Terrorists Attack Army Vehicle: জম্মু-কাশ্মীৰত সেনাৰ বাহনত সন্ত্ৰাসবাদীৰ আক্ৰমণ; দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে আহত তিনি সেনা জোৱান

বাৰামুল্লা, ২৫ অক্টোবৰ: জম্মু-কাশ্মীৰৰ গুলমাৰ্গৰ বুটাপাথ্ৰিৰ নাগিন অঞ্চলৰ কাষতে অৱস্থিত এল অ’ চিৰ(Line of Control) সমীপত ভাৰতীয় সেনাৰ এখন বাহনত সন্ত্ৰাসবাদীৰ দলে আক্ৰমণ চলাই (Terrorists Attack Army Vehicle)। বৃহস্পতিবাৰে সংঘটিত এই আক্ৰমণত দুজন পৰ্টাৰ নিহত(Army porter killed) হোৱাৰ বিপৰীতে তিনিজন সেনা জোৱান আহত হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । আহত জোৱান তিনিজনৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি উল্লেখ কৰি ঘটনাস্থলীলৈ অতিৰিক্ত জোৱান প্ৰেৰণ কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ।

“১৮ নং ৰাষ্ট্ৰীয় ৰাইফলছৰ (18 Rashtriya Rifles) বাহনখন বুটাপথৰৰ পৰা গৈ থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে বাহনখনলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰিছিল। এই আক্ৰমণত চাৰিৰ পৰা পাঁচজন জোৱান আহত হোৱা বুলি প্ৰথমিক প্ৰতিবেদনত প্ৰকাশ পাইছিল যদিও শেহতীয়াকৈ পোৱা তথ্য অনুসৰি, সেনাৰ বাহনখনত জোৱানসকলৰ লগত থকা দুজন পৰ্টাৰ নিহত হোৱাৰ বিপৰীতে তিনিজন সেনা জোৱান গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে, এই আক্ৰমণৰ পিছতেই নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলটোত আক্ৰমণকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে। বাৰামুল্লা আৰক্ষীয়ে এক বিবৃতিযোগে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজৰ এই গুলীচালনাৰ ঘটনাৰ কথা নিশ্চিত কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, “বাৰামুল্লা জিলাৰ নাগিন পোষ্টৰ সমীপৰ বুটাপাথ্ৰি খণ্ড(Butapathri sector)ত সেনাবাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ এটা ঘটনা সংঘটিত হয়। আমাৰ হাতলৈ অহা তথ্যসমূহ পৰীক্ষা কৰাৰ অন্তত অধিক বিৱৰণ শ্বেয়াৰ কৰা হ’ব।”

সন্ত্ৰাসবাদীৰ দ্বাৰা সেনাৰ বাহনত হোৱা এই আক্ৰমণৰ পিছতেই জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাক লৈ দিছে গৰিহণা । টুইটাৰৰ এটা পোষ্টত তেওঁ লিখিছে, “উত্তৰ কাশ্মীৰৰ বুটাপাথ্ৰি অঞ্চলত সেনাবাহিনীৰ বাহনত হোৱা আক্ৰমণৰ খবৰটো অত্যন্ত দুৰ্ভাগ্যজনক, যাৰ বাবে একাংশ লোক নিহত আৰু আহত হৈছে। কাশ্মীৰত শেহতীয়াকৈ সংঘটিত এই ধাৰাবাহিক আক্ৰমণ এক গভীৰ চিন্তাৰ বিষয় । মই এই আক্ৰমণক তীব্ৰ গৰিহণা দিছো আৰু নিহতসকলৰ প্ৰিয়জনৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে আঘাতপ্ৰাপ্তসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। “

জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এজন প্ৰব্ৰজিত শ্ৰমিকক ৰহস্যজনকভাৱে আহত অৱস্থাত উদ্ধাৰ হোৱাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে গুলমাৰ্গত সংঘটিত এই আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে আতংকৰ সৃষ্টি কৰিছে । উত্তৰ প্ৰদেশৰ বাসিন্দা প্ৰীতম সিং নামৰ শ্ৰমিকজন পুলৱামাৰ ট্ৰাল অঞ্চলত আহত হৈছিল যদিও আৰক্ষীয়ে ইয়াক সন্ত্ৰাসবাদী সম্পৰ্কীয় ঘটনা বুলি বৰ্তমানেও নিশ্চিত কৰা নাই।

লগতে পঢ়ক: জম্মু কাশ্মীৰত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ; আহত এজন

Related Articles