Cyclone Dana Landfall Process Complete: ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে ওৰিশাত উদ্ধাৰ অভিযান আৰম্ভ; পুনৰ মুকলি হ’ল ভুৱনেশ্বৰ বিমানবন্দৰ

ভুৱনেশ্বৰ, ২৫ অক্টোবৰ: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (Indian Meteorological Department) নিশ্চিত কৰা অনুসৰি ওড়িশা উপকূলত ভয়াৱহ ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফল প্ৰক্ৰিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে(Cyclone Dana Landfall Process Complete)। ৰাখ্যখনত পৰা ডানাৰ প্ৰভাৱৰ পৰিপেক্ষিতত ভুৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ বিমান সেৱা ২৪ অক্টোবৰৰ বিয়লিৰ পৰা বন্ধ কৰি দিয়া হৈছিল । বৰ্তমান ঘূৰ্ণীবতাহ ডানাৰ লেণ্ডফ’ল প্ৰক্ৰিয়া(Cyclonic storm Dana landfall) সম্পূৰ্ণ হৈ বতৰৰ অৱস্থা উন্নত হোৱাত শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে(Resumption of flight operation at Bhubaneswar airport) ।

প্ৰথম অৱস্থাত শুকুৰবাৰে পুৱা ৯ বজালৈকে বিমানবন্দৰৰ কাম-কাজ বন্ধ ৰখাৰ কথা আছিল যদিও উন্নত বতৰৰ পৰিপেক্ষিতত ৯ বজাৰ পূৰ্বৰে পৰাই পুনৰ আৰম্ভ কৰা হয় বুলি বিমানবন্দৰটোৰ সঞ্চালক প্ৰসন্ন প্ৰধানে নিশ্চিত কৰিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি পুৱা ৮.২৩ বজালৈকে লেণ্ডফ’ল প্ৰক্ৰিয়া চলি অৱশেষত ই ভূখণ্ডত প্ৰৱেশ কৰিছে। ভূখণ্ডত এই প্ৰক্ৰিয়াটো আৰু এঘণ্টা বা দুঘণ্টা ধৰি চলি থাকিব বুলি আশা কৰা হৈছিল । পূৰ্বানুমান অনুসৰি, ঘূৰ্ণীবতাহ ডানাই উত্তৰ ওড়িশাৰ মাজেৰে উত্তৰ-পশ্চিম দিশলৈ গতি কৰাৰ লগে লগে ই ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ ইংগিত পোৱা গৈছিল। অৱশ্যে পাৰাদ্বীপৰ ডপলাৰ ৰাডাৰৰ জৰিয়তে সমগ্ৰ পৰিস্থিতিক অবিৰতভাৱে নিৰীক্ষণ কৰি থকা হৈছে।

ইফালে ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (National Disaster Response Force) আৰু ওড়িশা দুৰ্যোগ দ্ৰুত কাৰ্য্য বাহিনী (Odisha Disaster Rapid Action Force)ৰ দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পুনৰুদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ কৰিছে । অভিযানকাৰী দলে উপকূলীয় জিলাসমূহৰ পথসমূহত উভালি পৰা গছবোৰ আঁতৰাই মূকলি কৰিছে পথসমূহ । ভদ্ৰক জিলাৰ তত্বাৱধানত থকা ওড়িশাৰ উচ্চ শিক্ষা মন্ত্ৰী সূৰ্যবংশী ছুৰাহে কোনো লোক হতাহতি হোৱাৰ খবৰ নিদিলেও বিভিন্ন স্থানত গছ উভালি পৰাৰ ফলত বিদ্যুৎ বিভাগৰ যথেষ্ট ক্ষতি হোৱা বুলি উল্লেখ কৰিছে ।

আনহাতে কেন্দ্ৰপাৰ জিলাৰ ৰাজনগৰৰ তহচিলদাৰ অজয়​মহান্তিয়ে ভিতৰকানিকা অঞ্চলত হোৱা নূন্যতম ক্ষতিৰ কথা উল্লেখ কৰি অঞ্চলটোত কিছু গছ উভালি পৰাৰ লগতে বহুকেইটা খেৰৰ ঘৰ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিছে। ইফালে বতাহৰ গতিবেগ ঘণ্টাত ৮০ৰ পৰা ৯০ কিলোমিটাৰলৈ হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে যদিও বৰষুণ অব্যাহত আছে । তাৰোপৰি বৃহস্পতিবাৰে নিশা অহা জোৱাৰ-ভাটাৰ সময়ত সাগৰৰ পানীয়ে কিছুমান জলাশয় আৰু নিম্ন অঞ্চল প্লাৱিত হোৱাৰ খবৰ পোৱা গৈছে ।

উল্লেখ্য যে, ৰাজ্যখনৰ ভদ্ৰকৰ চন্দাবালীত ৬ ঘণ্টাৰ ভিতৰত সৰ্বাধিক ১৩১.৬ মিলিমিটাৰ বৰষুণ হোৱাৰ বিপৰীতে বালাচৌৰত ৪২.৮ মিলিমিটাৰ বৰষুণ হৈছিল।

লগতে পঢ়ক: Cyclone Dana updates: উপকূলীয় ৰাজ্য ওড়িশাত অৱতৰণ সাগৰীয় ঘূৰ্ণীবতাহ ডানা

Related Articles