Non Mising Inhabited Areas: মিচিং স্বায়ত্ত পৰিষদত অনা-মিচিং অধ্যুষিত অঞ্চল

শিৱসাগৰ, ২৩ অক্টোবৰ: পুনৰ চৰকাৰী শুনানীত মঙলবাৰে ১৭টাকৈ জাতি-জনগোষ্ঠীয় সংগঠনে স্পষ্ট কৰিলে, মিচিং স্বায়ত্ব পৰিষদৰ খচৰাৰ পৰা অনা মিচিং গাঁওসমূহ(Non Mising Inhabited Areas) কৰ্তন হ’বই লাগিব। অন্যথা সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব। উল্লেখ্য, শিৱসাগৰ জিলাৰ ১১খনকৈ অনা-মিচিং গাঁও মিচিং স্বায়ত্ব পৰিষদৰ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে শিৱসাগৰত অসমৰ জাতীয় জনগোষ্ঠীয় দ’ল-সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে(Ethnic Groups)।

শিৱসাগৰ আৰু ধেমাজি জিলাৰ লগতে উজনি অসমৰ এঘাৰখন জিলাৰ অনা মিচিং অধ্যুষিত অঞ্চল সমূহ মিচিং স্বায়ত্ব পৰিষদৰ(Mising Autonomous Council) খচৰাত নতুনকৈ অন্তৰ্ভুক্তিৰ চক্ৰান্তৰ বিৰুদ্ধে ১৪ অক্টোবৰত শিৱসাগৰ নগৰত ১৭টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে শক্তিশালী প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবলৈ দুখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী দ’ল সংগঠনৰ নেতৃবৰ্গ্ই চৰকাৰী শুনানিত অংশগ্ৰহণ কৰে।

ডিমৌ ৰাজহ চক্ৰ বিষয়া প্ৰীতম দাসে প্ৰতিবাদকাৰী দ’ল সংগঠনৰ শুনানিৰ সাক্ষ্য গ্ৰহণ কৰে। এই চৰকাৰী শুনানিত অংশগ্ৰহণ কৰি ঐতিহাসিক কোৱামৰা সত্ৰ সমাজৰ বিষয়ববীয়া তথা প্ৰবীণ বাওঁপন্থী নেতা জনাৰ্দন বৰুৱাই কয় যে, ঐতিহাসিক কোৱামৰা সন্দিকৈ অঞ্চলত থকা কোৱামৰা সত্ৰ আৰু বৃহত্তৰ কৰ্দৈগুৰী অঞ্চলত নগন্য সংখ্যক মিচিং লোক আছে। তাৰ বিপৰীতে এই বৃহৎ অঞ্চলত ৭০ শতাংশৰো অধিক অনা মিচিং সম্প্ৰদায়ৰ লোকে আহোম যুগৰ পৰা বসবাস কৰি আহিছে।

তেনেস্হলত মিচিং স্বায়ত্ব পৰিষদে ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হৈ সম্পূৰ্ণ ষড়যন্ত্ৰ কৰি এই বৃহৎ এলেকাতো মিচিং স্বায়ত্ব পৰিষদত চামিল কৰিব বিচাৰিছে। তাৰ বিৰুদ্ধে ৰাইজ এতিয়া সচেতন। এনে অন্যায়ৰ বিৰুদ্ধে সমগ্ৰ উজনি অসমত জংগী গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰা হ’ব বুলি জনাৰ্দন বৰুৱাই মন্তব্য কৰে।

এই শুনানিত গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি কাতিৰাম ৰিজালে কয় যে, আমি কোনো কাৰনতেই মিচিং স্বায়ত্ব পৰিষদত নাথাকো বুলি কোৱাৰ বাবে আমাক মিচিং জনগোষ্ঠীৰ যুৱকে দিন দুপৰতেই ভাবুকি দি আহিছে। বৰ্তমান আমি নিৰাপত্তাহীনতাত ভুগি আছোঁ বুলি কাতিৰাম ৰিজালে মন্তব্য কৰে। গোৰ্খা সন্মিলনৰ সভাপতি প্ৰদীপ লামাই কয় যে, আমি স্বাধীন দেশৰ নাগৰিক। আমাৰ সুৰক্ষা আৰু আত্মমৰ্যদা ভাৰতীয় সংবিধানে দিছে।

