Tezpur Tractor Hospital: তেজপুৰত জৰাজীৰ্ণ পথ বাবেই ট্ৰেক্টৰতে চিকিৎসালয়লৈ নিলে ৬০ ঊৰ্ধৰ ৰোগীক

তেজপুৰ, ২৩ অক্টোবৰ : বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকালত ৰাজ্যৰ বাট-পথসমূহৰ ব্যাপক উন্নতি সাধন হৈছে বুলি শাসকীয়পক্ষই সততে জয়ঢোল বজাই অহাৰ সময়তে তেজপুৰৰ সমীপৱৰ্তী অঞ্চলত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা৷ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ এজন ৬০ উৰ্ধৰ ব্যক্তি জৰাজীৰ্ণ পথৰ বাবে অকাল মৃত্যুক সাৱটিব লগা হোৱা ঘটনাই বাট-পথ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে৷ উল্লেখ্য, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিহগুৰিৰ পৰা উত্তৰ দিশৰ ঝাৰণি চাপৰি সংযোগী পথছোৱা আজিও কেচাঁ আৰু বোকাময়(Tezpur Tractor Hospital)৷

তেজপুৰৰ জৰাজীৰ্ণ পথৰ বাবেই মৃত্যু ৬০ উৰ্ধৰ ৰোগীৰ

যাৰবাবে অঞ্চলটোলৈ নাযায় কোনো যান-বাহন(Dilapidated Roads)৷ উল্লেখ্য, বৃহত্তৰ অঞলটোৰ ৰাইজে বহু কাকুতি মিনতি কৰা পিছত স্থানীয় বিধায়ক গণেশ লিম্বুৱে পথ নিৰ্মাণৰ ব্যৱস্থা কৰে৷

সেই অনুযায়ী লোকসভা নিৰ্বাচনৰ পূৰ্বেই অৰ্থাৎ ৭ মাহমান আগতেই পথছোৱাৰ উন্নয়নৰ বাবে ঠিকাদাৰে পথৰ ওপৰত মাটি পেলায় আৰু সিমানতে কামটো পৰি ৰয়৷ ফলত বৰষুণত বোকাময় হৈ পৰা পথটোৰে বৰ্তমানে একপ্ৰকাৰে যান-বাহন চলাচল কৰিব নোৱাৰা হ’ল(Ambulances)৷

পৰিণতিত এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে মৃত্যু সাৱটি ল’বলগীয়া হোৱাত অঞ্চলটোৰ ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, তেজপুৰ সমীপ তথা বৰচলা সমষ্টিৰ অন্তৰ্গত ঝাৰণি চাপৰিৰ নিবাসী কৃষ্ণ বাহাদুৰ ছেত্ৰী নামৰ লোকজনৰ মঙলবাৰে দিনৰ ১১-৩০মান বজাত ৰক্তচাপজনিত প্ৰেছাৰ ষ্ট্ৰ’কত আক্ৰান্ত হয়৷

হঠাৎ অসুস্হ হৈ পৰা লোকজনক চিকিৎসালয়লৈ নিবলৈ বুলি অহা এখন এম্বুলেঞ্চ পথছোৱা বোকাময় হোৱাৰ বাবেই উভতি যাবলগীয়া হয়৷ ফলত উপায়ন্তৰ হৈ স্থানীয় ৰাইজৰ তৎপৰতাত এখন ট্ৰেক্টৰতে উঠাই লোকজনক ৰাষ্ট্ৰীয় ঘাইপথলৈ আনে আৰু ইয়াৰ পাছত আন বাহনৰ সহায়ত তেজপুৰৰ মিচন হস্পিতাললৈ অনা হয়৷

কিন্তু যথা সময়ত চিকিৎসালয় নোপোৱাত লোকজনে মৃত্যুক আঁকোৱালি লয়৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

কিয়নো অনুৰূপ কাৰণত ইতিপূৰ্বে আন দুজন লোকৰ মৃত্যু হোৱাৰ লগতে গৰ্ভৱতী মহিলাক কান্ধত তুলি, নাৱেৰে কঢ়িয়াই চিকিৎসালয়লৈ নিওঁতে গৰ্ভস্থ সন্তানৰ মৃত্যু ঘটাৰ কথাও উল্লেখ কৰিছে।

লগতে, দুৰ্ভগীয়া পৰিয়ালবৰ্গ আৰু গাঁওবাসীয়ে বিধায়ক লিম্বু, ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷

Related Articles