Suvidha 2.0 Mobile App: নিৰ্বাচন আয়োগে সুশৃংখল প্ৰচাৰৰ অনুমতিৰ বাবে নতুনকৈ মুকলি কৰিলে উন্নীত Suvidha 2.0 মোবাইল এপ্প

নতুন দিল্লী, ২৫ অক্টোবৰ: বৃহস্পতিবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে(Election Commission of India) উন্নীত Suvidha 2.0 মোবাইল এপ্পটো পুনৰ মুকলি কৰে, যাৰ দ্বাৰা আয়োগে প্ৰাৰ্থী আৰু দলসমূহক প্ৰচাৰ সম্পৰ্কীয় অনুমতি প্ৰদান কৰিব । এই এপ্পটোৰ দ্বাৰা মোবাইল ব্যৱহাৰকাৰীসকলে অনুমতি, ষ্টেটাছ ট্ৰেক আৰু ডাউনলোড অনুমোদন কৰিবলৈ আবেদন কৰিব পাৰিব(Suvidha 2.0 Mobile App) ।

এটা চৰকাৰী বিবৃতি অনুসৰি, প্ৰাৰ্থী আৰু দলসমূহে এতিয়া আৰু অধিক সুবিধাৰ বাবে নতুন আৰু উন্নীত Suvidha 2.0 মোবাইল এপ্লিকেচনতো প্ৰচাৰ সম্পৰ্কীয় অনুমতিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ পূৰ্বে প্ৰাৰ্থী আৰু দলসমূহে মোবাইল এপ্পত কেৱল ষ্টেটাছ ট্ৰেক কৰি অনুমোদন ডাউনলোড কৰিব পাৰিছিল আৰু অনুমতি বিচৰাৰ বাবে আবেদন কেৱল অফলাইন মোড বা ৱেব ভিত্তিক পৰ্টেলৰ জৰিয়তেহে কৰিব পাৰিছিল।

শেহতীয়াকৈ আপগ্ৰেড কৰা SUVIDHA এপ্পটোৰ জড়িয়তে এতিয়া প্ৰাৰ্থী আৰু দলসমূহে প্ৰচাৰ সম্পৰ্কীয় সকলো অনুমতি, ষ্টেটাছ ট্ৰেক আৰু ডাউনলোড কৰাৰ লগতে প্ৰেছ নোটৰ দৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ বিভিন্ন আপডেট আৰু শেহতীয়া নিৰ্দেশনা/অৰ্ডাৰ আদি আঙুলিৰ মূৰতে পাবলৈ সক্ষম হ’ব । ফাৰ্ষ্ট ইন ফাৰ্ষ্ট আউট নীতিত কাম কৰা এই প্লেটফৰ্মটোৱে স্বচ্ছ অনুমতি প্ৰদান নিশ্চিত কৰাৰ লগতে যিকোনো বৈষম্য নোহোৱাত সহায় কৰিব ।

নতুন এপ্পটো মুকলি কৰাৰ সময়ত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে(CEC Rajiv Kumar) কয় যে, আয়োগে এটা নিৰ্বাচনত প্ৰাৰ্থী আৰু দলসমূহৰ বাবে এক সমতাপূৰ্ণ সুযোগ প্ৰদান কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে অহৰহ প্ৰচেষ্টা কৰি অহা হৈছে আৰু Suvidha 2.0 এপ্পটো হৈছে প্ৰযুক্তিৰ সহায়ত এক শক্তিশালী নিৰ্বাচনৰ দিশত আগবঢ়োৱাৰ আন এক উল্লেখযোগ্য পদক্ষেপ । নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীসকলে এতিয়াৰ পৰা সহজেই মোবাইলৰ পৰাই অনুমতিৰ আবেদন আৰু ষ্টেটাছ ট্ৰেক কৰিব পাৰিব।

Suvidha 2.0 মোবাইল এপ্পটোৰ জৰিয়তে প্ৰচাৰ সম্পৰ্কীয় যিকোনো অনুমতিৰ বাবে আবেদন কৰিবলৈ প্ৰয়োজনীয় আবেদন প্ৰ-পত্ৰ, ঘোষণাপত্ৰ আৰু অন্যান্য নথি-পত্ৰ ডাউনলোড কৰিব পৰা যাব। আবেদন সম্পন্ন হোৱাৰ পিছত এটা ৰেফাৰেন্স আইডি প্ৰদান কৰা হ’ব, যিয়ে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ আবেদনৰ ষ্টেটাছ ট্ৰেক কৰাত সহায় কৰিব। অনুমতিৰ আবেদনৰ ওপৰত আয়োগে সিদ্ধান্ত লোৱাৰ পিছত সেই আবেদনৰ অৰ্ডাৰৰ কপিও এপ্পটোৰ পৰা ডাউনলোড কৰিব পাৰিব।

এই এপ্পটোৱে ব্যৱহাৰকাৰীক আন বহুকেইটা বৈশিষ্ট্য যেনে মনোনয়নৰ ষ্টেটাছ ট্ৰেক, নিৰ্বাচনৰ সময়সূচী আৰু নিয়মীয়া আপডেট ট্ৰেক কৰা আদিৰ দ্বাৰা সুবিধা প্ৰদান কৰা হ’ব যিবোৰ পূৰ্বতে কেৱল ইচিআইৰ ৱেবছাইটতহে(ECI website) উপলব্ধ আছিল।

লগতে পঢ়ক: Canvaই মুকলি কৰিলে ড্ৰিম লেব AI ইমেজ জেনেৰেটৰ , ভিজুৱেল ছুইটত সংযোগ বহুকেইটা নতুন ফিচাৰ্ছ

Related Articles