BRICS Summit : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ দ্বৈত মানদণ্ডৰ কোনো স্থান নাই: প্ৰধানমন্ত্ৰী মোদী

নতুন দিল্লী, ২৩ অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ব্ৰিকছ সন্মিলনত ভাষণ প্ৰদান কৰে(PM Modi addressed BRICS Summit)। ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক সমালোচনা কৰি কয় যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ ক্ষেত্ৰত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। ১৬ সংখ্যক ব্ৰিকছ সন্মিলন(16th BRICS Summit)ত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদৰ পুঁজিৰ বিৰুদ্ধে সবলভাৱে যুঁজিব লাগিব(BRICS Summit)।

ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে(Prime Minister Narendra Modi) কয়, “যুৱক-যুৱতীসকলক উগ্ৰবাদৰ দিশে যোৱাত আমি বাধা দিব লাগিব। ভাৰতে যুদ্ধ নহয়, আলোচনা আৰু কূটনীতিক সমৰ্থন কৰে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সকলোৰে ঐক্যবদ্ধ আৰু দৃঢ় সমৰ্থনৰ প্ৰয়োজন। এই গুৰুত্বপূৰ্ণ বিষয়টোত দ্বৈত মানদণ্ডৰ কোনো স্থান নাই। বিশ্বই যুদ্ধ, অৰ্থনৈতিক অনিশ্চয়তা, জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদৰ দৰে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা সময়ত ব্ৰিকছৰ বৈঠকখন অনুষ্ঠিত হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত কলে, বিশ্বই এতিয়া উত্তৰ-দক্ষিণ বিভাজন আৰু পূব-পশ্চিম বিভাজনৰ বিষয়ে আলোচনা কৰি আছে। ইয়াৰ ওৰপিও মোদীয়ে কলে, “মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰা, খাদ্য সুৰক্ষা, শক্তি সুৰক্ষা, স্বাস্থ্য সুৰক্ষা আৰু জল সুৰক্ষা নিশ্চিত কৰাটো বিশ্বৰ সকলো দেশৰ বাবে অগ্ৰাধিকাৰৰ বিষয়। আৰু প্ৰযুক্তিৰ এই যুগত চাইবাৰ ডিপফেক, ভুল তথ্যৰ দৰে নতুন প্ৰত্যাহ্বানৰ উন্মেষ ঘটিছে। এনে সময়ত ব্ৰিকছৰ পৰা সকলোৰে বহু আশা আছে।”

“মই বিশ্বাস কৰোঁ যে ব্ৰিকছে বৈচিত্ৰ্যপূৰ্ণ আৰু সৰ্বাংগীন মঞ্চ হিচাপে সকলো ক্ষেত্ৰতে ইতিবাচক ভূমিকা পালন কৰিব পাৰে। এই ক্ষেত্ৰত আমাৰ দৃষ্টিভংগী জনকেন্দ্ৰিক হ’ব লাগে। আমি বিশ্ববাসীক এটা বাৰ্তা দিব লাগিব যে ব্ৰিকছ এক বিভাজনকাৰী সংগঠন নহয়, বৰঞ্চ ই মানৱতাৰ স্বাৰ্থত কাম কৰে।” ভাষণত এইদৰে কৈ প্ৰধানমন্ত্ৰী মোদীয়ে যুদ্ধৰ পৰিৱৰ্তে আলোচনা আৰু কূটনীতিৰ প্ৰতি ভাৰতৰ সমৰ্থনক পুনৰবাৰ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আৰু আমি যিদৰে একেলগে ক’ভিডৰ দৰে প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলো, ঠিক তেনেকৈয়ে আমি নিশ্চিতভাৱে ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিৰাপদ, শক্তিশালী আৰু সমৃদ্ধ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিবলৈ সক্ষম হৈছো।” লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কলে, “সন্ত্রাসবাদ আৰু সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ বিৰুদ্ধে যুঁজিবলৈ আমাক সকলোৰে ঐক্যবদ্ধ, অটল সমৰ্থনৰ প্ৰয়োজন”। ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত ব্যাপক সন্মিলনৰ দীৰ্ঘদিনীয়া বিষয়টোত একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে ব্লক সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতে নতুন দেশসমূহক অংশীদাৰ দেশ হিচাপে ব্ৰিকছলৈ আদৰণি জনায়।

তেওঁ লগতে কয়, “এই সন্দৰ্ভত সকলো সিদ্ধান্ত সৰ্বসন্মতিক্ৰমে লোৱা উচিত, আৰু ব্ৰিকছৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ মতামতক সন্মান জনোৱা উচিত। জোহান্সবাৰ্গ শীৰ্ষ সন্মিলনৰ সময়ত গ্ৰহণ কৰা নিৰ্দেশনামূলক নীতি, মানদণ্ড, নীতি-নিয়ম আৰু প্ৰক্ৰিয়াসমূহ সকলো সদস্য আৰু অংশীদাৰ দেশসমূহে মানি চলিব লাগে।”

