Bangaigaon By Election: নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে

বঙাইগাঁওঃ ২২ অক্টোবৰঃ বহু প্ৰতীক্ষিত বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ(Bangaigaon By Election) বাবে অৱশেষত সোমবাৰে অগপ দলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phanibhushan Chowdhury) পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে নিৰ্বাচনৰ বাবে দলটোৰ জিলা সমিতি তৎপৰ হৈ পৰিছে৷এই তৎপৰতাৰ অংশ হিচাপে মঙলবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত এনডিএ অৰ্থাৎ মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হয়৷ অগপ, বিজেপি আৰু ইউপিপিএল দলৰ নেতা তথা বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত সভাত নিৰ্বাচনী কাম- কাজ পৰিচালনা কৰাৰ লগতে নূতি নিৰ্দেশা দিয়াৰ বাবে তিনিওটা দলৰ দলীয় বিষয়ববীয়াকলৈ এখন ক’ৰ কমিটী গঠন কৰে যদিও বুধবাৰেহে কমিটীখন চূড়ান্ত কৰিব বুলি জানিব পৰা গৈছে ৷

বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়ে সভাপতিত্ব কৰা সভাত অগপ দলৰ জিলা কমিটীৰ সভাপতি অশোক নাৰায়ণ দেৱ, সমষ্টিটোৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী, ইউপিপিএল দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, অগপ দলৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, দলটোৰ বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰীৰ লগতে তিনিওটা দলৰ বিষষববীয়াসকল উপস্থিত থাকে ৷

সভাত মিত্ৰদলৰ প্ৰতিনিধিসকলে বক্তব্যও ৰাখে ৷ উল্লেখ্য যে সভাত মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীয়ে ২৪ অক্টোবৰৰ সলনি ২৫ অক্টোবৰতে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবেও সিদ্ধান্ত হয় ৷ ইপিনে সভাৰ শেষত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীয়ে জানিবলৈ দিয়া মতে সভাত তিনিওটা মিত্ৰদলকলৈ এখন ক’ৰ কমিটী গঠন কৰা হৈছে আৰু এই ক’ৰ কমিটীখনে বুধবাৰে বহি কেইবাখনো উপ সমিতি গঠন কৰিব আৰু উপ সমিতিসমূহ গঠন কৰি কৰ্ম- কৰ্তাসকলক বিভিন্ন দায়িত্ব অৰ্পণ কৰিব ৷ ক’ৰ কমিটীৰ জৰিয়তে উপ নিৰ্বাচনৰ সকৱো কাম – কাজ পৰিচালনা কৰা হ’ব ৷ লগতে সময়ে সময়ে যি নীতি নিৰ্দেশনা দিব সেই মতে কৰ্মীসকল আগবাঢ়ি যাব বুলি কয় ৷

আনহাতে এইবাৰ উপ নিৰ্বাচনত মিত্ৰদলৰ প্ৰাৰ্থীগৰাকীয়ে পূৰ্বতকৈ অধিক ভোট লাভ কৰিব বুলি মন্তব্য কৰি সাংসদ চৌধুৰীয়ে কয় যে যোৱাবাৰ বিধানসভা নিৰ্বাচনত ৮২ হাজাৰ ভোট পাইছিলো যদিও তেতিয়াৰ পৰিৱেশটো আৰু এতিয়াৰ পৰিৱেশটো অলপ বেলেগ হ’ব ৷কাৰণ যোৱাবাৰৰ নিৰ্বাচনটোত কিছুসংখ্যক মানুহ দোদূল্যমান অৱস্থাত আছিল যে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে কৰিব ৷ অৰ্থাৎ মহাজোটে চৰকাৰ গঠন কৰিব নে মিত্ৰজোটে গঠন কৰিব তাকে লৈ দোদূল্যমান অৱস্থাত আছিল ৷ সেই কাৰণে আমি কিছু ভোট পোৱাৰ পৰা বঞ্চিত হৈছিলো ৷কিন্তু এইবাৰ ৰাইজে জানে কাৰ চৰকাৰ চলি আছে ৷ এনডিএৰ চৰকাৰ, মিত্ৰজোটৰ চৰকাৰ ৷ গতিকে উন্নয়নৰ স্বাৰ্থত এইবাৰ যোৱাবাৰ আমাৰ ভোট নিদিয়া কিছু মানুহ মিত্ৰদলক ভোট দিয়াৰ কাৰণে সাঁজু হৈছে ৷ বিদ্যাপুৰত বিয়লি অনুষ্ঠিত হ’ব দলৰ এখন যোগদান কাৰ্যসূচী ৷

