Modi Xi Jinping Bilateral Meeting: ব্ৰিকছ সন্মিলনৰ আঁৰত বুধবাৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে প্ৰথমখন ব্যক্তিগত আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী

নতুন দিল্লী, ২৩ অক্টোবৰ: এক উল্লেখযোগ্য ঘটনাক্ৰমত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে মঙলবাৰে নিশ্চিত কৰে যে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ আঁৰত ২৩ অক্টোবৰ, বুধবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এখন দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব(Modi Xi Jinping Bilateral Meeting)।

উল্লেখ্য যে, ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈকে ৰাছিয়াৰ অধ্যক্ষতাত কাজানত অনুষ্ঠিত হৈছে ১৬ সংখ্যক ব্ৰিকছৰ সন্মিলন(BRICS Summit 2024)।

বিগত কেইবা সপ্তাহ ধৰি ভাৰত আৰু চীনৰ কূটনৈতিক আৰু সামৰিক আলোচকসকলে বিভিন্ন মঞ্চৰ জড়িয়তে ঘনিষ্ঠ যোগাযোগ স্থাপন কৰি আহিছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে(Modi Xi Jinping talks)।

আৰু এই আলোচনাৰ ফলস্বৰূপে ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ(Line of Actual Control) কাষেৰে পেট্ৰলিঙৰ ব্যৱস্থাৰ ওপৰত দুয়োখন দেশ সহমতত উপনীত হৈছে(India-China border) । যাৰ ফলত ২০২০ চনত এই অঞ্চলসমূহত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধান হোৱাৰ দিশে আগবাঢ়িছে আৰু এই সন্দৰ্ভত ভাৰত আৰু চীনে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব(diplomatic relations)।

মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কাজান ভ্ৰমণ সন্দৰ্ভত আয়োজিত এখন বিশেষ সংবাদমেলৰ সময়ত বৈদেশিক সচিব বিক্রম মিশ্ৰীয়ে এল এ চিৰ সীমান্তত পেট্ৰলিঙৰ ক্ষেত্ৰত ভাৰত আৰু চীনে সহমতত উপনীত হোৱাক লৈ কৰা এটা প্রশ্নৰ উত্তৰত কয় যে, “আলোচনাৰ আওতাত থকা অমিমাংসিত অঞ্চলসমূহ পুনৰ ২০২০ চনৰ পূৰ্বৰ পৰিস্থিতিলৈ শীঘ্ৰেই ঘূৰাই অনা হ’ব”।

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে, “যিমানদূৰলৈকে পূৰ্বে হোৱা বিচ্ছিন্নতা চুক্তিৰ কথা আহিছে, এই আলোচনাত সেই চুক্তিসমূহ পুনৰ মুকলি কৰা হোৱা নাছিল। কালি হোৱা চুক্তিখনত বিগত দুবছৰ ধৰি বাকী থকা বিষয়সমূহৰ ওপৰত কেন্দ্ৰিভূত আছিল।”

উল্লেখ্য যে, ২০২০ চনৰ মে’ মাহত লাডাখ অঞ্চলত হোৱা সীমা বিবাদৰ বাবে ভাৰত আৰু চীনৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি পাইছিল। গালৱান উপত্যকাত সৃষ্টি হোৱা বিবাদৰ ফলত দুয়োপক্ষৰ সৈন্যই মুখামুখি সংঘৰ্ষত লিপ্ত হৈছিল। সেই সময়ত পৰিস্থিতি ইমানেই ভয়াৱহ আছিল যে, দুয়োখন দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (এলএচি) তেওঁলোকৰ স্থিতি অধিক শক্তিশালী কৰি তুলিছিল।

এই সংঘাতে ২০২০ চনৰ ১৫ জুনত এক হিংসাত্মক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছিল, যাৰ ফলত ভাৰতীয় জোৱানৰ মৃত্যুকে ধৰি দুয়োপক্ষৰ বহুসংখ্যক জোৱান হতাহত হৈছিল । এই ঘটনাই কূটনৈতিক উত্তেজনা বৃদ্ধি কৰাৰ লগতে দুয়োখন ৰাষ্ট্ৰৰ সামৰিক কৌশলৰ পুনৰ মূল্যায়নৰ সূচনা কৰিছিল।

ইফালে, সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰত আৰু চীনৰ বিচ্ছিন্নতা প্ৰক্ৰিয়াৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতি ২০২০ চনৰ মে’ মাহৰ আগৰ অৱস্থালৈ ঘূৰি আহিছে।

তেওঁ কয় যে ২০২০ চনৰ পিছত লাডাখৰ কিছুমান অঞ্চলত টহলৰ ব্যৱস্থাক দুয়োপক্ষই অৱৰোধ কৰিছিল। কিন্তু এতিয়া দুয়োখন ৰাষ্ট্ৰই এক বুজাবুজিত উপনীত হৈছে, যিয়ে দুয়োপক্ষক টহল দিয়াৰ অনুমতি দিয়ে।

লগতে পঢ়ক: ৰাছিয়াৰ কাজানত উপস্থিত প্ৰধানমন্ত্ৰী মোডীক আদৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে, কাইলৈ ভাগ ল’ব ​শীৰ্ষ সন্মিলনত

Related Articles