Bangagaon Assembly Constituency By Election: বঙাইগাঁৱত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভদ্ৰেশ্বৰ বৰ্মন আৰু অনুপ কুমাৰ কৰ্মকাৰৰ মনোনয়ন দাখিল

বঙাইগাঁও, ২৪ অক্টোবৰঃ নিৰ্বাচন আহিলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰ ৰাইজক নানা সুবিধা তথা প্ৰলোভন আৰু আশ্বাস প্ৰদান কৰি অহা পৰিলক্ষিত হৈ আহিছে৷একাংশ প্ৰাৰ্থীয়ে আকৌ ভোটাৰৰ সমৰ্থন লাভৰ বাবে ভোটাৰৰ মাজত মাদক দ্ৰব্য বিতৰণ কৰাৰো সময়ে সময়ে অভিযোগ উত্থাপিত হৈ আহিছে৷একেদৰে নিৰ্বাচনৰ সময়ত ঠায়ে ঠায়ে জব্দও হৈ আহিছে মাদক দ্ৰব্য৷পিছে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত(Bangagaon Assembly Constituency By Election) নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়া সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনৰ(Bhadreshwar Burman) নিৰ্বাচনী ইচ্ছ্যুই সুকীয়া৷প্ৰাৰ্থীগৰাকীয়ে ভোটাৰ ৰাইজৰ সমৰ্থন লাভৰ বাবে ভোটাৰক মাদক দ্ৰব্য বিতৰণ কৰা দূৰৰে কথা, বৰং তেওঁৰ নিৰ্বাচনী ইচ্ছ্যুই হ’ল সমাজৰ পৰা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাহে ৷

তেওঁৰ মতে যদিহে সমাজৰ পৰা মাদক দ্ৰব্য বন্ধ নহয়, তেতিয়াহলে যুৱ প্ৰজন্ম ধ্বংস হৈ যাব৷ হয়, এইবাৰৰ উপ নিৰ্বাচনত আন ইচ্ছ্যুুৰ লগতে সমাজ ধ্বংসকাৰী মাদক দ্যব্যৰ বিৰুদ্ধেও মাত মাতি ভোটাৰ ৰাইজৰ কাষ চাপিছে নিৰ্দলীয় প্ৰাৰ্থী বৰ্মনে৷ উল্লেখ্য, ১৩ নবেম্বৰত অনুষ্ঠিত হ’ব বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন৷এই উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বুধবাৰে অগপ দলত্যাগী শৈলেন্দ্ৰ সৰকাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত বৃহস্পতিবাৰে আন দুগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে(Anup Kumar Karmakar)৷

ইয়াৰে ভিতৰত এজন হ’ল সমাজকৰ্মী তথা আন্তঃ ৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মন আৰু আনজন হ’ল ক্ষুদ্ৰ ব্যৱসায় আৰু সমাজৰ বিভিন্ন কামৰ সৈতে জড়িত অনুপ কুমাৰ কৰ্মকাৰ দুয়োজন প্ৰাৰ্থীয়ে লগত কিছু সংখ্যক সমৰ্থক আৰু শুভাকাংক্ষীলৈ বঙাইগাঁও জিলা আয়ুক্ত কাৰ্যায়ত উপস্থিত হৈ বিধানসভা সমষ্টিটোৰ ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত নিৰ্বাচনী যুঁজত নামি পৰাৰ কথা ঘোষণা কৰে ৷

সংবাদ মাধ্যমৰ আগত সমাজকৰ্মী ভদ্ৰেশ্বৰ বৰ্মনে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণীভূষণ চৌধুৰীক সমালোচনা কৰি কয় যে বঙাইগাঁৱত বিগত ৪০ বছৰে ফণীভূষণ চৌধুৰীৰ নিস্ক্ৰিয়তাৰ কাৰণে বঙাইগাঁৱৰ বৃহৎ অংশ এটা বিটিআৰত গুচি গ’ল আৰু বিটিআৰ চুক্তিৰ ফলত বঙাইগাঁও, ধুবুৰীকে ধৰি অসমৰ এটা বৃহৎ অংশ গুচি যাব ৷ য’ত আনমাৰ অনাবড়ো মানুহখিনিৰ মৌলিক অধিকাৰ খৰ্ব হোৱাৰ লগতে ভূমিৰ অধিকাৰ হেৰুৱাই পেলাব ৷ সেয়ে আমি আমাৰ ভেঁটি ৰক্ষা কৰিব লাগিব ৷ আনহাতে সমাজত দিনে দিনে বৃদ্ধি পাই অহা মাদক দ্ৰব্যৰ প্ৰচলন সন্দৰ্ভত কয় যে আজি সমাজত যিধৰণে মাদক দ্ৰব্যৰ প্ৰচলন হৈছে এই মাদক দ্ৰব্যৰ প্ৰচলনে উঠি অহা ল’ৰা- ছোৱালীৰ জীৱন ধ্বংস কৰি দিছে ৷ কোনো কৰ্মসংস্থাপনৰ সৃষ্টি নাই ৷

