৰা, ভদ্ৰক, বালাচোৰ, ময়ূৰভঞ্জ, কেওনঝাৰ, ঢেংকানাল, জাজপুৰ, অনুগুল, খোৰধা, নয়াগড় আৰু কটক জিলাত বিদ্যালয়সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে ।

এই অঞ্চলবোবোৰ বতাহৰ দ্ৰুতগতিত প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে । “ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ২৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈ উপৰিউক্ত জিলাবোৰৰ বিদ্যালয়সমূহ সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ থাকিব ।

Related Articles