এই যোগদান কাৰ্যসূচীত জিলা কংগ্ৰেছ উপ সভাপতি তথা নেতা ফজৰুল আহমেদ অগপ দলত যোগদান কৰিব ৷ ধৰ্মীয় সংখ্যালঘু অঞ্চললৈ যোৱাত তেওঁলোকে নিজেই এইবাৰ আমাক ভোট দিব বুলি কৈছে ৷ সেয়ে যোৱাবাৰ যি ৮২ হাজাৰ ভোট লাভ কৰিছিলো তাতোকৈ এইবাৰ আমি অধিক ভেট লাভ কৰিবলৈ সক্ষম হম ৷ বিটিআৰ অঞ্চলত আমাৰ ভোট বাঢ়িব, ধৰ্মীয় সংখ্যালঘু অঞ্চলত ভোট বাঢ়িব ৷ সেইদৰে বঙাইগাঁও চহৰ অঞ্চলত ২৫ টা ৱাৰ্ড আছে আৰু তাৰে ২৫ টাত বিজেপি আৰু অগপৰ ৱাৰ্ড কমিছনাৰ আছে ৷ ইয়াৰ বিপৰীতে চহৰখন ২৫ ভাগৰ এভাগহে কংগ্ৰেছী আছে৷গ্ৰামাঞ্চলত ১৬ খন পঞ্চায়ত আছে আৰু আটাইকেইখনেই অগপ আৰু বিজেপিৰ দখলত আছে ৷ এইদৰে সমীক্ষা কৰিলে আমি যোৱাবাৰতকৈ এইবাৰ অধিক ভোট পাবলৈ সক্ষম হম ৷

ইপিনে শক্তিশালী প্ৰাৰ্থী, দুৰ্বল প্ৰাৰ্থীৰ কথা নাহে বুলি কৈ কয় যে বৰং ইয়াত শক্তিশালী দল আৰু দুৰ্বল দলৰ কথাটোহে আহিব৷ এনডিএ আৰু ইণ্ডিয়া ৷ বঙাইগাঁও সমষ্টিত এনডিএ অৰ্থাৎ মিত্ৰদলৰ তিনিওটা দলৰে সাংগঠনিক দিশ শক্তিশালী ৷ ইয়াৰ বিপৰীতে ইণ্ডিয়া মহাজোটৰ কংগ্ৰেছৰ বাহিৰে লগত থকা বাকী কোনো এটা দলৰে বঙাইগাঁৱত অস্তিত্ব নাই ৷ ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰিব যে কোনটো দলৰ পাল্লাখন ভাৰি আৰু কোনটো দল জয়ী হ’ব ৷ সকলো কথা ২৩ নবেম্বৰত অৰ্থাৎ এমাহ পিছত ওলাই পৰিব ৷ আনহাতে অগপ দলত্যাগী জিলা সমিতিৰ সম্পাদক শৈলেন্দ্ৰ সৰকাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সন্দৰ্ভত সাংসদ চৌধুৰীয়ে কয় যে শৈল্ন্দ্ৰ সৰকাৰে মনোনয়ন দিলে বা নিৰ্বাচন খেলিলে আমি লাভবান হম ৷

লাভবান এই কাৰণে হম যে কংগ্ৰেছৰ ভোট কমিব ৷ শৈলেন্দ্ৰ সৰকাৰ প্ৰাৰ্থী হলে জয়ৰ ব্যৱধানটো বাঢ়িব ,পাৰ্থক্যটো বাঢ়িব ৷ কিন্তু প্ৰাৰ্থী নহলে দুই এক হাজাৰ কমিব৷ আনহাতে চিৰাং জিলাত থকা ভোটৰ ক্ষেত্ৰত কয় যে চিৰাং জিলাত থকা বঙাইগাঁও বিধানসভা সমষ্টিৰ যিখিনি ভোট আছে আগত যেনেদৰে প্ৰভাৱ পৰিছিল একেই প্ৰভাৱ পৰিব ৷ চিৰাং জিলাত মুঠ ৩৭ হাজাৰ ভোট আছে ৷ তাত বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ ভোটাৰ আছে আৰু ধৰ্মৰ ভোটাৰ আছে ৷ তাত ইউপিপিএলৰ সমৰ্থক অধিক আছে ৷ সেইসকল বড়োৱেই হওক বা অবড়োৱেই হওক ৷ গতিকে ইউপিপিএল যিহেতু আমাৰ লগত আছে সেয়ে আমি ভাবো যে এইবাৰো ইউপিপিএলৰ সমৰ্থকৰ ভোটখিনি আমি পাম ৷ লোকসভা নিৰ্বাচনৰ ফলাফল চালে সেই এলেকাত আমি যথেষ্ট সংখ্যক ভোট পাবলৈ সক্ষম হৈছোঁ ৷

তাৰোপৰি এইবাৰ বিটিআৰ এলেকাটোত বিপিএফৰ প্ৰাৰ্থী নাই ৷ অৰ্থাৎ বঙাইগাঁও সমষ্টিত বিপিএফৰ প্ৰাৰ্থী নাই ৷ যিহেতু বিপিএফ দলৰ প্ৰাৰ্থী নাই আমি বিপিএফৰ সমৰ্থকসকলে আমাৰ সপক্ষে ভোটদান কৰিব ৷ পূৰ্বতে আমি বিটিআৰ অঞ্চলত অসম গণ পৰিষদ দলে যিমান ভোট লাভ কৰিবলৈ সমক্ষম হৈছিলো এইবাৰ সেই অভিলেখ বিটিআৰ অঞ্চলত ভংগ হ’ব আৰু বিটিআৰ অঞ্চলত এইবাৰ অধিক ভোট পাবলৈ সক্ষম হম ৷ ইপিনে ইউপিপিএল দলৰ নেতা তথা কৰাঝাৰ

লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ যি ভেঁটি সেই ভেঁটিটো মজবুট হৈয়ে আছে ৷ প্ৰাৰ্থীগৰাকী কোনোবা নতুন মুখ হ’ব পাৰে যদিও তাৰ লগত কোনো কথা নাই ৷ আমি মিত্ৰজোঁট হিচাপে আছো আৰু বৰ্তমানলৈকে যিকেইটা নিৰ্বাচন হৈ গৈছে সেই নিৰ্বাচনকেইটাত মিত্ৰজোঁটে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছো ৷ এইটো হ’ল উপ নিৰ্বাচন ৷ এই উপ নিৰ্বাচনত চৰকাৰ ভঙা- পতাৰ প্ৰশ্ন নাহে ৷ সেই কাৰণে নতুন মুখ হ’ব পাৰে, কিন্তু তিনিওটা দলৰ যি ভেঁটি সেই ভেঁটি মজবুট হৈ আছে ৷ আনহাতে মিত্ৰজোঁটতো কোনো কেৰণ লগা নাই ৷ সেই কাৰণে নামনি অসমৰ ৩১ নং ছিদলী সমষ্টি আৰু ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত আমি সুন্দৰভাবে জয়ী হৈ যাম ৷ ইপিনে ছিদলী সমষ্টি সন্দৰ্ভত কয় যে বহুতে বহু কথা কৈ আছে ৷

আজিৰ তাৰিখত যদি ছিদলী সমষ্টত বিৰোধী দলৰ কথা কবলগীয়া হয় তেনে বিপিএফ দলৰ কথাকে ক’ব লাগিব ৷ কিন্তু বিপিএফ দলৰ ভিতৰ চ’ৰাত আজিলৈকে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত চলি আছে৷যাৰ কাৰণে নিৰ্বাচনত যে দলটোৱে বিশেষ কিবা প্ৰভাৱ পেলাব পাৰিব সেইটো দেখা নাই ৷ সেয়ে সমষ্টিটোত যোৱাবাৰ আমি এনডিএ হিচাপে যি ৩১ হাজাৰ ভোট পাবলৈ সক্ষম হৈছিলো তাতোকৈ এইবাৰ দুগুণ ভোট যে পাম সেয়া দৃঢ়তাৰে ক’ব পাৰো ৷আনহাতে বিপিএফ দল ত্যাগ কৰি শেহতীয়াভাবে ইউপিপিএল দলত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই সমষ্টিটোৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা সন্দৰ্ভত সাংসদ বসুমতাৰীক সাংবাদিকে সোধাত কয় যে সকলোৰে সমৰ্থক থাকে আৰু প্ৰাৰ্থিত্ব বিচৰাটো কোনো ডাঙৰ কথা নহয় ৷ সকলোৱে বিচাৰিব পাৰে ৷এইটো নিয়মীয়া বিষয় ৷ আমি চন্দন ব্ৰহ্মক তেনেকুৱা বুলি ভবা নাই ৷ কাৰণ তেওঁ এজন বিজ্ঞ মানুহ আৰু ৰাজনীতিত নতুন নহয় ৷

যিহেতু তেওঁ আমাৰ দলত যোগদান কৰিছে তেওঁক আমি আকোৱালি লৈছো, শ্ৰদ্ধা জনাইছো ৷ দলে ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছেই ৷ গতিকে তাৰ পিছত যে তেওঁ অকলে কিবা এটা কৰিব এই কথাটো আমি ভবা নাই আৰু তেওঁ যে তেনে কিবা কৰিব আমি দেখা নাই ৷ আমাৰ প্ৰাৰ্থিত্বকলৈ সংঘাত হোৱা নাই ৷ তেওঁক আহ্বান জনাবলৈ একো নাই ৷ আমাৰ দলৰ প্ৰধান প্ৰমোদ বড়োৱে তেওঁক দলৰ এটা গুৰুত্বপূৰ্ণ পদত বহুৱাইছে আৰু ইয়াৰ দ্বাৰা নিশ্চয় তেওঁ আমাৰ দলৰ হৈকাম কৰি আছে আৰু কৰি থাকিব ৷

বিগত সময়ত বিটিআৰ অঞ্চলত আমাৰ মাজত ঐক্য সংহতি একেবাৰে বিনষ্ট হৈ গৈছিল, নিৰাপত্তাহীন পৰিৱেশ এটা আছিল ৷ সেই পৰিৱেশটো আতৰাই আমি এটা শান্তিৰ পৰিৱেশ আনিবলৈ সক্ষম হৈছো ৷ প্ৰগতি হৈ আছে, সমন্বয় নিশ্চয় হৈ আছে আৰু ইয়াক সুদৃঢ় কৰিবলৈ চন্দন ব্ৰহ্মই আহি আমাৰ লগত কাম কৰি আছে আৰু কাম কৰি গৈ থাকিব ৷

Related Articles