সেয়ে যদি মই নিৰ্বাচনত বিজয়ী হওঁ তেতিয়াহলে ল’ৰা- ছোৱালীসকলক কৰ্মসংস্থাপনৰ জৰিয়তে তেওঁলোকক মাদক দব্য বৰ্জনৰ আহ্বান জনাই আমাৰ জাতি, আমাৰ মাটি, আমাৰ ভেঁটি, আমাৰ বজাৰ শ্লোগানেৰে কৰ্মসংস্থাপন সৃষ্টি কৰিম ৷ নিৰ্বাচনত তেওঁৰ এয়াই নিৰ্বাচনী মূল ইচ্ছ্যু আৰু এই ইচ্ছ্যুলৈয়ে ভোটাৰ ৰাইজৰ কাষ চাপিব বুলিও কয় ৷ ইপিনে অগপ, কংগ্ৰেছ আৰু বিজেপিৰ কথা নকও বুলি কৈ কয় যে এইবাৰ মোৰ বিজয় নিশ্চিত ৷ কোনে কি কৰিছে মোৰ ক’বলগীয়া নাই ৷ কিন্তু এইবাৰ নিৰ্বাচনত একমাত্ৰ ভৰিৰ তলৰ ভেঁটি ৰক্ষাৰ স্বাৰ্থত বঙাইগাঁও সমষ্টিবাসী ৰাইজে মোক বিপুল ভোটত জয়ী কৰাব ৷

তেওঁৰ প্ৰতিদ্বন্দ্বিতা মূলত অগপৰ লগত হ’ব বুলি কৈ কয় যে যদিওবা অগপৰ ভেঁটি শক্তিশালী নহয়, তথাপিও তেওঁলোকৰ লগতে হ’ব ৷ কাৰণ কংগ্ৰেছে দহ হাজাৰতকৈ বেছি ভোট নেপায় ৷ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৮০ হাজাৰতকৈ বেছি ভোট লাভ কৰি বিজয়ী হ’ব বুলিও দাবী কৰে ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত এতিয়া তেওঁ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাব আৰু এইবাৰ ভেঁটি ৰক্ষাৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ আহ্বান জনাব বুলি কৈ কয় যে ভোটাৰ ৰাইজে কোনো ধন আৰু আঁচনিৰ বাবে ভোট দিব নালাগে ৷ কাৰণ এই আঁচনিসমূহে অসমৰ অৰ্থনৈতিক বুনীয়াদ ধ্বংস কৰি দিছে ৷ আজি অসমৰ জনমূৰি ঋণৰ পৰিমাণ ৫৫ হাজাৰ ৷

কেন্দ্ৰীয় চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ৫৭ হাজাৰ ৷ এজন ল’ৰা বা ছোৱালী জন্ম হোৱাৰ লগে লগে তেওঁলোকৰ মূৰত ৰাজ্য চৰকাৰৰ ৫৫ হাজাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ১ লাখ ৫৭ হাজাৰ টকা ঋণৰ বোজা পৰে ৷ সেয়ে এইবোৰ সমস্যাকলৈ আলোচনা কৰিব বুলিও কয় ৷ তেওঁ পুনৰ কয় যে সমাজৰ পৰা মদৰ প্ৰচলন বন্ধ কৰিবই লাগিব ৷ কাৰণ মদ বন্ধ নকৰিলে যুৱ প্ৰজন্ম শেষ হৈ যাব ৷ যদিহে মদ আৰু মাদক দ্ৰব্য বন্ধ নহয় তেতিয়াহলে যুৱ প্ৰজন্ম ধ্বংস হৈ যাব ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও বাজেয়াপ্ত হৈছিল আমানতৰ ধন ৷ এই সন্দৰ্ভত তেওঁ কয় যে মই এটা বিশেষ কাৰণত নিৰ্বাচন খেলিছিলো যদিও কোনো নিৰ্বাচনী প্ৰচাৰেই চলোৱা নাছিলো ৷ এনআৰচিৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলো যদিও উচ্চতম ন্যায়ালয়ত মই নৈতিকভাবে বিজয়ী হৈছিলো ৷ সেয়ে সেইবাৰৰ কথাটো সুকিয়া আছিল ৷ ইপিনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা আনগৰাকী প্ৰাৰ্থী অনুপ কুমাৰ কৰ্মকাৰে মনোনয়ন পত্ৰ দাখিল কৰি উঠি সংবাদ মাধ্যমৰ আগত কয় যে মোৰ বৰ্তমান বয়স ৪৫ বছৰ ৷ মই সমাজৰ বিভিন্ন স্তৰত কাম কৰিছো ৷ হিন্দু সংগঠনৰ লগত জড়িত আছিলো আৰু সমাজৰ বিভিন্ন কাম কৰিছো ৷ ৰাজনীতিত এইবাৰেই প্ৰথম খোজ দি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছো ৷ সমাজৰ প্ৰতি এটা দায়িত্ব আৰু সমাজৰ হৈ নিস্বাৰ্থভাবে কাম কৰাৰ বাবে শুদ্ধ অন্তকৰণেৰে ৰাজনীতিত প্ৰৱেশ কৰিছো ৷