যিকোনো ত্যাগ আৰু মুল্যৰ বিনিময়ত আমাৰ মৰ্যদা আৰু সাংবিধানিক অধিকাৰ আমি ৰক্ষা কৰিম। আমি ভীৰু কাপুৰুষ নহয়। মিচিং জনগোষ্ঠীয়ে আমাক আক্ৰমণ কৰিলে আমিও প্ৰত্যাক্ৰমন কৰিবলৈ বাধ্য হম বুলি প্ৰদীপ লামাই স্পট কৰি দিয়ে। ডিমৌমুখ মাজুমেলিয়া সন্মিলিত প্ৰতিবাদী মঞ্চৰ সভাপতি ৰঞ্জিত বৰগোহাঁইয়ে শুনানিত অংশগ্ৰহণ কৰি কয় যে, আমি আহোম যুগৰ পৰা শান্তি সম্প্ৰীতিৰে এই অঞ্চলত বসবাস কৰি আহিছোঁ। সকলো জাতি জনগোষ্ঠীৰ সমবিকাশ আৰু সমমৰ্যদা আমি বিচাৰোঁ। কিন্তু কাৰো দাসত্ব আমি স্বীকাৰ কৰা নাই আৰু কেতিয়াও নকৰোঁ।

মিচিং স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত হৈ আমাৰ লগতে আমাৰ ভবিষ্যতৰ প্ৰজন্মক আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’বলৈ কোনো কৰনতেই নিদিওঁ বুলি ৰঞ্জিত বৰগোহাঁইয়ে মন্তব্য কৰে। অনা-মিচিং সমিতিৰ সভাপতি ৰূদ্ৰপ্ৰসাদ গিৰিয়ে কয় যে, ইয়াৰ পূৰ্বেও আমি একেটা বিষয়ত প্ৰতিবাদ কৰি ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত শুনানি আগবঢ়াইছিলোঁ। শিৱসাগৰ নগৰতো এই চৰকাৰী চক্ৰান্তৰ‌ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলো।

তাৰ পিছতেই কৈৱৰ্ত দলনিৰ মিচিং জনগোষ্ঠীৰ একাংশ ব্যক্তিয়ে মিচিং স্বায়ত্ব পৰিষদত অনা মিচিং গাওঁ সমূহ অন্তৰ্ভুক্তিৰ বিৰুদ্ধে ভবিষ্যতে প্ৰতিবাদ নকৰিবলৈ সকিয়নি দি স্বায়ত্ব পৰিষদৰ বিৰুদ্ধে কথা ক’লে পৰিনতি অতি ভয়ংকৰ হ’ব বুলি আমাক ভাবুকি প্ৰদান দিছে। পৰেশ মহেশ নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যম ফেচবুকতো আমাক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলি ৰূদ্ৰপ্ৰসাদ গিৰিয়ে অভিযোগ উত্থাপন কৰে।

শুনানিৰ সময়ত জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব বহন কৰা সংগ্ৰামী নেতা তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়াই কয় যে, শিৱসাগৰ জিলাৰ আলিছিগা, কৈৱৰ্ত দলনি, কোৱামৰা সন্দিকৈ, ডিমৌমুখ, দিঘলদৰিয়লি, বলমা কৈৱৰ্তকে ধৰি ১১খন অনা-মিচিং অধ্যুষিত অঞ্চল আমি কোনো কাৰনতেই মিচিং স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত হ’বলৈ দিব নোৱাৰোঁ।

