Gogoi’s Raijor Dol: গৌৰৱ গগৈক সমালোচনা, লুৰিণজ্যোতি গগৈক আহ্বান ৰাইজৰ দলৰ

গুৱাহাটী, ২৫ অক্টোবৰঃ কংগ্রেছত আনুষ্ঠানিকভাৱে যোগদান নকৰাকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰক্ষেপক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাৰ সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে ৰাইজৰ দল(Gogoi’s Raijor Dol)৷ শুকুৰবাৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে শিৱসাগৰ জিলাৰ ডিমৌ প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে৷

নেতাজনে সংবাদ মেল সম্বোধন কৰি সাংবাদিকৰ আগত অভিযোগ কৰি কয় যে কংগ্ৰেছে শাসকীয় এজনৰ বিপৰীতে বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থীৰ নেৰেটিভ ৰচনাৰে আদৰ্শগত আৰু মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী অসমৰ জনগণক গৌৰৱ গগৈ(Gaurov Gogoi) আৰু ভূপেন বৰাৰ নেতৃত্বত এখন ৰাজনৈতিক নীলা ছবি উপহাৰ দিলে৷

জনগণৰ মাজত বিজেপিৰ প্ৰতি খং, ক্ষোভ আৰু মোহভংগ পৰিৱেশৰ মৃদু বতাহ বলিবলৈ আৰম্ভ কৰিছে তেনে সময়তে কংগ্ৰেছ নেতৃত্বই জনগণৰ কংগ্ৰেছ দলৰ প্ৰতি বৃদ্ধি পোৱা জনসমৰ্থন তথা আস্হাৰ বহিঃপ্ৰকাশ বুলি ভাবি চুড়ান্ত অহংকাৰী হৈছে। কংগ্রেছে অসমৰ জনগণৰ আহ্বানক অনুধাৱন কৰিব পৰা নাই আৰু নোৱাৰে৷ নেতাজনে লগতে কয় যে কংগ্ৰেছ দলত প্ৰাৰ্থীৰ টিকট বিক্ৰী হয়৷সাধাৰণ সম্পাদকৰ পদবী বিক্ৰী হয় দহ লাখ টকাত৷

তদুপৰি নেতাজনে বিস্ফোৰক অভিযোগ কৰি কয় যে কংগ্ৰেছ নেতৃত্বই কিছুদিনৰপৰা নিৰ্বাচনৰ প্ৰাকক্ষণত জয়ী হোৱাৰ সম্ভাৱনা থকা প্ৰাৰ্থী আচিলাৰে মিত্ৰদলসমূহৰ নিৰ্বাচনী ৰণনীতি বিক্ৰী কৰে৷ ২০২১ চনত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত তেতিয়াৰ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত বিৰোধী ঐক্যৰ নিৰ্বাচন কেন্দ্ৰীক ৰণনীতি বিক্ৰী কৰি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিলে৷

সদ্য ঘোষিত হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰাৰ লগতে শেহতীয়াকৈ বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত আচিলা হিচাপে লৈ অসম সন্মিলিত মৰ্চাই ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনকলৈ শাসকীয় দলৰ এজনৰ বিপৰীতে বিৰোধী ঐক্যৰ এজন প্ৰাৰ্থীৰ যি ৰণনীতি প্ৰস্তুত কৰা হৈছিল সেই ৰণনীতি কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিক্ৰী কৰিলে(Lurinjyoti Gogoi)৷

গৌৰৱ গগৈৰ এনে কাৰ্যই তেওঁক এজন এককেন্দ্ৰিক, অহংকাৰী, অকৃতজ্ঞ আৰু নুন্যতম সৌজন্যতাবোধ নথকা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিলে৷ সংবাদমেলত নেতাজনে পুনৰ অভিযোগ কৰি কয় যে বিজেপি অসমৰ বাবে যেনেদৰে ক্ষতিকাৰক ঠিক তেনেকৈ কংগ্ৰেছ দলো ক্ষতিকাৰক৷ কিন্ত সাম্প্ৰদায়িক, ফেচিষ্ট আৰু দেশৰ একতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বিজেপিক এই মূহূৰ্তত ক্ষমতাচ্যুত কৰাৰ প্ৰয়োজনীয়তাৰ বাবেহে আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছিলোঁ৷ কিন্ত এইক্ষেত্ৰত ৰাইজৰ দল দূৰ্বল নহয়৷ অসমত এতিয়াও ঐক্যবদ্ধ, প্ৰগতিশীল, আঞ্চলিক, জাতীয়তাবাদৰ ৰাজনৈতিক শক্তিয়ে অকলেই চৰকাৰ গঠন কৰাৰ ৰাজনৈতিক পৰিৱেশ আছে৷ এইক্ষেত্ৰত নেতাজনে পুনৰবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈক ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ একত্ৰিত হ’বলৈ আহ্বান জনায়৷আজিৰ সংবাদ মেলত ৰাইজৰ দলৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক দীপক কোঁৱৰ, ডিমৌ সমষ্টিৰ জেষ্ঠ নেতা মৃণালৰজ্ঞন গগৈ উপস্থিত থাকে।

Related Articles