ৰাইজে সহায় কৰিলে যিবোৰ কাম ৰাজনীতিৰ লগত জড়িত নোহোৱাকৈ কৰিবলৈ পৰা নেযায় সেইবোৰ কাম কৰি যাম ৷ তেওঁ কয় যে মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অহা নাই আৰু কাৰোবাক জয়ী কৰিবলৈকো বা হৰুৱাবলৈকো অহা নাই ৷ মোৰ এটা নিজৰ চিবাৰ বিৱেচনা আছে আৰু সেই হিচাপে ৰাজনীতিত প্ৰৱেশ কৰিছো ৷ তেওঁ আৰু কয় যে ৰাইজৰ হৈ কাম কৰিবলৈ ইচ্ছা থাকিলে ৰাজনীতিও এটা পদ্ধতি হ’ব পাৰে আৰু ৰাজনীতত থাকি সামাজৰ বহু মানুহৰ কল্যাণ কৰিব পাৰি ৷

তাৰোপৰি ধন নহলে ৰাজনীতি কৰিব নোৱাৰা কথাটো সমৰ্থন নকৰি কয় যে মোকো বিভিন্নজনে কৈছে যে ৰাজনীতিত প্ৰৱেশ কপিবলৈ হলে কোটি কোটি টকা খৰচ কৰিব পাৰিব লাগিব ৷ হয়, মোৰ একো নাই ৷ আনকি মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰয়োজনীয় ধনখিনিও মোৰ সমৰ্থক আৰু শুভাকাংক্ষীসকলে জমা দিছে ৷ কিন্তু এয়া তাৰ এটা দৃষ্টান্ত ৷ প্ৰাৰ্থীগৰাকীয়ে সাধাৰণ মানুহৰ অধিকাৰ, সুৰক্ষা আৰু মৰ্যদাৰ ওপৰতো গুৰুত্বাৰোপ কৰে ৷ তেওঁ নিৰ্বাচনত জয়ী হলে প্ৰথমতে যুৱকসকলৰ কাৰণে আৰ্থ সামাজিক উন্নয়ন,মহিলাসকলৰ সুৰক্ষা, ভ্ৰষ্টাচাৰ নিৰ্মূলৰ বাবে কাম কৰিব বুলিও কয় ৷

পিছে এওঁলোকৰ মনৰ আশা সফল কৰিবলৈ ভোটাৰ ৰাইজে সহায় কৰিবনে ? নিৰ্বাচনত জয়- পৰাজয় থাকেই ৷ কিন্তু এই মনোভাৱ তথা ইচ্ছ্যুলৈ এইদৰে ৰাজনীৰ পথাৰলৈ প্ৰাৰ্থীৰ আগমণ ঘটাটো বৰ্তমান সময়ত নিশ্চয়কৈ আদৰণীয় ৷ প্ৰলোভন আৰু বোকা ছটিওৱা ৰাজনীতিৰে অধিকাংশ দলৰ প্ৰাৰ্থীয়ে বৰ্তমান পৰিৱেশ বিনষ্ট কৰি অহাৰ সময়ত এনে প্ৰাৰ্থীৰো যে সমাজত প্ৰয়োজন ভোটাৰ ৰাইজে নিশ্চয় এবাৰ অনুধাৱন কৰিব ৷

Related Articles