National Film Festival 2024: জ্যোতি চিত্ৰবনত ২৬ অক্টোবৰৰ পৰা চলচ্চিত্ৰমৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰম মহোৎসৱ

গুৱাহাটী, ২৫ অক্টোবৰ: চলচ্চিত্ৰৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰাৰ লগতে ভাৰতৰ কেবাহাজাৰ বৰ্ষ পুৰণি সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি আয়োজিত অষ্টম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৪ৰ(National Film Festival 2024) ২৬ আৰু ২৭ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত ৫০খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে(Jyoti Chitraban)।

প্ৰতিযোগিতামূলক আৰু অনা-প্ৰতিযোগিতামূলক এই দুই শাখাত ছবিসমূহ প্ৰদৰ্শিত হ’ব। বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান “চলচ্চিত্ৰম”ৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ মূল বিষয়বস্তু হৈছে “আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ”(Our Heritage Our Pride)।

মূল বিষয়বস্তুৰ উপৰি এই মহোৎসৱত ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ, পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱা সকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিবেশ আদি বিষয়কো প্ৰাধান্য দিয়া হৈছে।

২৬ অক্টোবৰত চলচ্চিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই(Chalchitram)৷ অনুষ্ঠানত উপস্হিত থাকিব ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাই৷ মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হ’ব প্ৰবাল খাউণ্ড পৰিচালিত আৰু গোপাল জালান আৰু ধ্ৰুৱজ্যোতি কাকতি প্ৰযোজিত ছবি “দ্য লাষ্ট জেনেৰেশ্যন”(The Last Generation)।

প্ৰতিযোগিতামুলক(উত্তৰ-পূব) শিতানৰ বাবে কেবাখনো মনোগ্ৰাহী ছবি বাচনি কৰা হৈছে। বীৰুবালা-দ্য ক্ৰূছেদৰ (ধীৰাজ কাশ্যপ), প্ৰয়োজন (কৃষ্ণ দাস), দ্য বুৎচাৰ (তাচী ৱাংচু এম জে), ৰং নাম্বাৰ (বিজিত বৰগোহাঁই), জাৰ্নী উইথ এ ডেন্স ফৰ্ম (প্ৰাঞ্জল প্ৰতীম চেতিয়া), আদি শক্তি মা কামাখ্যা (প্ৰদীপ চন্দ্ৰ শৰ্মা), হেভেন অন দ্যা আৰ্থ (প্ৰশান্ত কলিতা), এ চীলভান চাগা (জ্যোতি প্ৰসাদ দাস), ৰাইজিং চানবাৰ্ড্‌চ (সুদেষ্ণা গুপ্তা), দ্য কেয়াৰটেকাৰ (বিশ্বজিৎ দাস), মিছিং কুইজিন (প্ৰাঞ্জল প্ৰতীম চেতিয়া) আৰু টীন্‌চ অৱ নাইন্‌টিন ফ’ৰ্‌টি টু (সমীৰণ ডেকা)।

আনহাতে, অনা-প্ৰতিযোগিতামুলক শিতানত বিয়িং বল্ড (কৃষ্ণ দাস), গৰিশালী (অসমী শৰ্মা), বিচিত্ৰ (তুহীন কণ্যা বৰা), ডেষ্টিনেশ্যন (দীপক কুমাৰ ৰয়), আৰু একাকী (ৰূপম জ্যোতি মালাকাৰ) আদি ছবিসমূহ প্ৰদৰ্শিত হ’ব।

ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক শিতানত মাই নেশ্যনেল ফ্লেগ (শ্বেতা কুমাৰ দাস), স্বচ্ছতম (মোনাক্ষ এন কানিৰ্কাৰ), জশৱান্ধা (ছ’নিল য়ালাট্টিকাৰ), নিম্বু মিৰ্চি (অতুল সুভাষৰাও কাম্বলে), টাইনী ৱৰ্ল্ড (শশীধৰ কোটে), এ লেটাৰ টু মাই হোম (দেৱজানী হালডাৰ), সুন্দৰবন (অৰিন্দম কোনাৰ আৰু শ্যাম সুন্দৰ পাল), ভুখ (চৈকত বাগৱান), য়েচ চাৰ (মোহিত সিংঘাল), মাল্টি (মৃণাল মিষ্ট্ৰী), দ্য ৱেইটিং (ললিত কুমাৰ ঝা আৰু সুমিত কোহলী), মাইনাচ (অৰিত্ৰ দাস), উমা (অৱন্তি সিন্‌হা), দ্য ভিলেজ অৱ মাস্ক্‌চ (ঋতবৃত মিত্ৰ), প্ৰ’মিজ (ৰৱিকান্ত নাৰায়ণ), ৰেইনব’ ক্লাছৰূম (মাধুৰ্য অলংকাৰ), বিন বয় (বোধ্যায়ন মুখাৰ্জী),

আৰু দ্য লাষ্ট টক (আশীষ ঠাকুৰ) -এইকেইখন ছবি প্ৰদৰ্শিত হ’ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনা-প্ৰতিযোগিতামুলক শিতানত প্ৰদৰ্শিত হ’ব গড্‌চ অব ক্লে- মাটিৰ ঠাকুৰ (অমিত ভট্টাচাৰ্য), ৰিজাৰ্ভ ৱ’মেন ৰাইট (বিজয় কুমাৰ ডোগ্ৰা), ৰাহ মে উনচে (হৰ্ষ পানছলৱাৰ), চাগাৱৰম (দীনেশ বালাশ্ৰী), ডেনিচ এণ্ড হিজ কাম্বালা বাফেলো (প্ৰৱীংক চেট্টী আৰু নীতেশ আঞ্চন), লিটল এক্সপ্লোৰাৰ (চাপ্ৰু ভিভি), এয়াৰ পলিউশ্যন (উমেশ ওৱাই গৌৰৱ), ব্লেক হ’ল (প্ৰদ্যুম্ন), আই এম নট ডাউন (জ্যোতি মাদনানি), খেৰা- দ্য লক্ষ্মী অৱ ছিল্কা (সুদেষ্ণা গুপ্তা), উইম্‌ডাৰমীৰ কী ৰামলীলা (সিদ্ধাৰ্থ ৰাৱাল), ষ্টেটাচ (মদন আৰ কাৰ্তিক), প্ৰূফ অৱ দ্য চ’ল (গুলছন সিং), আৰু মান‌্ৱী (ইন্দ্ৰানী ঘোষ) আদি ছবি কেইখন।

সকলো চলচ্চিত্ৰ অনুগামীৰ বাবে মুকলি থাকিবলগীয়া এই মহোৎসৱ দুয়ো দিনাই পুৱা ১০ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ মুকলি থাকিব। বঁটা বিজয়ী চিত্ৰ নিৰ্মাতাসকলক সামৰণি অনুষ্ঠানত অসমৰ স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱা, ইণ্ডিয়ান ডকুমেন্টৰী প্ৰযোজক সন্হাৰ সভাপতি সংস্কাৰ দেশাই, চলচ্চিত্ৰ নিৰ্মাতা ড: সন্তোষ পাঠাৰে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত পৰিচালক যদুমণি দত্ত, মণিপুৰৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ঐনাম গৌতমৰ লগতে চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি তথা চিনেমা অনুৰাগীৰ উপস্থিতিত নগদ ধনৰ পুৰস্কাৰ, ট্ৰফী আৰু প্ৰমান পত্ৰেৰে সন্মানিত কৰা হ’ব।

আয়োজক সমিতিৰ সম্পাদক তথা বিশিষ্ট অভিনেতা ভগৱৎ প্ৰীতমে জানিবলৈ দিয়া মতে, এই মহোৎসৱৰ আয়োজনে উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা সকলক চলচ্চিত্ৰ নিৰ্মাণ অকল ধন ঘটাৰ মাধ্যম হিচাপে নহয়, সমগ্ৰ উপ-মহাদেশখনত সামাজিক পৰিবৰ্তনৰ শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব।

Related Articles