২০১৩ চনতেই কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰা এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে শিৱসাগৰত তীব্ৰ গণ আন্দোলন হৈছিল। তাৰপাছতেই সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লিগিৰীবাৰী এনচি‌কে ধৰি আমি বিৰোধিতা কৰা উপৰুক্ত অনা মিচিং গাওঁ সমূহ মিচিং স্বায়ত্ব পৰিষদত চামিল কৰা নহ’ব বুলি আশ্বাস প্ৰদান কৰি সেই সময়ৰ শিৱসাগৰ জিলাৰ উপায়ুক্ত যতীন্দ্ৰ লহকৰ আৰু মহকুমাধিপতি ৰিচান্দ আহমেদক নিৰ্দেশনা প্ৰদান কৰিছিল।

কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ আমোলত নতুনকৈ খচৰা প্ৰস্তুত কৰি পুনৰ একেই ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আমি এতিয়ালৈকে ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত দুবাৰকৈ শুনানিত অংশগ্ৰহণ কৰিলোঁ। এতিয়া আমাক চৰকাৰৰ স্পষ্ট সিদ্ধান্ত লাগে। আলোচনা আৰু শুনানিৰ নামত ভেকোভাওনা হ’বলৈ দিয়া নহ’ব। পৰৱৰ্তী আৰু চূড়ান্ত আলোচনাতেই সমাধান সূত্ৰ উদ্ভাৱন কৰি অনা-মিচিংৰ সংখ্যাগৰিষ্ঠতা থকা গাওঁ সমূহ মিচিং স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্তিৰ চক্ৰান্ত ৰাজহুৱা ভাৱে বাতিল কৰাৰ ঘোষণা চৰকাৰে কৰিব‌ই লাগিব। পৰৱৰ্তী আলোচনা শিৱসাগৰ জিলা আয়ুক্তৰ মধ্যস্হতাত হব লাগিব।

উক্ত আলোচনাত অসম চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়া আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত হ’ব লাগিব। এই ক্ষেত্ৰত আমি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছোঁ। মিচিংসকল অসমৰে আদিম ভুমিপুত্ৰ। তেওঁলোকৰ লগত আমি সংঘাটৰ পৰিবৰ্তে সমন্বয় বিচাৰোঁ। কিন্তু ৰাজনৈতিক ষড়যন্ত্ৰৰ জৰিয়তে বিভেদ সৃষ্টি হ’লে বড়োলেণ্ডৰ দৰেই উজনি অসমৰ পৰিস্থিতি অগ্নিগৰ্ভা হ’ব বুলি মনিৰুল ইছলাম বড়াই মত প্ৰকাশ কৰে।

এই শুনানিত চাহ জনজাতি ছাত্ৰ সন্থাৰ সম্পাদক বিশ্বনাথ নাগ, গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক অমন লোহাৰ, উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ইমতিয়াজ আহমেদ, ৱালিফুৰ ৰহমান, অনা মিচিং সমিতিৰ অজিত পুৰী, মৰিয়া যুৱ-ছাত্ৰ সন্থাৰ সভাপতি আচাদুৰ ৰহমান, আহোম সেনাৰ(Ahom Sena)

জয়া বাহিনীৰ সম্পাদিকা জোন গগৈ, সংগ্ৰামী সেনাৰ সম্পাদক লুইচ হাজৰিকা, ডিমৌমুখ মাজুমেলীয়া সন্মিলিত প্ৰতিবাদী মঞ্চৰ সম্পাদক চন্দ্ৰ বৰগোহাঁই, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ সভাপতি কাশিৰাম ৰিজাল, সাংগঠনিক সম্পাদক অমন লোহাৰ, অসম গোৰ্খা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ শৰ্মাৰ সহিতে আক্ৰাছূ, চুতীয়া ছাত্ৰ সন্থা(Chutia Students’ Union), টাইপা, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাকে আদি কৰি একাধিক জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে শুনানীত অংশগ্ৰহণ কৰে।

ইয়াৰ লগতে প্ৰতিবাদী সংগঠনসমূহে স্পষ্ট কৰি দিয়ে যে যদি চৰকাৰে অনা মিচিং ৰাইজৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান নকৰে তেন্তে আগন্তুক সময়ত সমগ্ৰ উজনি অসম প্ৰতিবাদত উত্তাল হৈ পৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Related Articles