Bihali By Election 2024: বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ মনোনয়ন দাখিল

বিশ্বনাথ চাৰিআলি, ২৩ অক্টোবৰ : ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ৰঞ্জিত দত্ত, মন্ত্ৰী পিযূষ হাজৰিকা, সঞ্জয় কিষানৰ সংগদানেৰে বুধবাৰে প্ৰায় পাচ শহস্ৰাধিক বিজেপি নেতা-কৰ্মীক লগত লৈ বিহালী উপ-নিৰ্বাচনৰ (Bihali By Election 2024) বিজেপি দলৰ মনোনীত প্ৰাৰ্থী দিগন্ত ঘাটৈৱাৰে মনোনয়ন দাখিল কৰে।

বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া(District Election Officer’s Office) মুনিন্দ্ৰ নাথ ঙাটেৰ হাতত বিজেপি প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ সময়ত মন্ত্ৰী পিযূষ হাজৰিকাই কয়, উপ-নিৰ্বাচনত যিমান সংখ্যক মানুহ ওলাই আহিছে, ইয়ে প্ৰমাণ কৰে যে বিহালী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰ(Diganta Ghatwaar) প্ৰায় ৪০,০০০ হাজাৰ ভোটত বিজয়ী হ’ব।

ইফালে বিহালী বিধানসভা সমষ্টিৰ বাবে বৰ্তমানলৈকে বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থীত্ব ঘোষণা নকৰা সন্দৰ্ভত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়, বৰ্তমান বিহালীত বিৰোধী শূণ্য।

কংগ্ৰেছত প্ৰাৰ্থীৰ অভাৱ ঘটিছে, যাৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিবলৈ সাহস গোটাব পৰা নাই (Bishwanath By Elections 2024)।

Related Articles