ব্ৰিকছ হৈছে সময়ৰ লগে লগে বিকশিত হ’বলৈ সাজু হোৱা এটা সংস্থা- এই কথাক বুলি জোৰ দি তেওঁ কয়, “বিশ্বক আমাৰ নিজৰ উদাহৰণ দি আমি সামূহিক আৰু ঐক্যবদ্ধভাৱে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে মাত মাতিব লাগিব।” তেওঁ কয়, “ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বহুপক্ষীয় উন্নয়ন বেংক আৰু বিশ্ব ব্যৱসায় সংস্থাৰ দৰে বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ ক্ষেত্ৰত আমি সময়মতে আগবাঢ়িব লাগিব। আমি ব্ৰিকছত আমাৰ প্ৰচেষ্টাসমূহ আগুৱাই নিয়াৰ লগে লগে, আমি সাৱধান হ’ব লাগিব যে যে এই সংস্থাটোৱে বিশ্বৰ প্ৰতিষ্ঠানসমূহক সলনি কৰিবলৈ চেষ্টা কৰা সংস্থা এটাৰ ভাবমূৰ্তি সৃষ্টি কৰিব নালাগে, বৰঞ্চ ইয়াক সংস্কাৰ কৰিব বিচৰা সংস্থা হিচাপে গণ্য কৰা উচিত।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত কয় যে, “বিশ্বৰ দক্ষিণৰ দেশসমূহৰ আশা, আকাংক্ষা আৰু প্ৰত্যাশাৰ কথা মনত ৰাখিব লাগিব। ভইচ অৱ গ্ল’বেল চাউথ ছামিট আৰু জি-২০ প্ৰেচিডেন্সিৰ সময়ত ভাৰতে এই দেশসমূহৰ কণ্ঠ বিশ্বৰ মঞ্চত তুলি ধৰিছিল। মই সুখী যে, ব্ৰিকছৰ অধীনত এই প্ৰচেষ্টাবোৰ শক্তিশালী হৈ উঠিছে। যোৱা বছৰ, আফ্ৰিকাৰ দেশবোৰক ব্ৰিকছত অন্তৰ্ভুক্ত কৰা হৈছিল। এই বছৰো, ৰাছিয়াই বিশ্বৰ দক্ষিণৰ বহু দেশক আমন্ত্ৰণ জনাইছে। বিভিন্ন দৃষ্টিভংগী আৰু মতাদৰ্শৰ সংগমৰ দ্বাৰা গঠিত, ব্ৰিকছ গোট বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস আৰু ই ইতিবাচক সহযোগিতা বৃদ্ধি কৰে। “

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ বৈচিত্ৰ্য, পাৰস্পৰিক সন্মান আৰু ঐকমত্যৰ ভিত্তিত আগবাঢ়ি যোৱাৰ পৰম্পৰা হৈছে আমাৰ সহযোগিতাৰ আধাৰ । আমাৰ আৰু আমাৰ ব্ৰিকছৰ মনোভাৱৰ এই গুণে আন দেশকো এই মঞ্চৰ প্ৰতি আকৰ্ষিত কৰিছে। মোৰ বিশ্বাস আছে যে, আমি একেলগে এই অনন্য মঞ্চখনক অনাগত সময়ত আলোচনা, সহযোগিতা আৰু সমন্বয়ৰ আৰ্হি হিচাপে গঢ়ি তুলিম। এই ক্ষেত্ৰত ভাৰতে ব্ৰিকছৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে সদায় নিজৰ দায়িত্ব পালন কৰিব ।”

মোদীয়ে আৰু কয় যে ব্ৰিকছ দেশসমূহে বিশ্বৰ জিডিপিৰ এক বৃহৎ অংশ প্ৰতিনিধিত্ব কৰে, যিয়ে বিশেষকৈ উদীয়মান বজাৰসমূহত উল্লেখযোগ্য অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসাৰ ঘটায়। এই গোটটোৱে সদস্য দেশসমূহৰ মাজত বাণিজ্যিক চুক্তিক প্ৰসাৰিত কৰে, ব্ৰিকছৰ ভিতৰত বাণিজ্য বৃদ্ধি কৰে আৰু বিদেশী বিনিয়োগক আকৰ্ষণ কৰে। ব্ৰিকছে নিজাকৈ বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছে, যেনে নিউ ডেভেলপমেণ্ট বেংক (এনডিবি) আৰু কন্টিজেণ্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্ট (চিআৰএ) যিয়ে পশ্চিমীয়া অধ্যুষিত প্ৰতিষ্ঠান যেনে আইএমএফ আৰু বিশ্ব বেংকৰ বিত্তীয় বিকল্প প্ৰদান কৰে।

পি এম মোদীয়ে আৰু কয় যে, ব্ৰিকছে উদীয়মান অৰ্থনীতিসমূহক ভালদৰে প্ৰতিনিধিত্ব কৰিবলৈ বিশ্ব শাসন ব্যৱস্থাৰ সংস্কাৰৰ পোষকতা কৰে, যাৰ ফলত বহুমেৰু বিশ্ব ব্যৱস্থাক প্ৰসাৰিত কৰা হয়। এই গোটে জলবায়ু পৰিৱৰ্তন, শক্তি সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ দৰে বিষয়ত সহযোগিতা আগবঢ়াই আৰু বিশ্বজনীন প্ৰত্যাহ্বানসমূহ সমাধান কৰে ।

Related Articles