Priyanka Gandhi : নিৰ্বাচনী পথাৰত প্ৰথম খোজ ছোনিয়া তনয়াৰঃ ৱায়ানাড লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে প্ৰিয়ংকা গান্ধীয়ে

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ দেশৰ নিৰ্বাচনত প্ৰত্যক্ষভাবে জড়িত হল গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্যা। ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী পথাৰত প্ৰথম খোজ পেলালে। । প্ৰথমবাৰৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হল এআইচিচিৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে (Priyanka Gandhi) ।

ৱায়ানাড সমষ্টিৰ আগন্তুক লোকসভা উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে বুধবাৰে প্ৰিয়ংকা গান্ধীয়ে মনোনয়ন-পত্ৰ দাখিল কৰে ।তেওঁৰ সৈতে আছিল ৰাহুল গান্ধী, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰুবহু কেইগৰাকী কংগ্ৰেছ নেতা। প্ৰিয়ংকাই জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁৰ মনোনয়ন দাখিল কৰে।

মনোনয়ন দাখিলৰ অন্তত প্ৰিয়ংকা গান্ধীয়ে সমষ্টিটোত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰে । এই ৰোড শ্ব’ কালপেট্টাৰ পৰা থাংকলৈকে কৰা হয় বুলি জানিব পৰা গৈছে। মনোনয়ন দাখিলৰ বাবে প্ৰিয়ংকা মঙলবাৰে নিশা তেওঁৰ মাতৃ তথা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে পাহাৰীয়া জিলাখনত উপস্থিত হয় । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগা ৱায়ানাড উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ । প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ । ভোটগণনা অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত ।

এইবাৰ সমষ্টিটোৰ উপ-নিৰ্বাচনত প্ৰিয়ংকা গান্ধীয়ে এলডিএফৰ সত্যন ম’কেৰী আৰু বিজেপিৰ নব্যা হৰিদাসৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে । উল্লেখ্য যে শেহতীয়া লোকসভা নিৰ্বাচনত ৱায়ানাড সমষ্টিৰ পৰা জয়ী হৈছিল ৰাহুল গান্ধী । সমান্তৰালভাৱে তেওঁ ৰায়বৰেলী সমষ্টিৰ পৰাও জয়লাভ কৰে । অৱশ্যে ভাৰতীয় সংসদীয় নীতি অনুসৰি তেওঁ ৱায়ানাড সমষ্টিটো খালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ৰায়বৰেলী সমষ্টিটোৰ সাংসদ হিচাপে সংসদক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লয় । যাৰ বাবে ৱায়ানাড লোকসভা আসনৰ বাবে উপ-নিৰ্বাচন প্ৰয়োজনীয় হৈ পৰিছিল । অৱশেষত গান্ধী পৰিয়ালৰে আন এগৰাকী সদস্যাই সেই আসন খন ধৰি ৰখাৰ প্ৰয়াস কৰিছে।

Related Articles