Asom Sanmilita Morcha । ৰাজ্যত গঠন হ’ল কংগ্ৰেছবিহীন অসম সন্মিলিত মঞ্চ !

দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধি, ২৪ অক্টোবৰঃ বিহালীৰ আসনখন কংগ্ৰেছে মিত্ৰদলক এৰি নিদিয়াৰ পৰিণতিত ভূপেন বৰাই অসম সন্মিলিত মঞ্চৰ সভাপতি এৰি দিয়াৰ পিছত আজি কংগ্ৰেছক বাদ দি মঞ্চৰ বাকী দলসমূহে সাংসদ অজিত কুমাৰ ভূঞাক অসম সন্মিলিত মঞ্চৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰে ৷ (Asom Sanmilita Morcha) আজি মঞ্চৰ এক বৈঠকত জাতীয় দলৰ সভাপতি অজিত কুমাৰ ভূঞাক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়। আনহাতে সাধাৰণ সম্পাদকৰ দায়িত্বত লুৰীণজ্যোতি গগৈয়েই ৰখাৰ সিদ্ধান্ত কৰা হয় ৷ (Asom Sanmilita Morcha)

এক সংবাদমেলত সন্মিলিত মঞ্চৰ নেতৃত্বই কয় যে বিহালীৰ লগতে মঞ্চই আন চাৰিটা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ আনহাতে সম্মিলিত মঞ্চই ঐক্যবদ্ধভাবে ঘোষণা কৰা প্রার্থীগৰাকীৰ সপক্ষেও মাত-মাতিব নোৱাৰি বৰাই সম্মিলিত মঞ্চৰ সভাপতি পদৰ পৰাই পদত্যাগ কৰিছিল। যোৱা নিশা কংগ্রেছে জয়ন্ত বৰাক প্রার্থিত্ব প্রদান কৰাৰ পাছতেই আজি বৰাই সংবাদ মাধ্যমৰ আগত কয় যে এ আই চি চিয়ে যিটো সিদ্ধান্ত ল’ব সেইটো মই সভাপতি হিচাপে মানি লোৱাটো মোব নীতিগত দায়িত্ব। সভাপতি বৰাই সংবাদ মাধ্যমৰ আগত আৰু কয় যে যিহেতু মই অসম সম্মিলিত মঞ্চৰ জন্মদাতা গতিকে তেওঁলোকবো এবাব নোৱাৰা অৱস্থা যে পাঁচখন আসনৰ এখন লাগে।

আমাৰ সমিতিৰ প্ৰতিবেদন আৰু চার্ভে অনুসৰি জয়ন্ত বৰাক প্রার্থিত্ব দিয়া হৈছে। আৰু তেওঁ এজ শক্তিশালী প্রার্থি বুলি দুয়োটা প্রতিবেদনতে উল্লেখ আছে। গতিকে দলৰ সিদ্ধান্তটোক আমি সকলোৱে মানি লৈছো। বিৰোধী ঐক্যৰ সন্দৰ্ভত মন্তব্য কৰি বৰাই কয়- আমি আকৌ চেষ্টা কবিম যে আমাৰ একটা ২০২৬ লৈকে বর্তাই বাখি আগুৱাই যাম। মই অসম সম্মিলিত মঞ্চক আহ্বান জনাম যে উপ-নির্বাচন কেন্দ্রীক কথা-বৰ্তাৰ বাবে আমি বৃহত্তৰ স্বাৰ্থৰ পৰা ফালবি কাটিব নালাগে। হয়, আমি তেওঁলোকে বিচবাটো দিব পৰা নাই। কিন্তু ইয়াৰ যুক্তি-যুক্ততাও আছে।

আমাৰ মূল লক্ষ্য হৈছে বিজেপিক পৰাভূত কৰা। তেওঁ লগতে কয় বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত শক্তিশালী প্রার্থিক বাছনি কৰিবলৈ যাওঁতে যিটো পৰিস্থিতি হৈছে তাৰ কাৰণে মই বিৰোধী ঐক্যৰ সভাপতি হৈ থাকিলে হয়টো তেওঁলোকে মনত দুখ পাব পাব তাব বাবে মই মঞ্চ সাময়িকভাবে এবিছো। মঞ্চতে মোৰ মনটো এতিয়াও আছে ৷ উপ-নির্বাচনৰ পাছত আচল যুঁজখন আৰম্ভ হ’ব। আচল যুঁজখনত যাতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহয় তাব বাব নৱেম্বৰ-ডিচেম্বৰৰ ভিতৰত ২৬ ব নিৰ্বাচনৰ বণকৌশল প্রস্তুত কৰাৰ বাবে মই পৰামৰ্শ দিছিলো। ২০২৬ লৈকে আমাৰ বিৰোধী ঐক্য থাকিব বুলি মই আশা কৰো। বৰাই আৰু কয় যে- জয়ন্ত বৰাই কংগ্রেছৰ যোগদান কৰাৰ বাবে আগৰে পৰাই যোগাযোগ কৰিছিল। মোক বহুবাব ফোন কৰিছে। বিবেক দাসক মই ২৬ ৰ বাবে সাজু হোৱাৰ আহ্বান জনাইছো। জয়ন্ত বৰা জয়ী হ’লেও ২৬ ত সমষ্টিটোত নির্বাচন খেলিব নোৱাৰিব। কাৰণ আসনখন এছ চি বাবে সংৰক্ষিত হ’ব। ২০২৬ ত বিবেক দাসে খেলিব পাৰিব। বিবেক দাসে এবছৰ কিয় বিধায়ক হ’ব লাগে পাঁচবছব হওক।”

Related Articles