AMSU: হোজাই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছুৰ ধৰ্ণা

মোৰাঝাৰ, ২৪ অক্টোবৰঃ হোজাই জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহস্পিতবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু’ৰ(AMSU) হোজাই জিলা সমিতিয়ে বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰায় এক হেজাৰৰো অধিক লোকৰ অংশগ্ৰহণত আমছু’ৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ হোজাই।

কেবাটা সম্বলিত দাবীৰে আমছুয়ে ৰূপায়ন কৰে এই ধৰ্ণা কাৰ্যসূচী। আমছু’ৰ হোজাই জিলা সমিতিয়ে উল্লেখ কৰা দাবীসমূহ হ’ল- লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলক পুনৰসংস্থাপন দিয়ক, হোজাইৰ লংকা পৌৰসভাৰ গাৰ্বেজ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰ কৰক, আজিৰ উদ্দিন হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰক,

বসুন্ধৰা ৩.০ৰ নামত বৈষম‍্য পৰিহাৰ কৰক, সকলো বৈধ ভাৰতীয় ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰক, নীলবাগান চানাপট্টীত বি আৰ আম্বেদকাৰ স্বেচ্ছাসেৱক সংগঠনৰ দ্বাৰা প্ৰৱঞ্চনাৰে চৰকাৰী চাকৰিৰ নামত আত্মসাৎ কৰা ধন উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰক, হোজাই জিলাত ড্ৰাগছ নিয়ন্ত্ৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰক, হোজাই জিলাত(Hojai Commissioner’s office) উন্নত মানৰ চৰকাৰী নিচা মুক্তি কেন্দ্ৰ স্থাপন কৰক।

এনে কেতবোৰ দাবীৰে আমছু হোজাই জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি হোজাই আয়ুক্তক স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। উক্ত ধৰ্ণা কাৰ্যসূচীত হোজাই জিলা আমছু সমিতিৰ মুখ্য উপদেষ্টা মনোৱাৰ হুছেইন, সভাপতি কবিৰ আহমেদ লস্কৰে কয়-

আমাৰ দাবী সমূহ নামানিলে ইয়াতকৈ বৃহৎ গণতান্ত্ৰিক আন্দোলন সাব্যস্ত কৰিব বুলি একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰা দেখা যায়। আমছু’ৰ এই ধৰ্ণা কাৰ্যসূচীত আমছু জিন্দাবাদ, হিমন্ত বিশ্বশৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা গ’বেক, লংকা পৌৰসভা হায় হায়, হোজাই পৌৰসভা হায় হায় আদি শ্লাগানেৰে প্ৰতিবাদস্থলি উত্তাল কৰি তোলে।

Related Articles