Pabitra Margherita । ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ৰ প্ৰতিষ্ঠা দিৱস উদযাপনত অংশ গ্ৰহণ কৰিব ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ২৩ অক্টোবৰঃ ভাৰত চৰকাৰৰ বস্ত্ৰশিল্প আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই (Pabitra Margherita) ২৪ অক্টোবৰ ২০২৪ তাৰিখে যোৰহাটৰ লাহদৈগড়ত ‘কেন্দ্ৰীয় ৰেচম ব’ৰ্ড’ৰ ‘কেন্দ্ৰীয় মুগা এড়ী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (চিএমইআৰ এণ্ড টিআই)ৰ ২৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

এই অনুষ্ঠানটোৱে ৰেচম উদ্যোগ, বিশেষকৈ মুগা আৰু এড়ী ৰেচমসূতা উৎপাদনৰ ক্ষেত্ৰত বিগত ২৫ বছৰে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানক চিহ্নিত কৰে।প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত অনুষ্ঠানত এক উদ্বোধনী অধিৱেশন অনুষ্ঠিত হ’ব, ইয়াৰ পিছতে অনুষ্ঠিত হ’ব লগা বিশেষ অনুষ্ঠানসমূহৰ ভিতৰত আছে প্ৰদৰ্শনীৰ বিপনীসমূহৰ পৰিদৰ্শন, ‘চিএছবি-চিএমইআৰ এণ্ড টিআই’ৰ ইতিহাস দেৱাল’ উন্মোচন, ‘চিএছবি-চিএমইআৰ এণ্ড টিআই’ৰ ২৫ বছৰীয়া সাফল্য প্ৰতিফলিত কৰা তথ্যচিত্ৰ আৰু স্মাৰক উন্মোচন, প্ৰতিষ্ঠানটোৱে বিকশিত কৰা শেহতীয়া প্ৰযুক্তি আৰু গ্ৰন্থ উন্মোচন।

মন্ত্ৰীগৰাকীয়ে কাইলৈ কঁহৰাত ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত প্ৰকল্প’ত ‘সমৰ্থ’ৰ শুভাৰম্ভণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব। ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষণ প্ৰকল্প’ৰ সহযোগত ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় ৰেচম ব’ৰ্ডে ‘কাজিৰঙা বন প্ৰান্তীয় সম্প্ৰদায়’ৰ ৰেচম হস্ততাঁত শিপিনীসকলৰ বাবে ‘সমৰ্থ’ আঁচনিৰ অধীনত দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিব।ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে বস্ত্ৰ উদ্যোগখণ্ডত বহনক্ষম নিযুক্তিৰ বাবে যুৱপ্ৰজন্মৰ দক্ষতা বৰ্দ্ধন কৰাৰ বাবে ২০১৮ চনত বস্ত্ৰ উদ্যোগখণ্ডত সামৰ্থ্য বৰ্দ্ধন আঁচনি আৰম্ভ কৰিছিল, যাক ‘সমৰ্থ’ নামেৰে জনা যায়।চি.এছ.বি.-চি.এম.ই.আৰ.এণ্ড.টি.আই.-ৰ বিষয়ে:যোৱা ২৫টা বছৰত, চি.এছ.বি.-চি.এম.ই.আৰ.এণ্ড.টি.আই.-য়ে ৰেচম উৎপাদনত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। মুগাসূতাৰ উৎপাদন ১৯৯৯ চনৰ ৮২ মেট্ৰিক টনৰ পৰা ২০২৪ চনত ২৫২ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। একেদৰে, একেছোৱা সময়তে এড়ীসূতাৰ উৎপাদন ৯৭০ মেট্ৰিক টনৰ পৰা ৭,১৮৩ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৱে মুগা আৰু এড়ী পলু পালনৰ জৰিয়তে সূতা উত্পাদনৰ বাবে ২৫টাতকৈয়ো অধিক প্ৰমাণিত প্ৰযুক্তি সফলতাৰে বিকশিত কৰিছে।

এই ৰূপালী জয়ন্তী উদযাপনে কেৱল অতীতৰ সাফল্য স্মৰণ কৰাই নহয় ৰেচম উদ্যোগত ভৱিষ্যতৰ উদ্ভাৱনৰ মঞ্চও নিৰ্মাণ কৰিছে। এই অনুষ্ঠানটোৱে ভাৰতৰ ৰেচম উৎপাদন, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা অনন্য মুগা আৰু এড়ীৰ প্ৰকাৰৰ বৃদ্ধিৰ ক্ষেত্ৰত গৱেষণা আৰু বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে ।‘সমৰ্থ’ আঁচনিৰ অধীনত, বস্ত্ৰ উদ্যোগ/উদ্যোগ সংস্থা, কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ সংস্থা, আৰু কেন্দ্ৰীয় ৰেচম বোৰ্ড, ডিচি-হস্ততাঁত, ডিচি-হস্তশিল্প আৰু কেন্দ্ৰীয় উল বোৰ্ড আদিৰ দৰে খণ্ডগত সংগঠনসমূহে ১৯৫টা কাৰ্যকৰী অংশীদাৰৰ জৰিয়তে বস্ত্ৰ মন্ত্ৰালয়ে ৩.৪৩ লাখ হিতাধিকাৰীক প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ভিতৰত ২.৭২ লাখ (৭৯.৪%)ক নিযুক্তি দিয়া হৈছে। আঁচনিখনৰ অধীনত, কেন্দ্ৰীয় ৰেচম বৰ্ডে মুঠ ১০,৫০০ হিতাধিকাৰীক ৰেচম শিল্পৰ প্ৰশিক্ষণ দিছে।
কেন্দ্ৰীয় ৰেচম বোৰ্ড-য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰিৱেশ-উন্নয়ন সমিতিৰ বাবে ব্যঘ্ৰ সংৰক্ষণৰ সৈতে প্ৰায় ১০০ গৰাকী ৰেচম হস্ততাঁত শিপিনীৰ বাবে প্ৰশিক্ষণ পৰিচালনাৰ দিশত সহযোগিতা কৰিছে। অহা ২৪ অক্টোবৰৰ পৰা ৩ ডিচেম্বৰ, ২০২৪ লৈ ৪০ দিনৰ বাবে এই চলিব লগা এই প্ৰশিক্ষণ কাৰ্যসূচীয়ে বৈকল্পিক জীৱিকাৰ সুযোগ বৃদ্ধি কৰাৰ আৰু লগতে কাজিৰঙা বন প্ৰান্তীয় সম্প্ৰদায়ৰ উপাৰ্জনক এক গুৰুত্বপূৰ্ণ স্তৰলৈ উন্নত কৰাৰ উপৰিও বিপণনৰ মঞ্চ প্ৰদান কৰিব। প্ৰশিক্ষিত ৰেচম শিপিনীসকলক চিএছবি-ৰ চিল্ক মাৰ্ক অৰ্গেনাইজেশ্যন অব ইণ্ডিয়া (এছএমঅ’আই) আৰু অন্যান্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

Related Articles